< ইসাইয়া 63 >
1 ১ ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Ngubani lo ovela eEdoma, olezembatho ezibomvu evela eBhozira? Lo odumisekileyo ngezembatho zakhe, ehamba ngobukhulu bamandla akhe? Yimi engikhuluma ngokulunga, engilamandla okusindisa.
2 ২ তোমাৰ সাজ ৰঙা কিয়, আৰু কিয় তোমাৰ বস্ত্ৰ দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকা লোকৰ দৰে?
Kungani izigqoko zakho zibomvu, lezembatho zakho zinjengezonyathela esikhamelweni sewayini?
3 ৩ মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
Ngisinyathele ngedwa isikhamelo sewayini, lebantwini kwakungekho loyedwa lami; ngoba ngizabanyathela ekuthukutheleni kwami, ngibahlifize elakeni lwami; legazi labo lizafafazwa ezembathweni zami, ngingcolise izigqoko zami zonke.
4 ৪ কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।
Ngoba usuku lwempindiselo lusenhliziyweni yami, lomnyaka wabahlengwa bami usufikile.
5 ৫ মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
Njalo ngakhangela, kodwa kwakungekho osizayo, ngamangala kakhulu ukuthi kwakungekho osekelayo; ngakho ingalo yami yaletha usindiso kimi, lolaka lwami lona lwangisekela.
6 ৬ মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ, আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।
Besenginyathela abantu ekuthukutheleni kwami, ngibadakise olakeni lwami, ngehlisele emhlabathini amandla abo.
7 ৭ মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।
Ngizakhumbuza ngothandolomusa omkhulu weNkosi, izindumiso zeNkosi, njengakho konke iNkosi esinike khona, lobuhle obukhulu ngasendlini kaIsrayeli, ebanike bona ngokwezisa zayo, lanjengobunengi bothandolomusa wayo omkhulu.
8 ৮ কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
Ngoba yathi: Isibili bangabantu bami, abantwana abangayikukhuluma amanga; ngakho yaba nguMsindisi wabo.
9 ৯ তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Enhluphekweni yabo yonke yahlupheka, lengilosi yobukhona bayo yabasindisa; ngothando lwayo langesihawu sayo yona yabahlenga, yabaphakamisa, yabathwala zonke izinsuku zendulo.
10 ১০ কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Kodwa bona baba lenkani, badabukisa uMoya wayo oNgcwele; ngakho yaphenduka yaba yisitha sabo, yona yalwa imelene labo.
11 ১১ তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Yasikhumbula insuku zendulo, uMozisi, labantu bakhe, isithi: Ungaphi lowo owabakhuphula olwandle labelusi bomhlambi wakhe? Ungaphi lowo owafaka uMoya wakhe oyiNgcwele phakathi kwakhe?
12 ১২ মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
Owakhokhela ingalo yakhe elodumo esandleni sokunene sikaMozisi, esehlukanisa amanzi phambi kwabo, ukuzenzela ibizo eliphakade?
13 ১৩ তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত?
Owabakhokhela ezinzikini, njengebhiza enkangala kabakhubekanga?
14 ১৪ উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহোৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল; নিজৰ নামৰ প্রশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা।
Njengenkomo isehlela esigodini, uMoya weNkosi wabaphumuza. Ngokunjalo wabakhokhela abantu bakho, ukuze uzenzele ibizo elilodumo.
15 ১৫ স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
Khangela phansi usemazulwini, ubone usendaweni yakho yokuhlala yobungcwele bakho leyodumo lwakho. Kungaphi ukutshiseka kwakho lamandla akho? Ubunengi bemibilini yakho, lezihawu zakho kimi, kuyazibamba yini?
16 ১৬ কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Isibili wena ungubaba; lanxa uAbrahama engasazi, loIsrayeli engasivumi; wena Nkosi ungubaba wethu, umhlengi wethu; ibizo lakho lisukela ephakadeni.
17 ১৭ হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।
Nkosi, kungani usenza siduhe ezindleleni zakho, usenza inhliziyo yethu ibe lukhuni sisuka ekukwesabeni? Phenduka ngenxa yenceku zakho, izizwe zelifa lakho.
18 ১৮ তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
Abantu bobungcwele bakho babe lakho okwesikhatshana; izitha zethu zinyathelele phansi indlu yakho engcwele.
19 ১৯ যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।
Singabakho; kawuzange ubuse phezu kwabo; kababizwanga ngebizo lakho.