< ইসাইয়া 66 >

1 যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
כֹּ֚ה אָמַ֣ר יְהוָ֔ה הַשָּׁמַ֣יִם כִּסְאִ֔י וְהָאָ֖רֶץ הֲדֹ֣ם רַגְלָ֑י אֵי־זֶ֥ה בַ֙יִת֙ אֲשֶׁ֣ר תִּבְנוּ־לִ֔י וְאֵי־זֶ֥ה מָקֹ֖ום מְנוּחָתִֽי׃
2 মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
וְאֶת־כָּל־אֵ֙לֶּה֙ יָדִ֣י עָשָׂ֔תָה וַיִּהְי֥וּ כָל־אֵ֖לֶּה נְאֻם־יְהוָ֑ה וְאֶל־זֶ֣ה אַבִּ֔יט אֶל־עָנִי֙ וּנְכֵה־ר֔וּחַ וְחָרֵ֖ד עַל־דְּבָרִֽי׃
3 যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
שֹׁוחֵ֨ט הַשֹּׁ֜ור מַכֵּה־אִ֗ישׁ זֹובֵ֤חַ הַשֶּׂה֙ עֹ֣רֵֽף כֶּ֔לֶב מַעֲלֵ֤ה מִנְחָה֙ דַּם־חֲזִ֔יר מַזְכִּ֥יר לְבֹנָ֖ה מְבָ֣רֵֽךְ אָ֑וֶן גַּם־הֵ֗מָּה בָּֽחֲרוּ֙ בְּדַרְכֵיהֶ֔ם וּבְשִׁקּוּצֵיהֶ֖ם נַפְשָׁ֥ם חָפֵֽצָה׃
4 সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
גַּם־אֲנִ֞י אֶבְחַ֣ר בְּתַעֲלֻלֵיהֶ֗ם וּמְגֽוּרֹתָם֙ אָבִ֣יא לָהֶ֔ם יַ֤עַן קָרָ֙אתִי֙ וְאֵ֣ין עֹונֶ֔ה דִּבַּ֖רְתִּי וְלֹ֣א שָׁמֵ֑עוּ וַיַּעֲשׂ֤וּ הָרַע֙ בְּעֵינַ֔י וּבַאֲשֶׁ֥ר לֹֽא־חָפַ֖צְתִּי בָּחָֽרוּ׃ ס
5 যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
שִׁמְעוּ֙ דְּבַר־יְהוָ֔ה הַחֲרֵדִ֖ים אֶל־דְּבָרֹ֑ו אָמְרוּ֩ אֲחֵיכֶ֨ם שֹׂנְאֵיכֶ֜ם מְנַדֵּיכֶ֗ם לְמַ֤עַן שְׁמִי֙ יִכְבַּ֣ד יְהוָ֔ה וְנִרְאֶ֥ה בְשִׂמְחַתְכֶ֖ם וְהֵ֥ם יֵבֹֽשׁוּ׃
6 নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
קֹ֤ול שָׁאֹון֙ מֵעִ֔יר קֹ֖ול מֵֽהֵיכָ֑ל קֹ֣ול יְהוָ֔ה מְשַׁלֵּ֥ם גְּמ֖וּל לְאֹיְבָֽיו׃
7 বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
בְּטֶ֥רֶם תָּחִ֖יל יָלָ֑דָה בְּטֶ֨רֶם יָבֹ֥וא חֵ֛בֶל לָ֖הּ וְהִמְלִ֥יטָה זָכָֽר׃
8 এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
מִֽי־שָׁמַ֣ע כָּזֹ֗את מִ֤י רָאָה֙ כָּאֵ֔לֶּה הֲי֤וּחַל אֶ֙רֶץ֙ בְּיֹ֣ום אֶחָ֔ד אִם־יִוָּ֥לֵֽד גֹּ֖וי פַּ֣עַם אֶחָ֑ת כִּֽי־חָ֛לָה גַּם־יָלְדָ֥ה צִיֹּ֖ון אֶת־בָּנֶֽיהָ׃
