< ইসাইয়া 51 >
1 ১ তোমালোক যি জনে ধাৰ্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা।
"Listen to me, you who follow after righteousness, you who seek the LORD: look to the rock you were cut from, and to the hold of the pit you were dug from.
2 ২ তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।
Look to Abraham your father, and to Sarah who bore you; for when he was but one I called him, and I blessed him, and made him many.
3 ৩ হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন, আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
For the LORD has comforted Zion; he has comforted all her waste places, and has made her wilderness like Eden, and her desert like the garden of the LORD; joy and gladness shall be found in it, thanksgiving, and the voice of melody.
4 ৪ “হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায় বিচাৰ স্থাপন কৰিম।
"Attend to me, my people; and give ear to me, my nation: for a law shall go forth from me, and I will establish my justice for a light of the peoples.
5 ৫ মোৰ ধাৰ্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ ওলায় যাব, আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
My righteousness is near, my salvation is gone forth, and my arms shall judge the peoples; the islands shall wait for me, and on my arm shall they trust.
6 ৬ তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব, আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।
Lift up your eyes to the heavens, and look on the earth beneath; for the heavens shall vanish away like smoke, and the earth shall wax old like a garment; and those who dwell in it shall die in the same way: but my salvation shall be forever, and my righteousness shall not be abolished.
7 ৭ তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল, মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা।
"Listen to me, you who know righteousness, the people in whose heart is my law; do not fear the reproach of men, neither be dismayed at their insults.
8 ৮ কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
For the moth shall eat them up like a garment, and the worm shall eat them like wool; but my righteousness shall be forever, and my salvation to all generations."
9 ৯ সজাগ হোৱা, সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজন্মসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাবক খোচা জন আপুনিয়ে নে?
Awake, awake, put on strength, arm of the LORD; awake, as in the days of old, the generations of ancient times. Isn't it you who cut Rahab in pieces, who pierced the monster?
10 ১০ সাগৰক, মহাজল সমূহক আপুনিয়ে শুকুউৱাই, মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে?
Isn't it you who dried up the sea, the waters of the great deep; who made the depths of the sea a way for the redeemed to pass over?
11 ১১ যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু: খ আৰু শোক দূৰ হ’ব।
The ransomed of the LORD shall return, and come with singing to Zion; and everlasting joy shall be on their heads. They shall obtain gladness and joy. Sorrow and sighing shall flee away.
12 ১২ মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ, কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
"I, even I, am he who comforts you: who are you, that you are afraid of man who shall die, and of the son of man who shall be made as grass;
13 ১৩ যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?
and have forgotten the LORD your Maker, who stretched forth the heavens, and laid the foundations of the earth; and fear continually all the day because of the fury of the oppressor, when he makes ready to destroy? and where is the fury of the oppressor?
14 ১৪ যিজন লোক নম্র হ’ব, যিহোৱাই তেওঁক মুকলি কৰিবলৈ খৰধৰ কৰিব; তেওঁৰ মৃত্যু নহব আৰু নৰকলৈ নাযাব; অথবা তেওঁৰ আহাৰৰ অভাৱ নহব।
The captive exile shall speedily be freed; and he shall not die and go down into the pit, neither shall his bread fail.
15 ১৫ কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যি জনাই ঢৌবোৰে গর্জ্জন কৰিবৰ বাবে, সাগৰক আন্দোলিত কৰে, তেওঁৰেই নাম বাহিনীসকলৰ যিহোৱা।
For I am the LORD your God, who stirs up the sea, so that its waves roar: the LORD of hosts is his name.
16 ১৬ মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিবীৰ আধাৰশিলা স্হাপন কৰোঁ, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
I have put my words in your mouth, and have covered you in the shadow of my hand, that I may plant the heavens, and lay the foundations of the earth, and tell Zion, 'You are my people.'"
17 ১৭ যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
Awake, awake, stand up, Jerusalem, that have drunk at the hand of the LORD the cup of his wrath; you have drunk from the bowl, of the cup of staggering, and drained it.
18 ১৮ তেওঁ জন্ম দিয়া সন্তান সকলৰ মাজৰ কোনো এজন নাই তেওঁক পথ দেখুৱাবলৈ; যিসকল সন্তান তেওঁ ডাঙৰ-দীঘল কৰিলে তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ।
There is none to guide her among all the sons whom she has brought forth; neither is there any who takes her by the hand among all the sons who she has brought up.
19 ১৯ এই দুই ঘটনা তোমোলোকলৈ ঘটিল- কোনে তোমালোকৰ বাবে বিলাপ কৰিব?- জনশুণ্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল। কোনে তোমালোকক শান্ত্বনা দিব?
These two things have happened to you. Who will grieve for you? Desolation and destruction, and the famine and the sword. Who will console you?
20 ২০ জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল, তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
Your sons have fainted, they lie at the head of all the streets, as an antelope in a net; they are full of the wrath of the LORD, the rebuke of your God.
21 ২১ নিপীড়িত আৰু মতলীয়া হোৱা জন, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়, এতিয়া এই কথা শুনা:
Therefore hear now this, you afflicted, and drunk, but not with wine:
22 ২২ তোমালোকৰ ঈশ্বৰ, তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে, তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
Thus says your Lord, the LORD, your God who pleads the cause of his people, "Look, I have taken out of your hand the cup of staggering, even the bowl of the cup of my wrath; you shall no more drink it again:
23 ২৩ মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।
and I will put it into the hand of those who afflict you, who have said to your soul, 'Bow down, that we may walk over you;' and you have laid your back as the ground, and as the street, to those who walk over."