< ইসাইয়া 53 >
1 ১ আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল?
हामीबाट तिनीहरूले सुनेका कुरा कसले विश्वास गरेको छ, र कसलाई परमप्रभुको बाहुली प्रकट गरिएको छ?
2 ২ কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
किनकि कलिलो बिरूवाजस्तै र सुख्खा जमिनबाट उम्रेको टुसाजस्तै ऊ परमप्रभुको सामु बढ्यो । उसमा हेर्नलायक आकर्षण वा ऐश्वर्य थिएन । हामीले उसलाई हेर्दा, हामीलाई आकर्षण गर्ने कुनै सुन्दरता थिएन ।
3 ৩ তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।
मानिसहरूद्वारा उसलाई घृणा र तिरस्कार गरियो । दुखको मानिस र कष्टसँग परिचित । त्यस्तो जसबाट मानिसहरूले आफ्ना अनुहार लुकाउँछन्, उसलाई घृणा गरियो । अनि हामीले उसलाई तुच्छ ठान्यौं ।
4 ৪ নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ললে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত, আৰু পীড়িত বুলি ভাবিলো।
तर निश्चय नै उसले हाम्रा रोगहरू बोकेको र हाम्रा कष्टहरू उठाएको छ । तापनि हामीले उसलाई परमेश्वरद्वारा दण्ड दिइएको, परमेश्वरद्वारा हिर्काइएको र कष्टमा परेको ठान्यौं ।
5 ৫ কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
तर हाम्रा विद्रोहपूर्ण कामहरूका कारणले उसलाई घोचिएको थियो । हाम्रा पापहरूका कारणले उसलाई पेलिएको थियो । हाम्रो शान्तिको निम्ति उसमाथि दण्ड पर्यो र उसका घाउहरूले हामी निको भएका छौं ।
6 ৬ আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
हामी सबै बह्रालिएका भेडाहरूजस्ता छौं । हामी प्रत्येक आ-आफ्नै मार्गतिर लागेका छौं र परमप्रभुले हामी सबैको अधर्म उसमाथि राख्नुभएको छ ।
7 ৭ তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
उसलाई अत्याचार गरियो । तापनि उसले आफूलाई होच्याउँदा, उसले आफ्नो मुख खोलेन । जसरी मार्नलाई लगिएको थुमा र ऊन कत्रनेहरूका सामु भेडा चुपचाप बस्छ, त्यसरी उसले आफ्नो मुख खोलेन ।
8 ৮ তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল।
जबर्जस्ती र इन्साफद्वारा उसलाई दोषी ठहर गरियो । त्यस पुस्ताबाट कसले उसको बारेमा विचार गर्यो र? तर उसलाई जीविहरूको देशबाट अलग गरियो । मेरा मानिसहरूले अपराधहरू गरेका कारणले उसलाई दण्ड दिइयो ।
9 ৯ তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল।
उसले कुनै हिंसा गरेका थिएन, न त उसको मुखमा कुनै छल नै थियो, तापनि अपराधीहरूसँगै तिनीहरूले उसको चिहान बनाए । उसको मृत्युमा एक जना धनी मानिस थियो ।
10 ১০ তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।
तापनि उसलाई धुलो पार्ने र उसलाई बिरामी पार्ने परमप्रभुकै इच्छा थियो । जब उसले आफ्नो जीवनलाई पापको निम्ति बलिदान बनाउँछन्, उसले आफ्ना सन्तानहरू देख्नेछ, उसले आफ्नो समय बढाउनेछ र उसैद्वारा परमप्रभुको उद्देश्य पुरा हुनेछ ।
11 ১১ তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
उसको जीवनको कष्टपछि उसले ज्योति देख्नेछ र आफ्नो ज्ञानद्वारा सन्तुष्ट हुनेछ । मेरो धर्मिक सेवकले धेरै जनालाई निर्दोष ठहराउनेछ । उसले तिनीहरूको अधर्म बोक्नेछ ।
12 ১২ সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।
यसकारण म भीडहरूका माझमा उसको भाग उसैलाई दिनेछु, उसले धेरै जनासित लूटको माल बाँड्नेछ, किनभने उसले आफूलाई मृत्युमा हाल्यो र अपराधीहरूसँगै गनियो । उसले धेरै जनाको पाप बोक्यो र अपराधीहरूका निम्ति मध्यस्थ-बिन्ती गर्यो ।