< ইসাইয়া 62 >

1 চিয়োনৰ বাবে মই নিজম দি নাথাকোঁ, আৰু যিৰূচালেমৰ বাবে মই নিৰৱে নাথাকোঁ, যেতিয়ালৈকে তেওঁৰ ধাৰ্মিকতা উজ্বলতাৰে আগুৱাই নাযায়, আৰু তেওঁৰ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়।
Siona radi neæu umuknuti, i Jerusalima radi neæu se umiriti, dokle ne izaðe kao svjetlost pravda njegova i spasenje se njegovo razgori kao svijeæa.
2 দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা, আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব; আৰু যিহোৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ’ব।
Tada æe vidjeti narodi pravdu tvoju i svi carevi slavu tvoju, i prozvaæeš se novijem imenom, koje æe usta Gospodnja izreæi.
3 তোমালোক যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হ’বা।
I biæeš krasan vijenac u ruci Gospodnjoj i carska kruna u ruci Boga svojega.
4 তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
Neæeš se više zvati ostavljena, niti æe se zemlja tvoja zvati pustoš, nego æeš se zvati milina moja i zemlja tvoja udata, jer æeš biti mio Gospodu i zemlja æe tvoja biti udata.
5 কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
Jer kao što se momak ženi djevojkom, tako æe se sinovi tvoji oženiti tobom; i kako se raduje ženik nevjesti, tako æe se tebi radovati Bog tvoj.
6 হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
Na zidovima tvojim, Jerusalime, postavih stražare, koji neæe umuknuti nigda, ni danju ni noæu. Koji pominjete Gospoda, nemojte muèati.
7 তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক।
I ne dajte da se umukne o njemu dokle ne utvrdi i uèini Jerusalim slavom na zemlji.
8 যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
Zakle se Gospod desnicom svojom i krjepkom mišicom svojom: neæu više dati žita tvojega neprijateljima tvojim da jedu, niti æe tuðini piti vina tvojega, oko kojega si se trudio;
9 কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।”
Nego koji ga žanju, oni æe ga jesti i hvaliti Gospoda, i koji ga beru oni æe ga piti u trijemovima svetinje moje.
10 ১০ আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।
Proðite, proðite kroz vrata, pripravite put narodu; poravnite, poravnite put, uklonite kamenje, podignite zastavu narodima.
11 ১১ চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, “তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।”
Evo, Gospod oglasi do krajeva zemaljskih; recite kæeri Sionskoj: evo, spasitelj tvoj ide; evo, plata je njegova kod njega i djelo njegovo pred njim.
12 ১২ তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।
I oni æe se prozvati narod sveti, iskupljenici Gospodnji; a ti æeš se prozvati: traženi, grad neostavljeni.

< ইসাইয়া 62 >