< ইসাইয়া 7 >
1 ১ উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে।
웃시야의 손자요 요담의 아들인 유다 왕 아하스 때에 아람 왕 르신과 르말리야의 아들 이스라엘왕 베가가 올라와서 예루살렘을 쳤으나 능히 이기지 못하니라
2 ২ সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।
혹이 다윗집에 고하여 가로되 아람이 에브라임과 동맹하였다 하였으므로 왕의 마음과 그 백성의 마음이 삼림이 바람에 흔들림 같이 흔들렸더라
3 ৩ তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা।
때에 여호와께서 이사야에게 이르시되 너와 네 아들 스알야숩은 윗못 수도 끝 세탁자의 밭 큰 길에 나가서 아하스를 만나
4 ৪ আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব।
그에게 이르기를 너는 삼가며 종용하라 아람 왕 르신과 르말리야의 아들이 심히 노할지라도 연기나는 두 부지깽이 그루터기에 불과하니 두려워 말며 낙심치 말라
5 ৫ অৰাম, ইফ্ৰয়িম, আৰু ৰমলিয়াৰ পুত্রই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে,
아람과 에브라임 왕과 르말리야의 아들이 악한 꾀로 너를 대적하여 이르기를
6 ৬ “আহাঁ, আমি যিহূদাক আক্রমণ কৰোঁ, তেওঁক আতঙ্কিত কৰোঁ, আৰু পৰাজয় কৰি তাত টাবেলৰ পুত্ৰক আমাৰ ৰজা পাতো।”
우리가 올라가 유다를 쳐서 그것을 곤하게 하고 우리를 위하여 그것을 파하고 다브엘의 아들을 그 중에 세워 왕을 삼자 하였으나
7 ৭ প্ৰভু যিহোৱাই কৈছে, “এইটো স্থাপন নহ’ব, আৰু কৰা নহ’ব,
주 여호와의 말씀에 이 도모가 서지 못하며 이루지 못하리라
8 ৮ কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়ষষ্ঠি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব।
대저 아람의 머리는 다메섹이요 다메섹의 머리는 르신이며 에브라임의 머리는 사마리아요 사마리아의 머리는 르말리야의 아들이라도 육십 오년 내에 에브라임이 패하여 다시는 나라를 이루지 못하리라 만일 너희가 믿지 아니하면 정녕히 굳게 서지 못하리라하셨다 할지니라
9 ৯ আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’”
(8절과 같음)
10 ১০ যিহোৱাই পুনৰ আহজক ক’লে,
여호와께서 또 아하스에게 일러 가라사대
11 ১১ “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ পৰা এটা চিন খোজা; অধ: স্থান বা উৰ্দ্ধস্থানত তাক খোজা।” (Sheol )
너는 네 하나님 여호와께 한 징조를 구하되 깊은 데서든지 높은데서든지 구하라 (Sheol )
12 ১২ কিন্তু আহজে ক’লে, “মই নোখোজোঁ, অথবা মই যিহোৱাক পৰীক্ষাও নকৰোঁ।”
아하스가 가로되 나는 구하지 아니하겠나이다 나는 여호와를 시험치 아니하겠나이다 한지라
13 ১৩ সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
이사야가 가로되 다윗의 집이여 청컨대 들을지어다 너희가 사람을 괴롭게 하고 그것을 작은 일로 여겨서 또 나의 하나님을 괴로우시게 하려느냐
14 ১৪ এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব।
그러므로 주께서 친히 징조로 너희에게 주실 것이라 보라 처녀가 잉태하여 아들을 낳을 것이요 그 이름을 임마누엘이라 하리라
15 ১৫ যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব।
그가 악을 버리며 선을 택할 줄 알 때에 미쳐 뻐터와 꿀을 먹을 것이라
16 ১৬ কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব।
대저 이 아이가 악을 버리며 선을 택할 줄 알기 전에 너의 미워하는 두 왕의 땅이 폐한바 되리라
17 ১৭ যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।”
여호와께서 에브라임이 유다를 떠날 때부터 당하여 보지 못한 날을 너와 네 백성과 네 아비 집에 임하게 하시리니 곧 앗수르 왕의 오는 날이니라
18 ১৮ সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব।
그 날에는 여호와께서 애굽 하수에서 먼 지경의 파리와 앗수르 땅의 벌을 부르시리니
19 ১৯ সেইবোৰ সকলো আহিব আৰু সকলো সঙ্কীর্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত, আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব।
다 와서 거친 골짜기와 바위틈과 가시나무 울타리와 모든 초장에 앉으리라
20 ২০ সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব।
그 날에는 주께서 하수 저편에서 세내어 온 삭도 곧 앗수르 왕으로 네 백성의 머리털과 발털을 미실 것이요 수염도 깎으시리라
21 ২১ সেই দিনা এজন মানুহে এজনী চেঁউৰী গৰু আৰু দুজনী ভেৰা জীয়াই ৰাখিব,
그 날에는 사람이 한 어린 암소와 두 양을 기르리니
22 ২২ সিহঁতে দিয়া প্রচুৰ পৰিমানৰ গাখীৰৰ পৰা তেওঁ দৈ খাব; কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব।
그 내는 젖이 많으므로 뻐터를 먹을 것이라 무릇 그 땅 가운데 남아 있는 자는 뻐터와 꿀을 먹으리라
23 ২৩ সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।
그 날에는 천 주에 은 일천개의 가치 되는 포도나무 있던 곳마다 질려와 형극이 날 것이라
24 ২৪ মানুহে তালৈ কাঁড়-ধনু লৈ চিকাৰ কৰিবলৈ যাব; কাৰণ সমগ্র দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ’ব।
온 땅에 질려와 형극이 있으므로 살과 활을 가지고 그리로 갈 것이요
25 ২৫ যিবোৰ পাহাৰ কোৰমাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব; কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ’ব।
보습으로 갈던 산에도 질려와 형극 까닭에 두려워서 그리로 가지 못할 것이요 그 땅은 소를 놓으며 양의 밟는 곳이 되리라