< ইসাইয়া 7 >

1 উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে।
וַיְהִי בִּימֵי אָחָז בֶּן־יוֹתָם בֶּן־עֻזִּיָּהוּ מֶלֶךְ יְהוּדָה עָלָה רְצִין מֶֽלֶךְ־אֲרָם וּפֶקַח בֶּן־רְמַלְיָהוּ מֶֽלֶךְ־יִשְׂרָאֵל יְרוּשָׁלִַם לַמִּלְחָמָה עָלֶיהָ וְלֹא יָכֹל לְהִלָּחֵם עָלֶֽיהָ׃
2 সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।
וַיֻּגַּד לְבֵית דָּוִד לֵאמֹר נָחָֽה אֲרָם עַל־אֶפְרָיִם וַיָּנַע לְבָבוֹ וּלְבַב עַמּוֹ כְּנוֹעַ עֲצֵי־יַעַר מִפְּנֵי־רֽוּחַ׃
3 তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা।
וַיֹּאמֶר יְהוָה אֶֽל־יְשַׁעְיָהוּ צֵא־נָא לִקְרַאת אָחָז אַתָּה וּשְׁאָר יָשׁוּב בְּנֶךָ אֶל־קְצֵה תְּעָלַת הַבְּרֵכָה הָעֶלְיוֹנָה אֶל־מְסִלַּת שְׂדֵה כוֹבֵֽס׃
4 আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব।
וְאָמַרְתָּ אֵלָיו הִשָּׁמֵר וְהַשְׁקֵט אַל־תִּירָא וּלְבָבְךָ אַל־יֵרַךְ מִשְּׁנֵי זַנְבוֹת הָאוּדִים הָעֲשֵׁנִים הָאֵלֶּה בָּחֳרִי־אַף רְצִין וַאֲרָם וּבֶן־רְמַלְיָֽהוּ׃
5 অৰাম, ইফ্ৰয়িম, আৰু ৰমলিয়াৰ পুত্রই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে,
יַעַן כִּֽי־יָעַץ עָלֶיךָ אֲרָם רָעָה אֶפְרַיִם וּבֶן־רְמַלְיָהוּ לֵאמֹֽר׃
6 “আহাঁ, আমি যিহূদাক আক্রমণ কৰোঁ, তেওঁক আতঙ্কিত কৰোঁ, আৰু পৰাজয় কৰি তাত টাবেলৰ পুত্ৰক আমাৰ ৰজা পাতো।”
נַעֲלֶה בִֽיהוּדָה וּנְקִיצֶנָּה וְנַבְקִעֶנָּה אֵלֵינוּ וְנַמְלִיךְ מֶלֶךְ בְּתוֹכָהּ אֵת בֶּן־טָֽבְאַֽל׃
7 প্ৰভু যিহোৱাই কৈছে, “এইটো স্থাপন নহ’ব, আৰু কৰা নহ’ব,
כֹּה אָמַר אֲדֹנָי יְהוִה לֹא תָקוּם וְלֹא תִֽהְיֶֽה׃
8 কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়ষষ্ঠি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব।
כִּי רֹאשׁ אֲרָם דַּמֶּשֶׂק וְרֹאשׁ דַּמֶּשֶׂק רְצִין וּבְעוֹד שִׁשִּׁים וְחָמֵשׁ שָׁנָה יֵחַת אֶפְרַיִם מֵעָֽם׃
9 আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’”
וְרֹאשׁ אֶפְרַיִם שֹׁמְרוֹן וְרֹאשׁ שֹׁמְרוֹן בֶּן־רְמַלְיָהוּ אִם לֹא תַאֲמִינוּ כִּי לֹא תֵאָמֵֽנוּ׃
10 ১০ যিহোৱাই পুনৰ আহজক ক’লে,
וַיּוֹסֶף יְהוָה דַּבֵּר אֶל־אָחָז לֵאמֹֽר׃
11 ১১ “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ পৰা এটা চিন খোজা; অধ: স্থান বা উৰ্দ্ধস্থানত তাক খোজা।” (Sheol h7585)
שְׁאַל־לְךָ אוֹת מֵעִם יְהוָה אֱלֹהֶיךָ הַעְמֵק שְׁאָלָה אוֹ הַגְבֵּהַּ לְמָֽעְלָה׃ (Sheol h7585)
12 ১২ কিন্তু আহজে ক’লে, “মই নোখোজোঁ, অথবা মই যিহোৱাক পৰীক্ষাও নকৰোঁ।”
וַיֹּאמֶר אָחָז לֹא־אֶשְׁאַל וְלֹֽא־אֲנַסֶּה אֶת־יְהוָֽה׃
13 ১৩ সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
וַיֹּאמֶר שִׁמְעוּ־נָא בֵּית דָּוִד הַמְעַט מִכֶּם הַלְאוֹת אֲנָשִׁים כִּי תַלְאוּ גַּם אֶת־אֱלֹהָֽי׃
