< ইসাইয়া 65 >
1 ১ যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ; মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক “এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।
“Na bayyana kaina ga waɗanda ba su tambaye ni ba; ina samuwa ga waɗanda ba su neme ni ba. Ga al’ummar da ba tă kira bisa sunana ba, Na ce, ‘Ga ni, ga ni.’
2 ২ যি সকলে নিজৰ কল্পনামতে কুপথত চলে, আৰু যি ভাল নহয় তেনে পথত চলে, এনে বিদ্ৰোহী লোকসকলকৰ আগত ওৰে দিনটো মই মোৰ হাত মেলিলোঁ।
Dukan yini ina miƙa hannuwana ga mutane masu tayarwa, waɗanda suna tafiya a hanyoyin da ba su da kyau, suna bin tunaninsu,
3 ৩ বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।
mutanen da suna cin gaba da tsokanata a fuskata, suna miƙa hadayu a gonaki suna ƙone turare a bagadan tubali;
4 ৪ তেওঁলোক মৈদামবোৰৰ মাজত বহে, আৰু গোটেই ৰাতি পহৰা দিয়ে, গাহৰি মাংস খায়, আৰু নিজৰ পাত্ৰত ঘিণলগীয়া মাংসৰ জোল ৰাখে,
suna zama a kaburbura su kwana suna yin asirtattun ayyuka; suna cin naman aladu, tukwanensu kuma sun cika da nama marar tsabta;
5 ৫ তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
suna cewa, ‘Ku tsaya a can; kada ku yi kusa da ni, gama na fi ku tsarki!’ Irin mutanen nan hayaƙi ne a hancina, wuta kuma da take cin gaba da ci dukan yini.
6 ৬ চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
“Ga shi, yana nan a rubuce a gabana cewa ba zan ƙyale ba, zan yi cikakken ramuwa; zan yi ramuwa a cinyoyinsu
7 ৭ যিহোৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্ব্বতবোৰত ধূপ জলোৱা আৰু উপ-পৰ্ব্বতবোৰত মোক নিন্দা কৰা, তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰো অপৰাধৰ প্ৰতিফল তোমালোকক দিম, আৰু মই প্ৰথমে তেওঁলোকৰ অতীতৰ কাৰ্য জুখি তেওঁলোকৰ বুকুত প্ৰতিফল দিম।
saboda zunubanku da kuma zunuban kakanninku,” in ji Ubangiji. “Gama sun ƙone turare a kan duwatsu suka kuma ƙazantar da ni a kan tuddai, zan yi musu awo in zuba a cinyoyinsu cikakken ramuwa saboda ayyukansu na dā.”
8 ৮ যিহোৱাই এই কথা কৈছে, “যেনেকৈ দ্ৰাক্ষাৰ থোকত ৰস পোৱা যায়, আৰু যেতিয়া কোনো এজনে কয়, তাক নষ্ট নকৰিবা, কিয়নো তাত ভাল আছে, সেই দৰে, মই মোৰ দাসবোৰৰ বাবেও তেনে কৰিম, মই সকলোকে নষ্ট নকৰিম।
Ga abin da Ubangiji yana cewa, “Kamar sa’ad da ruwan’ya’yan itace yana samuwa a cikin tarin’ya’yan inabi mutane kuma su ce, ‘Kada a lalace shi, har yanzu akwai abu mai kyau a ciki,’ haka nan zan yi a madadin bayina; ba zan hallaka su duka ba.
9 ৯ মই যাকোবৰ বংশৰ পৰা, আৰু যিহূদাৰ পৰা মোৰ পৰ্ব্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম; আৰু মোৰ মনোনীত লোকসকলে তাত অধিকাৰ কৰিব, আৰু মোৰ দাসবোৰে তাত বসতি কৰিব।
Zan fitar da zuriyar Yaƙub, daga Yahuda kuma waɗanda za su mallaki duwatsuna; zaɓaɓɓun mutanena za su gāje su, a can kuma bayina za su zauna.
10 ১০ মোক বিচাৰা মোৰ লোকসকলৰ বাবে, চাৰোণ মেৰ-ছাগৰ জাকৰ চৰণীয়া ঠাই হ’ব, আৰু আখোৰ উপত্যকা গৰুৰ জাকবোৰৰ শোৱা ঠাই হ’ব।
Sharon zai zama wurin kiwo don shanu, Kwarin Akor kuma wurin hutun garkuna, domin mutanena da suke nemana.
11 ১১ কিন্তু যিহোৱাক ত্যাগ কৰা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতক পাহৰা, ভাগ্যদেৱতালৈ মেজ সজোৱা, ভাগ্য নিৰূপণ দেৱীলৈ দ্ৰাক্ষাৰসেৰে পানপাত্ৰ পূৰ কৰা যি তোমালোক,
“Amma game da ku waɗanda kuka yashe Ubangiji kuka manta da dutsena mai tsarki kuwa, ku da kuka shimfiɗa tebur don sa’a kuka kuma cika darunan ruwan inabin da aka dama don Ƙaddara,
12 ১২ তোমালোকক তৰোৱালৰ বাবে মই নিৰূপণ কৰিম, আৰু তোমালোকে বলি হ’বলৈ মূৰ দোঁৱাবা। কাৰণ মই যেতিয়া মাতিলো তোমালোকে উত্তৰ নিদিলা, আৰু মই যেতিয়া কলোঁ, তোমালোকে নুশুনিলা; কিন্তু মোৰ দৃষ্টিত যি বেয়া, তাকেই তোমালোকে কৰিলা, আৰু যিহতে মোৰ সন্তোষ নাপাওঁ, তাকেই কৰিবলৈ তোমালোকে বাচি ল’লা।
zan ƙaddara ku ga kaifin takobi, dukanku kuma za ku sunkuya wa mai yanka; gama na yi kira amma ba ku amsa ba, na yi magana amma ba ku saurara ba. Kuka aikata mugunta a gabana kuka kuma zaɓi abin da ba na jin daɗi.”
