< ইসাইয়া 58 >

1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।
Mikoiha, ko mifoneñe, mipoñafa-feo hoe antsiva, vaho taroño am’ondatikoo ty fiolà’ iareo, naho am’ Iakobe o tahi’eo.
2 তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
Boak’andro iereo manao te mipay ahy, le mintse mifale handrendreke o satakoo, manahake t’ie fifeheañe mpanao havantañañe, hoe mbe lia’e tsy naforintse’e o fañèn’ Añahare’eo, vaho mipay zaka to amako, inao mahafale iareo ty mañarine aman’Añahare.
3 তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।
Ino ty nililira’ay, ihe tsy mahavazoho anay? Akore te nijoie’ay o tro’aio fe tsy nihaoñe’o? Inao! amy androm-pililira’ areoy ro mbore mitolon-draha, naho mampifanehake mpitoroñe.
4 চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।
Isao te fañòlañe naho fifandierañe avao ty fililira’ areo, hanjevoña’ areo an-­komondron-kalo-tserehañe. Tsy ho janjiñeñe an-dindimoneñe ey i fililira’ areo anindroaniy.
5 মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?
Zao hao o fililirañe jinoboko ho androm-pilieram-batañeo? T’ie ho fihohòfañe hoe bararata hao, naho ho fandafihañe gony naho lavenoke ambane eo? Izay hao ty atao’ areo ho lilitse, ho andro no’ Iehovà?
6 মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?
Tsy itoy hao o fililirañe joboñekoo? ty fañahàñe o silisilin-­kalo-tserehañeo naho ty hampibalahañe o tali-randran-jokao, ty hamotsorañe o forekekèñeo naho ty hampipozahañe ze hene ana-joka?
7 ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
Tsy ty handivàñe ty mahakama’o amo salikoeñeo hao, naho ty hampihovàñe añ’anjomba’o ao i mavomavo natao’o soike rezay, naho ty hanikinañe ty miboridañe te oni’o, vaho tsy iambohoa’o ty nofots’aman-dio’o?
8 ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।
Ie amy zao hipelatse ty hazavà’o manahake te manjirik’ andro, le halisa ty fijangaña’o, hiaolo azo ty havañona’o, vaho hanehak’ azo ty enge’ Iehovà.
9 তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,
Hikanjy irehe henane zay, le hanoiñe azo t’Iehovà; hikaik’olotse le hanoe’e ty hoe: Intoy iraho. Naho asita’o añivo’o ao i jokay, i tondro-soñiy naho o tambaitambaiñeo,
10 ১০ যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;
Le ie ferenaiña’o o salikoo naho eneñe’o o foreforèñeo, le hanjirike añ’ieñe ao ty hazavà’o vaho hivalike ho tsipinde-mena ty fimoromoroña’o.
11 ১১ আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
Hiaolo azo nainai’e t’Iehovà, le ho eneñe’e ty fiai’o an-tsan-kerè, vaho hampaozare’e o taola’oo. Ho goloboñe soa-tondrake irehe, naho torahañe tsy mai-drano.
12 ১২ তোমাৰ বংশৰ কিছুলোকে বহু দিনৰ পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; আৰু তুমি অনেক প্রজন্মৰ উচ্ছন্ন হোৱা ভিত্তিমূল স্থাপন কৰিবা; তুমি দেৱাল মেৰামতকাৰী বুলি মতা হ’বা, আৰু দেশ নিবাসীৰ বাবে পথ যুগুত কৰোঁতা বুলি প্ৰখ্যাত হ’বা।
Hamboare’ o boak’ama’oo o tanàn-taoloo le hatroa’o o fahan-tariratse maroo, vaho hatao mpamboatse jebañe irehe, mpanomonty o lalam-pimoneñañeo.
13 ১৩ যদি তুমি মোৰ বিশ্ৰাম-দিনৰ ভ্রমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা। যদি যিহোৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু যিহোৱা বিষয়ক পবিত্র আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলষিত চেষ্টা নকৰি, আৰু নিজৰ কথা নকৈ তাক মান্য কৰা,
Aa naho avì’o amy Sabatay ty fandia’o tsy hañeañe o tolon-draha’oo amy androko masiñey; naho tokave’o ty hoe ‘mahafale’ o Sabotseo, ty andro masi’ Iehovà, naho amañ’engeñe, le iasia’o, tsy hañorike o lala’oo, naho tsy hipay ty mahafale azo, vaho tsy hisaontsy o enta’oo;
14 ১৪ তেনেহ’লে তুমি যিহোৱাত সুখী হবা; আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম, আৰু তোমাৰ পিতৃ যাকোবৰ আধিপত্য তোমাক ভোগ কৰাম। কিয়নো যিহোৱাৰ নিজৰ মুখে ইয়াক ক’লে।
Ie hifale am’ Iehovà, le hampiningirako azo o haboa’ ty tane toio, vaho ho fahanako ami’ty lova’ Iakobe rae’o; izay ty nitsaraem-palie’ Iehovà.

< ইসাইয়া 58 >