9 যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
הַאֲנִ֥י אַשְׁבִּ֛יר וְלֹ֥א אֹולִ֖יד יֹאמַ֣ר יְהוָ֑ה אִם־אֲנִ֧י הַמֹּולִ֛יד וְעָצַ֖רְתִּי אָמַ֥ר אֱלֹהָֽיִךְ׃ ס
10 ১০ তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
שִׂמְח֧וּ אֶת־יְרוּשָׁלַ֛͏ִם וְגִ֥ילוּ בָ֖הּ כָּל־אֹהֲבֶ֑יהָ שִׂ֤ישׂוּ אִתָּהּ֙ מָשֹׂ֔ושׂ כָּל־הַמִּֽתְאַבְּלִ֖ים עָלֶֽיהָ׃
11 ১১ কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
לְמַ֤עַן תִּֽינְקוּ֙ וּשְׂבַעְתֶּ֔ם מִשֹּׁ֖ד תַּנְחֻמֶ֑יהָ לְמַ֧עַן תָּמֹ֛צּוּ וְהִתְעַנַּגְתֶּ֖ם מִזִּ֥יז כְּבֹודָֽהּ׃ ס
12 ১২ কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
כִּֽי־כֹ֣ה ׀ אָמַ֣ר יְהוָ֗ה הִנְנִ֣י נֹטֶֽה־אֵ֠לֶיהָ כְּנָהָ֨ר שָׁלֹ֜ום וּכְנַ֧חַל שֹׁוטֵ֛ף כְּבֹ֥וד גֹּויִ֖ם וִֽינַקְתֶּ֑ם עַל־צַד֙ תִּנָּשֵׂ֔אוּ וְעַל־בִּרְכַּ֖יִם תְּשָׁעֳשָֽׁעוּ׃
13 ১৩ যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
כְּאִ֕ישׁ אֲשֶׁ֥ר אִמֹּ֖ו תְּנַחֲמֶ֑נּוּ כֵּ֤ן אָֽנֹכִי֙ אֲנַ֣חֶמְכֶ֔ם וּבִירֽוּשָׁלַ֖͏ִם תְּנֻחָֽמוּ׃
14 ১৪ এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
וּרְאִיתֶם֙ וְשָׂ֣שׂ לִבְּכֶ֔ם וְעַצְמֹותֵיכֶ֖ם כַּדֶּ֣שֶׁא תִפְרַ֑חְנָה וְנֹודְעָ֤ה יַד־יְהוָה֙ אֶת־עֲבָדָ֔יו וְזָעַ֖ם אֶת־אֹיְבָֽיו׃
15 ১৫ কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
כִּֽי־הִנֵּ֤ה יְהוָה֙ בָּאֵ֣שׁ יָבֹ֔וא וְכַסּוּפָ֖ה מַרְכְּבֹתָ֑יו לְהָשִׁ֤יב בְּחֵמָה֙ אַפֹּ֔ו וְגַעֲרָתֹ֖ו בְּלַהֲבֵי־אֵֽשׁ׃
16 ১৬ কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
כִּ֤י בָאֵשׁ֙ יְהוָ֣ה נִשְׁפָּ֔ט וּבְחַרְבֹּ֖ו אֶת־כָּל־בָּשָׂ֑ר וְרַבּ֖וּ חַֽלְלֵ֥י יְהוָֽה׃
17 ১৭ যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
הַמִּתְקַדְּשִׁ֨ים וְהַמִּֽטַּהֲרִ֜ים אֶל־הַגַּנֹּ֗ות אַחַ֤ר אֶחַד (אַחַת֙) בַּתָּ֔וֶךְ אֹֽכְלֵי֙ בְּשַׂ֣ר הַחֲזִ֔יר וְהַשֶּׁ֖קֶץ וְהָעַכְבָּ֑ר יַחְדָּ֥ו יָסֻ֖פוּ נְאֻם־יְהוָֽה׃