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসবোৰে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসবোৰে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসবোৰে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
Saboda haka ga abin da Ubangiji Mai Iko Duka yana cewa, “Bayin za su ci, amma ku za ku ji yunwa; bayina za su sha, amma ku za ku ji ƙishi; bayina za su yi farin ciki amma ku za ku sha kunya.
14 ১৪ চোৱা, মোৰ দাসবোৰে মনৰ আনন্দ গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাতৰোক্তি কৰিবা, আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা।
Bayina za su rera da farin cikin zukatansu, amma ku za ku yi kuka daga wahalar zuciya ku kuma yi kururuwa da karayar zuci.
15 ১৫ মোৰ মনোনীত লোকসকলৰ বাবে শাও দিবলৈ তোমালোকে তোমালোকৰ নাম থৈ যাবা, আৰু মই, প্ৰভু যিহোৱাই তোমাক মৃত্যু দিম, আৰু নিজ দাসবোৰ আন নামেৰে মাতিব।
Za ku bar sunanku ga zaɓaɓɓuna yă zama abin la’antarwa; Ubangiji Mai Iko Duka zai kashe ku, amma ga bayina zai ba su wani suna.
16 ১৬ যি মানুহে পৃথিবীত নিজকে আশীৰ্ব্বাদিত বুলি কয়, তেওঁলোক মোৰ দ্বাৰাই আশীৰ্বাদিত হ’ব। আৰু যি মানুহে পৃথিবীত শপত খায়, তেওঁ সত্য ঈশ্বৰৰ নামেৰেহে শপত খাব; কিয়নো পূৰ্বকালৰ সকলো সঙ্কট পাহৰা হ’ল, আৰু মোৰ দৃষ্টিৰ পৰা সেইবোৰ লুকাল।
Duk wanda zai roƙi albarka a cikin ƙasar zai yi haka da gaskiyar Allah; wanda zai yi rantsuwa a cikin ƙasar zai rantse da gaskiyar Allah. Gama za a manta da wahalolin baya a kuma ɓoye su daga idanuna.
17 ১৭ কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
“Ga shi, na halicci sabuwar sama da kuma sabuwar duniya. Abubuwa na dā za a manta da su, ba kuwa za a ƙara tuna da su ba.
18 ১৮ কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকসকলক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।
Amma ku yi murna ku kuma yi farin ciki har abada a abin da na halitta, gama zan halicci Urushalima ta zama abin murna mutanenta kuwa abin farin ciki.
19 ১৯ মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।
Zan yi farin ciki a kan Urushalima in kuma yi murna saboda mutanena; a can ba za a ƙara jin karar makoki da na kuka ba.
20 ২০ সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা, বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ’ব; ডেকা লোক এশ বছৰ বয়সীয়া হৈ মৰিব, আৰু পাপী জনে এশ বছৰ বয়স পাই অভিশপ্ত হৈ মৰিব।
“A cikinta ba za a ƙara jin jariri ya rayu na’yan kwanaki kawai ba, ko kuwa wani tsohon da bai cika kwanakinsa ba; duk wanda ya mutu yana da shekaru ɗari za a ce ya mutu a kurciya ne kawai; duk wanda bai kai ɗari ba za a ɗauka la’antacce ne.
21 ২১ তেওঁলোকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।
Za su gina gidaje su kuma zauna a cikinsu; za su yi shuki a gonakin inabi su kuma ci’ya’yansu.
22 ২২ আন লোক বাস কৰিবলৈ তেওঁলোকে ঘৰ নাসাজিব, আৰু আন লোক ভোগ কৰিবলৈ তেওঁলোকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ লোকসকলৰো আয়ুস সিমান হ’ব, আৰু মোৰ মনোনীত লোকসকলে নিজৰ হাতেৰে কৰা কাৰ্যৰ ফল বহুকাললৈকে ভোগ কৰিব।
Ba za su ƙara gina gidaje waɗansu kuma su zauna a cikinsu ba, ko su yi shuki waɗansu kuma su ci ba. Gama kamar yadda kwanakin itace suke, haka kwanakin mutanena za su kasance; zaɓaɓɓuna za su daɗe suna jin daɗin ayyukan hannuwansu.
23 ২৩ তেওঁলোকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ বাবে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁলোক আৰু তেওঁলোকৰ সন্তান যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাসকলৰ বংশ।
Ba za su yi wahala a banza ba ko su haifi’ya’yan da aka ƙaddara da rashin sa’a; gama za su zama mutanen da Ubangiji ya yi wa albarka, su da zuriyarsu tare da su.
24 ২৪ তেওঁলোকে নামাতোঁতেই মই উত্তৰ দিম, আৰু তেওঁলোকৰ কথা কয় শেষ নকৰোঁতেই মই শুনিম।
Kafin su yi kira zan amsa; yayinda suke cikin magana zan ji.
25 ২৫ ৰাংকুকুৰ আৰু মেৰ-ছাগ পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব, আৰু ধূলিয়েই সৰ্পৰ আহাৰ হ’ব। যিহোৱাই কৈছে, মোৰ সমস্ত পৰ্ব্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব।
Kyarketai da’yan raguna za su ci abinci tare, zaki kuma zai ci buɗu kamar yadda shanu suke yi, amma ƙura ce za tă zama abincin maciji. Ba za su ƙara cuci ko su yi ɓarna a kan dukan dutsena mai tsarki ba,” in ji Ubangiji.