14 ১৪ এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব।
לָכֵן יִתֵּן אֲדֹנָי הוּא לָכֶם אוֹת הִנֵּה הָעַלְמָה הָרָה וְיֹלֶדֶת בֵּן וְקָרָאת שְׁמוֹ עִמָּנוּ אֵֽל׃
15 ১৫ যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব।
חֶמְאָה וּדְבַשׁ יֹאכֵל לְדַעְתּוֹ מָאוֹס בָּרָע וּבָחוֹר בַּטּֽוֹב׃
16 ১৬ কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব।
כִּי בְּטֶרֶם יֵדַע הַנַּעַר מָאֹס בָּרָע וּבָחֹר בַּטּוֹב תֵּעָזֵב הָאֲדָמָה אֲשֶׁר אַתָּה קָץ מִפְּנֵי שְׁנֵי מְלָכֶֽיהָ׃
17 ১৭ যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।”
יָבִיא יְהוָה עָלֶיךָ וְעַֽל־עַמְּךָ וְעַל־בֵּית אָבִיךָ יָמִים אֲשֶׁר לֹא־בָאוּ לְמִיּוֹם סוּר־אֶפְרַיִם מֵעַל יְהוּדָה אֵת מֶלֶךְ אַשּֽׁוּר׃
18 ১৮ সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব।
וְהָיָה ׀ בַּיּוֹם הַהוּא יִשְׁרֹק יְהוָה לַזְּבוּב אֲשֶׁר בִּקְצֵה יְאֹרֵי מִצְרָיִם וְלַדְּבוֹרָה אֲשֶׁר בְּאֶרֶץ אַשּֽׁוּר׃
19 ১৯ সেইবোৰ সকলো আহিব আৰু সকলো সঙ্কীর্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত, আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব।
וּבָאוּ וְנָחוּ כֻלָּם בְּנַחֲלֵי הַבַּתּוֹת וּבִנְקִיקֵי הַסְּלָעִים וּבְכֹל הַנַּעֲצוּצִים וּבְכֹל הַנַּהֲלֹלִֽים׃
20 ২০ সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব।
בַּיּוֹם הַהוּא יְגַלַּח אֲדֹנָי בְּתַעַר הַשְּׂכִירָה בְּעֶבְרֵי נָהָר בְּמֶלֶךְ אַשּׁוּר אֶת־הָרֹאשׁ וְשַׂעַר הָרַגְלָיִם וְגַם אֶת־הַזָּקָן תִּסְפֶּֽה׃
21 ২১ সেই দিনা এজন মানুহে এজনী চেঁউৰী গৰু আৰু দুজনী ভেৰা জীয়াই ৰাখিব,
וְהָיָה בַּיּוֹם הַהוּא יְחַיֶּה־אִישׁ עֶגְלַת בָּקָר וּשְׁתֵּי־צֹֽאן׃
22 ২২ সিহঁতে দিয়া প্রচুৰ পৰিমানৰ গাখীৰৰ পৰা তেওঁ দৈ খাব; কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব।
וְהָיָה מֵרֹב עֲשׂוֹת חָלָב יֹאכַל חֶמְאָה כִּֽי־חֶמְאָה וּדְבַשׁ יֹאכֵל כָּל־הַנּוֹתָר בְּקֶרֶב הָאָֽרֶץ׃
23 ২৩ সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।
וְהָיָה בַּיּוֹם הַהוּא יִֽהְיֶה כָל־מָקוֹם אֲשֶׁר יִֽהְיֶה־שָּׁם אֶלֶף גֶּפֶן בְּאֶלֶף כָּסֶף לַשָּׁמִיר וְלַשַּׁיִת יִֽהְיֶֽה׃
24 ২৪ মানুহে তালৈ কাঁড়-ধনু লৈ চিকাৰ কৰিবলৈ যাব; কাৰণ সমগ্র দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ’ব।
בַּחִצִּים וּבַקֶּשֶׁת יָבוֹא שָׁמָּה כִּי־שָׁמִיר וָשַׁיִת תִּֽהְיֶה כָל־הָאָֽרֶץ׃
25 ২৫ যিবোৰ পাহাৰ কোৰমাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব; কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ’ব।
וְכֹל הֶהָרִים אֲשֶׁר בַּמַּעְדֵּר יֵעָדֵרוּן לֹֽא־תָבוֹא שָׁמָּה יִרְאַת שָׁמִיר וָשָׁיִת וְהָיָה לְמִשְׁלַח שׁוֹר וּלְמִרְמַס שֶֽׂה׃

< ইসাইয়া 7 >