18 ১৮ কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
וְאָנֹכִ֗י מַעֲשֵׂיהֶם֙ וּמַחְשְׁבֹ֣תֵיהֶ֔ם בָּאָ֕ה לְקַבֵּ֥ץ אֶת־כָּל־הַגֹּויִ֖ם וְהַלְּשֹׁנֹ֑ות וּבָ֖אוּ וְרָא֥וּ אֶת־כְּבֹודִֽי׃
19 ১৯ মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
וְשַׂמְתִּ֨י בָהֶ֜ם אֹ֗ות וְשִׁלַּחְתִּ֣י מֵהֶ֣ם ׀ פְּ֠לֵיטִים אֶֽל־הַגֹּויִ֞ם תַּרְשִׁ֨ישׁ פּ֥וּל וְל֛וּד מֹ֥שְׁכֵי קֶ֖שֶׁת תֻּבַ֣ל וְיָוָ֑ן הָאִיִּ֣ים הָרְחֹקִ֗ים אֲשֶׁ֨ר לֹא־שָׁמְע֤וּ אֶת־שִׁמְעִי֙ וְלֹא־רָא֣וּ אֶת־כְּבֹודִ֔י וְהִגִּ֥ידוּ אֶת־כְּבֹודִ֖י בַּגֹּויִֽם׃
20 ২০ তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
וְהֵבִ֣יאוּ אֶת־כָּל־אֲחֵיכֶ֣ם מִכָּל־הַגֹּויִ֣ם ׀ מִנְחָ֣ה ׀ לַֽיהוָ֡ה בַּסּוּסִ֡ים וּ֠בָרֶכֶב וּבַצַּבִּ֨ים וּבַפְּרָדִ֜ים וּבַכִּרְכָּרֹ֗ות עַ֣ל הַ֥ר קָדְשִׁ֛י יְרוּשָׁלַ֖͏ִם אָמַ֣ר יְהוָ֑ה כַּאֲשֶׁ֣ר יָבִיאוּ֩ בְנֵ֨י יִשְׂרָאֵ֧ל אֶת־הַמִּנְחָ֛ה בִּכְלִ֥י טָהֹ֖ור בֵּ֥ית יְהוָֽה׃
21 ২১ যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
וְגַם־מֵהֶ֥ם אֶקַּ֛ח לַכֹּהֲנִ֥ים לַלְוִיִּ֖ם אָמַ֥ר יְהוָֽה׃
22 ২২ “কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
כִּ֣י כַאֲשֶׁ֣ר הַשָּׁמַ֣יִם הַ֠חֳדָשִׁים וְהָאָ֨רֶץ הַחֲדָשָׁ֜ה אֲשֶׁ֨ר אֲנִ֥י עֹשֶׂ֛ה עֹמְדִ֥ים לְפָנַ֖י נְאֻם־יְהוָ֑ה כֵּ֛ן יַעֲמֹ֥ד זַרְעֲכֶ֖ם וְשִׁמְכֶֽם׃
23 ২৩ যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
וְהָיָ֗ה מִֽדֵּי־חֹ֙דֶשׁ֙ בְּחָדְשֹׁ֔ו וּמִדֵּ֥י שַׁבָּ֖ת בְּשַׁבַּתֹּ֑ו יָבֹ֧וא כָל־בָּשָׂ֛ר לְהִשְׁתַּחֲוֹ֥ת לְפָנַ֖י אָמַ֥ר יְהוָֽה׃
24 ২৪ তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
וְיָצְא֣וּ וְרָא֔וּ בְּפִגְרֵי֙ הָאֲנָשִׁ֔ים הַפֹּשְׁעִ֖ים בִּ֑י כִּ֣י תֹולַעְתָּ֞ם לֹ֣א תָמ֗וּת וְאִשָּׁם֙ לֹ֣א תִכְבֶּ֔ה וְהָי֥וּ דֵרָאֹ֖ון לְכָל־בָּשָֽׂר׃

< ইসাইয়া 66 >