< ইসাইয়া 5 >

1 মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
Sevgilimin üzüm bağı barəsində Məhəbbət nəğməsini oxuyuram: Torpağın məhsuldar bir təpəsində Sevgilimin bir üzüm bağı var idi.
2 তেওঁ তাক খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে, আৰু তাত উত্তম দ্ৰাক্ষালতা ৰুলে, তাৰ মাজত এটা ওখ স্তম্ভ সাজিলে, আৰু এটা দ্ৰাক্ষাকুণ্ডও নিৰ্মাণ কৰিলে; তেওঁ উত্তম দ্ৰাক্ষাগুটি লগা আশা কৰিছিল, কিন্তু তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল।
O, torpağı belləyib daşlardan təmizlədi, Seçmə meynələr əkdi, Ortada gözətçi qülləsi tikdi, Üzümsıxan düzəltdi, Üzümlüyün barını gözlədi, Amma bağ cır üzüm gətirdi.
3 সেয়ে এতিয়া হে যিৰূচালেম নিবাসীসকল আৰু যিহূদাৰ লোকসকল, মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা।
«İndi isə xahiş edirəm, ey Yerusəlimdə yaşayanlar, Ey Yəhuda adamları, Mənimlə üzüm bağımın arasında hakim olun!
4 মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাতিলোঁ হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
Bağım üçün daha nə etməliyəm? Üzümlüyün barını gözləyərkən Axı nə üçün bağım cır üzüm gətirsin?
5 মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।
İndi qoy mən sizə bağımla nə edəcəyimi bildirim: Çəpərini sökəcəyəm və onu yeyib-dağıdacaqlar, Hasarını yıxacağam və onlar tapdalanacaq.
6 মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
Oranı viranəliyə çevirəcəyəm, Oranı nə budayacaqlar, nə də belləyəcəklər. Orada tikan və qanqal bitəcək, Buludlara əmr edəcəyəm ki, Üzərinə yağış yağmasın».
7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
İsrail nəsli Ordular Rəbbinin üzüm bağıdır, Yəhuda adamları isə Onun sevimli meynələridir! O, ədalət gözləyirdi, Budur, zorakılıq gördü, O, salehlik gözləyirdi, Budur, fəryadlar gördü!
8 ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।
Yer qalmayana qədər evi evə, Tarlanı tarlaya birləşdirənlərin vay halına! Yaşamağa yer qoymamısınız, Məgər bu ölkədə tək siz yaşayırsınız?
9 বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
Ordular Rəbbi mənə belə eşitdirdi: «Böyük və yaraşıqlı çoxlu evlər xaraba qalacaq, İçində yaşayan olmayacaq.
10 ১০ কিয়নো দহ একৰ আসক্ত হ’বলৈ অতি ৰাতিপুৱাতে উঠে, আৰু এক হোমৰ বীজত এক ঐফা উৎপন্ন হয়।
Üzümlüyün on sahəsindən bir bat şərab əldə ediləcək, Bir xomer toxumdan bir efa taxıl əmələ gələcək».
11 ১১ আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।
Vay halına səhər erkən qalxıb içki ardınca düşənlərin, Gecə yarısınadək şərab içib keflənənlərin!
12 ১২ তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।
Onların ziyafətlərində Lira, çəng, dəf və ney çalınar, Şərab içilər, Lakin onlar Rəbbin gördüyü işlərə Diqqət etməzlər, əməllərinə baxmazlar!
13 ১৩ এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
Buna görə xalqım ağılsızlığından sürgünə gedəcək, Onun adlı-sanlı adamları acından öləcək, Adi adamlar isə susuzluqdan yanacaq!
14 ১৪ সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে। (Sheol h7585)
Ölülər diyarı həddindən artıq ağzını açıb Doymaq bilmir. Yerusəlimin adlı-sanlıları, Adi adamları, səs-küylə əylənən insanları bu diyara enəcək. (Sheol h7585)
15 ১৫ মানুহবোৰে তলমুখ কৰিছে, আৰু মহান লোক নম্র হৈছে, আৰু অহঙ্কাৰীবোৰৰ দৃষ্টি নত হৈছে।
Buna görə də hamı yerə səriləcək, Hər kəs diz üstə çökdürüləcək, Təkəbbürlü baxışlar alçaldılacaq.
