< ইসাইয়া 54 >
1 ১ সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।
Весели се, неплодна, която не раждаш; Запей с радост и възкликни, ти, която не си била в болките на раждане; Защото повече са чадата на самотната, Нежели чадата на омъжената, казва Господ.
2 ২ তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।
Уголеми мястото на шатъра си, И нека разширят завасите на жилищата ти; Не се скъпи; продължи въжетата си И закрепи колчетата си.
3 ৩ তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।
Защото ще се разпространиш надясно и наляво; Потомството ти ще завладее народите И ще населят запустелите градове.
4 ৪ ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
Не бой се, защото не ще бъдеш поругана; И не се смущавай, защото не ще бъдеш посрамена; Защото ще забравиш срама, който си изпитвала в младостта си, И няма вече да помниш укора, който си носила във вдовството си.
5 ৫ তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
Защото твоят съпруг е Творецът ти, Чието име е Господ на Силите; И изкупителят ти е Светият Израилев, Който ще се нарече Бог на цялата земя.
6 ৬ কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।
Защото Господ те повика като жена оставена и наскърбена духом, Да! жена взета в младост, а после отхвърлена, казва твоят Бог.
7 ৭ “মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম।
Оставих те за малко време; Но с голяма милост ще те прибера.
8 ৮ অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,
В изобилието на гнева Си скрих лицето Си от тебе за един миг; Но с вечна благост ще се смиля за тебе. Казва Господ Изкупителят ти.
9 ৯ “এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ।
Защото за Мене това е като Ноевите води; Понеже, както се заклех, че Ноевите води не ще наводнят вече земята, Така се заклех, че вече няма да се разгневя на тебе, нито да те смъмря.
10 ১০ যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
Защото, ако и да изчезнат планините И да се поместят хълмовете, Пак Моята благост няма да се оттегли от тебе, И заветът Ми на мир няма да се помести, Казва Господ, Който ти показва милост,
11 ১১ হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
От наскърбена, смутена, безутешна, Ето, Аз ще постеля камъните ти в красиви цветове, И ще положа основите ти от сапфири;
12 ১২ মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম, আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম।
Ще направя кулите ти от рубини, Портите ти от антракс, И цялата ти ограда от отбрани камъни.
13 ১৩ তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।
Всичките ти чада ще бъдат научени от Господа; И голям ще бъде мирът на чадата ти.
14 ১৪ ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
С правда ще се утвърдиш; Далеч ще бъдеш от угнетението, защото не ще се боиш, - Далеч от ужасяването, защото не ще се приближи до тебе.
15 ১৫ চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।
Ето, всички може да се съберат при тебе, обаче, не чрез Мене; Всички ония, които се събират против тебе, ще паднат пред тебе.
16 ১৬ চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।
Ето, Аз създадох ковача, Който раздухва въглищата в огъня И изковава оръдие за работата си; Аз създадох и разорителя за да съсипва.
17 ১৭ তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
Ни едно оръжие скроено против тебе не ще успее; И ще победиш всеки език, който би се повдигнал против тебе в съд. Това е наследството на слугите Господни, И правдата им е от Мене, казва Господ.