< ইসাইয়া 61 >

1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
ڕۆحی یەزدانی باڵادەست بەهێزم دەکات، چونکە یەزدان دەستنیشانی کردووم بۆ مژدەدان بە هەژاران. منی ناردووە بۆ تیمارکردنی دڵشکاوەکان، بۆ جاڕدانی ئازادی بۆ ڕاپێچکراوەکان و ئازادکردنی دیلەکان،
2 যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।
بۆ ڕاگەیاندنی ساڵی ڕەزامەندیی یەزدان و ڕۆژی تۆڵەسەندنەوەی خودامان، بۆ دڵنەواییکردنی هەموو ماتەمدارەکان.
3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
ناردوومی بۆ ئەوەی بە پرسەدارەکانی سییۆن ببەخشم، تاجێکی جوانیان لەسەر بنێم لە جێی قوڕ، زەیتی دڵخۆشی لە جێی پرسە، هەروەها بەرگی ستایش لە جێی ڕۆحی ورەبەردان. جا پێیان دەگوترێت دار بەڕووی ڕاستودروستی، نەمامی یەزدان بۆ دەرخستنی شکۆمەندییەکەی.
4 তেওঁলোকে পুৰণি ধ্বংসস্থানবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব, বহু আগৰ পৰা পুৰুষানুক্রমে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব।
کەلاوە کۆنەکان بنیاد دەنێنەوە و وێرانکراوەکانی پێشتر هەڵدەستێننەوە. شارە خاپوورەکان نۆژەن دەکەنەوە کە لە چەرخەکانی پێشووەوە وێران کرابوون.
5 বিদেশী লোকসকল দায়িত্ব ল’ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্র সকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব।
بێگانە دێنە خزمەتتان و شوانایەتی مێگەلەکانتان دەکەن و کوڕانی نامۆکان دەبنە جوتیار و ڕەزەوانتان.
6 তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।
ئێوەش ناوتان لێ دەنرێت، کاهینەکانی یەزدان، پێتان دەگوترێت، خزمەتکارەکانی خودامان. سامانی نەتەوەکان دەخۆن و شانازی بەسەر شکۆمەندی ئەوانەوە دەکەن.
7 তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
گەلەکەم لە جێی ڕیسوایی، دوو ئەوەندە میراتی وەردەگرن، لە جێی شەرمەزاربوون، بە بەشی خۆیان دڵخۆش دەبن. ئیتر لە خاکەکەیان دوو هێندە میرات وەردەگرن، خۆشی هەتاهەتاییان بۆ دەبێت.
8 কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।
«من کە یەزدانم، دادپەروەریم خۆشدەوێت، ڕقم لە دزی و بەدکارییە پێکەوە. بە دڵسۆزییەوە پاداشتی خۆیان دەدەمێ و پەیمانێکی هەتاهەتاییان لەگەڵدا دەبەستم.
9 তেওঁলোকৰ বংশৰ লোকসকল দেশৰ মাজত, আৰু তেওঁলোকৰ সন্তানসকল লোকসকলৰ মাজত প্ৰখ্যাত হ’ব; তেওঁলোকক যি সকলে দেখিব, তেওঁলোকে তেওঁলোকক যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত বংশ বুলি স্বীকাৰ কৰিব।
توخمیان لەنێو نەتەوەکان دەناسرێن و وەچەشیان لەنێو گەلاندا. هەموو ئەوانەی دەیانبینن دانی پێدا دەنێن کە ئەوان گەلێکن یەزدان بەرەکەتداری کردوون.»
10 ১০ মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
بە شادی دڵشاد دەبم بە یەزدان، گیانم بە خودای خۆم شادمان دەبێت، چونکە بەرگی ڕزگاری لەبەرکردم، کەوای ڕاستودروستی بەسەر شانمدا دا، وەک زاوایەک کە سەری خۆی لەسەر شێوەی کاهین بڕازێنێتەوە یان بووکێک بە خشڵ خۆی جوان بکات.
11 ১১ কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।
وەک زەوی کە چەکەرەی ڕووەکی خۆی دەردەخات و وەک باخچە کە چێنراوەکانی دەڕوێنێت، ئاواش یەزدانی باڵادەست ڕاستودروستی و ستایش لەبەردەم هەموو نەتەوەکان دەڕوێنێت.

< ইসাইয়া 61 >