< ইসাইয়া 56 >

1 যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব।
כֹּ֚ה אָמַ֣ר יְהוָ֔ה שִׁמְר֥וּ מִשְׁפָּ֖ט וַעֲשׂ֣וּ צְדָקָ֑ה כִּֽי־קְרוֹבָ֤ה יְשֽׁוּעָתִי֙ לָב֔וֹא וְצִדְקָתִ֖י לְהִגָּלֽוֹת׃
2 যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।”
אַשְׁרֵ֤י אֱנוֹשׁ֙ יַעֲשֶׂה־זֹּ֔את וּבֶן־אָדָ֖ם יַחֲזִ֣יק בָּ֑הּ שֹׁמֵ֤ר שַׁבָּת֙ מֵֽחַלְּל֔וֹ וְשֹׁמֵ֥ר יָד֖וֹ מֵעֲשׂ֥וֹת כָּל־רָֽע׃ ס
3 “যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে।
וְאַל־יֹאמַ֣ר בֶּן־הַנֵּכָ֗ר הַנִּלְוָ֤ה אֶל־יְהוָה֙ לֵאמֹ֔ר הַבְדֵּ֧ל יַבְדִּילַ֛נִי יְהוָ֖ה מֵעַ֣ל עַמּ֑וֹ וְאַל־יֹאמַר֙ הַסָּרִ֔יס הֵ֥ן אֲנִ֖י עֵ֥ץ יָבֵֽשׁ׃ ס
4 কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
כִּי־כֹ֣ה ׀ אָמַ֣ר יְהוָ֗ה לַסָּֽרִיסִים֙ אֲשֶׁ֤ר יִשְׁמְרוּ֙ אֶת־שַׁבְּתוֹתַ֔י וּבָֽחֲר֖וּ בַּאֲשֶׁ֣ר חָפָ֑צְתִּי וּמַחֲזִיקִ֖ים בִּבְרִיתִֽי׃
5 তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।”
וְנָתַתִּ֨י לָהֶ֜ם בְּבֵיתִ֤י וּבְחֽוֹמֹתַי֙ יָ֣ד וָשֵׁ֔ם ט֖וֹב מִבָּנִ֣ים וּמִבָּנ֑וֹת שֵׁ֤ם עוֹלָם֙ אֶתֶּן־ל֔וֹ אֲשֶׁ֖ר לֹ֥א יִכָּרֵֽת׃ ס
6 যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
וּבְנֵ֣י הַנֵּכָ֗ר הַנִּלְוִ֤ים עַל־יְהוָה֙ לְשָׁ֣רְת֔וֹ וּֽלְאַהֲבָה֙ אֶת־שֵׁ֣ם יְהוָ֔ה לִהְי֥וֹת ל֖וֹ לַעֲבָדִ֑ים כָּל־שֹׁמֵ֤ר שַׁבָּת֙ מֵֽחַלְּל֔וֹ וּמַחֲזִיקִ֖ים בִּבְרִיתִֽי׃
7 সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
וַהֲבִיאוֹתִ֞ים אֶל־הַ֣ר קָדְשִׁ֗י וְשִׂמַּחְתִּים֙ בְּבֵ֣ית תְּפִלָּתִ֔י עוֹלֹתֵיהֶ֧ם וְזִבְחֵיהֶ֛ם לְרָצ֖וֹן עַֽל־מִזְבְּחִ֑י כִּ֣י בֵיתִ֔י בֵּית־תְּפִלָּ֥ה יִקָּרֵ֖א לְכָל־הָעַמִּֽים׃
8 যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম।
נְאֻם֙ אֲדֹנָ֣י יְהוִ֔ה מְקַבֵּ֖ץ נִדְחֵ֣י יִשְׂרָאֵ֑ל ע֛וֹד אֲקַבֵּ֥ץ עָלָ֖יו לְנִקְבָּצָֽיו׃
9 পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ!
כֹּ֖ל חַיְת֣וֹ שָׂדָ֑י אֵתָ֕יוּ לֶאֱכֹ֥ל כָּל־חַיְת֖וֹ בַּיָּֽעַר׃ ס
10 ১০ তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
צֹפָ֞יו עִוְרִ֤ים כֻּלָּם֙ לֹ֣א יָדָ֔עוּ כֻּלָּם֙ כְּלָבִ֣ים אִלְּמִ֔ים לֹ֥א יוּכְל֖וּ לִנְבֹּ֑חַ הֹזִים֙ שֹֽׁכְבִ֔ים אֹהֲבֵ֖י לָנֽוּם׃
11 ১১ সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
וְהַכְּלָבִ֣ים עַזֵּי־נֶ֗פֶשׁ לֹ֤א יָֽדְעוּ֙ שָׂבְעָ֔ה וְהֵ֣מָּה רֹעִ֔ים לֹ֥א יָדְע֖וּ הָבִ֑ין כֻּלָּם֙ לְדַרְכָּ֣ם פָּנ֔וּ אִ֥ישׁ לְבִצְע֖וֹ מִקָּצֵֽהוּ׃
12 ১২ তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”
אֵתָ֥יוּ אֶקְחָה־יַ֖יִן וְנִסְבְּאָ֣ה שֵׁכָ֑ר וְהָיָ֤ה כָזֶה֙ י֣וֹם מָחָ֔ר גָּד֖וֹל יֶ֥תֶר מְאֹֽד׃

< ইসাইয়া 56 >