16 ১৬ বাহিনীসকলৰ যিহোৱা ন্যায় বিচাৰত উন্নত হৈছে, আৰু পবিত্ৰ ঈশ্বৰ নিজৰ ধাৰ্মিকতাত পবিত্ৰীকৃত হৈছে।
Amma Ordular Rəbbi Ədaləti ilə ucaldılacaq, Müqəddəs Allah salehliyi ilə Müqəddəsliyini göstərəcək.
17 ১৭ তাৰ পাছত মেৰ-ছাগবোৰে নিজৰ চৰণীয়া পথাৰত চৰাৰ দৰে চৰিছে, আৰু ধনী লোকৰ ধ্বংসাৱশেষৰ মেৰ-ছাগবোৰে চৰিছে।
Quzular öz otlaqlarındakı kimi otlayacaq, Varlıların viranə qalan evlərini yadellilər alacaq.
18 ১৮ যিসকলে অসাৰতাৰূপ ৰছীৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনা জৰী সৈতে পাপ টানি নিয়ে, তেওঁলোকৰ সন্তাপ হ’ব;
Pisliyi yalanla hörülmüş iplərlə, Günahı araba kəndirləri ilə çəkənlərin vay halına!
19 ১৯ যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক, সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”
Onlar deyir: «Qoy Allah tələssin, Öz əməlini tez həyata keçirsin, biz də görək. Qoy İsrailin Müqəddəsinin niyyəti gerçək olsun ki, bunu bilək!»
20 ২০ যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
Vay halına pisə yaxşı, yaxşıya pis söyləyənlərin, Qaranlığı işıq, işığı qaranlıq sayanların, Acıya şirin, şirinə acı deyənlərin!
21 ২১ যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
Vay halına özlərini müdrik zənn edənlərin, ağıllı sayanların!
22 ২২ যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।
Vay halına şərab içməkdə qəhrəman, İçkiləri qarışdırıb içməkdə pərgar olanların!
23 ২৩ ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
Vay halına rüşvət alıb təqsirkara bəraət qazandıranların, Haqlıların haqqını əlindən alanların!
24 ২৪ এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
Beləliklə, alovun dili samanı necə yeyib-qurtarırsa, Küləş od içində necə əriyib-gedirsə, Onlar da köklərindən elə çürüyəcək, Tumurcuqları toz kimi havaya sovrulacaq, Çünki Ordular Rəbbinin qanununu rədd etdilər, İsrailin Müqəddəsinin sözünə xor baxdılar.
25 ২৫ এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
Buna görə də Rəbbin qəzəbi Öz xalqına qarşı alovlandı, Əlini onlara qarşı uzadaraq onları vurdu. Dağlar titrədi, küçələrdə meyitləri zibil kimi qaldı, Bütün bunlara qarşı yenə də Rəbbin qəzəbi sönmədi, Əli hələ də cəzalandırmağa hazır idi.
26 ২৬ তেওঁ দূৰৰ দেশবোৰৰ বাবে সঙ্কেত দিয়া পতাকা তুলিব, আৰু পৃথিৱীৰ অন্তৰ পৰা তেওঁলোকৰ বাবে সুহুৰি মাৰিব; চোৱা তেওঁলোক ক্ষিপ্রতাৰে আৰু শীঘ্ৰে আহিব!
Rəbb uzaqda yaşayan millətləri Bayraq işarəsi ilə, Onları yer üzünün ucqarlarından Fit səsi ilə səsləyəcək. Tezliklə bu millətlər gələcək.
27 ২৭ তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
Aralarında yorulan, büdrəyən olmayacaq. Onlar mürgüləməyəcək və yuxuya getməyəcək, Belindəki kəmər açılmayacaq, ayaqqabı bağı qırılmayacaq.
28 ২৮ তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;
Onların oxları iti, yayları da dartılmışdır. Atların dırnaqları çaxmaq daşına bənzər, Döyüş arabalarının təkərləri qasırğa kimidir.
29 ২৯ তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
Onların nərəsi bağıran şikarlarını qapıb aparan, Kimsə onu əlindən ala bilməyən Şirin, gənc aslanın nərəsinə bənzər.
30 ৩০ সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।
O gün İsrailə qarşı onlar dənizin uğultusu kimi gurlayacaqlar. Kim yerə baxarsa, budur, zülmət, dərd görəcək. Axı işıq qara buludlarla örtülüb.

< ইসাইয়া 5 >