< ইসাইয়া 50 >
1 ১ যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
Thus saith Jehovah: Where is the bill of your mother's divorcement, By which I dismissed her? Or who is he among my creditors To whom I have sold you? Behold, for your iniquities are ye sold, And for your transgressions was your mother dismissed.
2 ২ তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলোঁ? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাও; মই নদীবোৰক মৰুভূমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।
Wherefore, when I came, was no man at hand? When I called, was there none to answer? Is my hand too short to redeem? Or have I no power to deliver? Behold, at my rebuke I dry up the sea, And make the rivers a desert. Their fish putrefy for want of water, And die with thirst.
3 ৩ মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ, আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ।
I clothe the heavens with blackness, And make sackcloth their covering.
4 ৪ মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
The Lord Jehovah hath given me the tongue of the learned, That I might know how to strengthen with my words them that are weary; He wakeneth me every morning, He wakeneth mine ear, That I may hear in the manner of the learned.
5 ৫ প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; আৰু মই বিদ্ৰোহী নাছিলোঁ, বা মই পিছফালেও ঘুৰা নাছিলোঁ।
The Lord Jehovah opened mine ear, And I was not disobedient, Neither did I withdraw myself backward.
6 ৬ প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ, আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।
I gave my back to the smiters, And my cheeks to them that pluck the beard; I hid not my face from shame and spitting.
7 ৭ কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম; সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।
But the Lord Jehovah is my helper, Therefore shall I not be confounded; Therefore have I made my face like a flint, For I know that I shall not be put to shame.
8 ৮ যি জনে মোক ন্যায্য বুলি প্রমান কৰিলে যিহোৱা মোৰ ওচৰত আছে; কোনে মোৰ বিৰোধিতা কৰিব? আহাঁ আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হ’ও। মোক দোষাৰোপ কৰা জন কোন? তেওঁক মোৰ ওচৰলৈ আহিব দিয়া।
He that defendeth my cause is near; Who will contend with me? Let us stand up together! Who is my adversary? Let him come near to me!
9 ৯ চোৱা, প্ৰভু যিহোৱাই মোক সহায় কৰিব; কোনে মোক দোষী কৰিব? চোৱা, তেওঁলোক সকলোৱেই কাপোৰৰ দৰে ক্ষয় হ’ব; পোকে তেওঁলোকক খাই পেলাব।
Behold, the Lord Jehovah is my defender; Who is he that shall condemn me? Behold, they shall all waste away like a garment; The moth shall consume them.
10 ১০ তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
Who is there among you that feareth Jehovah, That hearkeneth to the voice of his servant, That walketh in darkness and hath no light? Let him trust in the name of Jehovah, And lean upon his God.
11 ১১ চোৱা, তোমালোক যিসকলোৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলাইটেৰে সজ্জিত কৰা: তোমালোকে নিজৰ জুইৰ পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। যিহোৱাই কৈছে ‘মোৰ হাতৰ পৰা’ ‘এই সকলো তোমালোকলৈ ঘতিব: কষ্টৰ ঠাইত তোমালোকে শয়ন কৰিবা।’
Behold, all ye who kindle a fire, Who gird yourselves with burning arrows! Walk ye in the light of your fire, And in the burning arrows which ye have kindled. This shall ye have from my hand; Ye shall lie down in sorrow.