< ইসাইয়া 66 >
1 ১ যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
Yahvé dice: “El cielo es mi trono y la tierra es el escabel de mis pies. ¿Qué tipo de casa me van a construir? ¿Dónde voy a descansar?
2 ২ মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
Porque mi mano ha hecho todas estas cosas, y así se produjeron todas estas cosas”, dice Yahvé: “pero miraré a este hombre, incluso al que es pobre y de espíritu contrito, y que tiembla ante mi palabra.
3 ৩ যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
El que mata a un buey es como el que mata a un hombre; el que sacrifica un cordero, como el que le rompe el cuello a un perro; el que ofrece una ofrenda, como el que ofrece sangre de cerdo; el que quema incienso, como el que bendice a un ídolo. Sí, han elegido sus propios caminos, y su alma se deleita en sus abominaciones.
4 ৪ সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
Yo también elegiré sus engaños, y les hará pasar sus miedos, porque cuando llamé, nadie respondió; cuando hablé, no me escucharon, pero hicieron lo que era malo a mis ojos, y elegí aquello en lo que no me deleité”.
5 ৫ যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
Escucha la palabra de Yahvé, tú que tiemblas ante su palabra: “Tus hermanos que te odian, que te echaron por mi nombre, han dicho, Que Yahvé sea glorificado, para que veamos tu alegría;’ pero son los que se verán defraudados.
6 ৬ নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
Una voz de tumulto desde la ciudad, una voz desde el templo, una voz de Yahvé que devuelve a sus enemigos lo que merecen.
7 ৭ বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
“Antes de dar a luz, dio a luz. Antes de que llegara su dolor, dio a luz a un hijo.
8 ৮ এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
¿Quién ha oído hablar de algo así? ¿Quién ha visto esas cosas? ¿Nacerá una tierra en un día? ¿Debe nacer una nación de una vez? Porque tan pronto como Sion se afanó, dio a luz a sus hijos.
9 ৯ যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
¿Haré nacer y no haré nacer?”, dice Yahvé. “¿Acaso yo, que hago dar a luz, cerraré el vientre?”, dice tu Dios.
10 ১০ তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
“Alégrense con Jerusalén y gócense por ella, todos los que la aman. Alegraos con ella, todos los que lloráis por ella;
11 ১১ কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
para que amamantes y te sacies en los pechos consoladores; para que puedas beber profundamente, y se deleite con la abundancia de su gloria”.
12 ১২ কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
Porque Yahvé dice: “He aquí que yo extiendo la paz hacia ella como un río, y la gloria de las naciones como un arroyo desbordado, y tú amamantarás. Te llevarán a su lado, y se le colgará de las rodillas.
13 ১৩ যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
Como quien consuela a su madre, así que te consolaré. Serás consolado en Jerusalén”.
14 ১৪ এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
Lo verás y tu corazón se alegrará, y tus huesos florecerán como la hierba tierna. La mano de Yahvé será conocida entre sus siervos; y tendrá indignación contra sus enemigos.
15 ১৫ কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
Porque he aquí que Yahvé vendrá con fuego, y sus carros serán como un torbellino; para rendir su ira con fiereza, y su reprimenda con llamas de fuego.
16 ১৬ কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
Porque Yahvé ejecutará el juicio con fuego y con su espada sobre toda carne; y los muertos por Yahvé serán muchos.
17 ১৭ যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
“Los que se santiguan y se purifican para ir a los jardines, siguiendo a uno en medio, comiendo carne de cerdo, cosas abominables y el ratón, acabarán juntos”, dice Yahvé.
18 ১৮ কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
“Porque yo conozco sus obras y sus pensamientos. Llega el momento en que reuniré a todas las naciones y lenguas, y vendrán y verán mi gloria.
19 ১৯ মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
“Pondré una señal entre ellos, y enviaré a los que escapen de ellos a las naciones, a Tarsis, Pul y Lud, que tensan el arco, a Tubal y Javán, a islas lejanas, que no han oído mi fama ni han visto mi gloria; y ellos anunciarán mi gloria entre las naciones.
20 ২০ তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
Traerán a todos tus hermanos de todas las naciones como ofrenda a Yahvé, en caballos, en carros, en literas, en mulos y en camellos, a mi santo monte de Jerusalén, dice Yahvé, como los hijos de Israel traen su ofrenda en vasija limpia a la casa de Yahvé.
21 ২১ যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
De ellos seleccionaré también a los sacerdotes y a los levitas, dice el Señor.
22 ২২ “কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
“Porque como los cielos nuevos y la tierra nueva que haré, permanecerán ante mí — dice el Señor —, así permanecerán tu descendencia y tu nombre.
23 ২৩ যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
Sucederá que de una luna nueva a otra, y de un sábado a otro, toda la carne vendrá a adorar ante mí”, dice Yahvé.
24 ২৪ তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
“Saldrán y mirarán los cadáveres de los hombres que han prevaricado contra mí; porque su gusano no morirá, ni se apagará su fuego, y serán repugnantes para toda la humanidad.”