< ইসাইয়া 49 >

1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Hallgassatok reám, ti szigetek, és figyeljetek távol való népek: anyám méhétől hívott el az Úr, anyámnak szíve alatt már emlékezett nevemről.
2 তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে।
Hasonlóvá tevé számat az éles kardhoz, keze árnyékában rejtett el engem, és fényes nyíllá tett engemet, és tegzébe zárt be engem.
3 তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”
És mondá nékem: Szolgám vagy te, Izráel, a kiben én megdicsőülök.
4 যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ, মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
És én mondám: Hiába fáradoztam, semmire és haszontalan költöttem el erőmet; de az Úrnál van ítéletem, és jutalmam Istenemnél.
5 আৰু এতিয়া যিহোৱাই কৈছে, মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ।
És most így szól az Úr, a ki engem anyám méhétől szolgájává alkotott, hogy Jákóbot Ő hozzá megtérítsem és hogy Izráel hozzá gyűjtessék; hiszen tisztelt vagyok az Úr szemeiben és erősségem az én Istenem!
6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন: স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত: লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
Így szól: Kevés az, hogy nékem szolgám légy, a Jákób nemzetséginek megépítésére és Izráel megszabadultjainak visszahozására: sőt a népeknek is világosságul adtalak, hogy üdvöm a föld végéig terjedjen!
7 ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
Így szól az Úr, Izráel megváltója, Szentje, a megvetett lelkűhöz, a nép undorához, a zsarnokok szolgájához: Látjátok királyok! és majd fölkelnek, fejedelmek, és leborulnak az Úrért, a ki hű, Izráel Szentjéért, a ki téged elválasztott.
8 যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উত্তৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম, আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
Így szól az Úr: Jókedvem idején én meghallgattalak, és a szabadulás napján segítettelek; megtartlak és nép szövetségévé teszlek, hogy megépítsd a földet, és kioszd az elpusztult örökségeket;
9 অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
Így szólván a foglyoknak: Jőjjetek ki! és azoknak, a kik sötétben ülnek: Lépjetek elő! Az utakon legelnek, és minden halmokon legelőjük lesz:
10 ১০ তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।
Nem éheznek, nem szomjúhoznak, nem bántja őket délibáb és a nap; mert a ki rajtok könyörült, vezeti őket, és őket vizek forrásaihoz viszi.
11 ১১ আৰু মই মোৰ পৰ্ব্বতবোৰ বাটলৈ পৰিনত কৰিম আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম।”
És teszem minden hegyemet úttá, és ösvényeim magasak lesznek.
12 ১২ চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
Ímé, ezek messziről jönnek ímé, amazok észak és a tenger felől, és amazok Sinnek földéről!
13 ১৩ হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
Ujjongjatok egek, és föld örvendezz, ujjongva énekeljetek hegyek; mert megvígasztalá népét az Úr, és könyörül szegényein!
14 ১৪ কিন্তু চিয়োনে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।”
És szól Sion: Elhagyott az Úr engem, és rólam elfeledkezett az Úr!
15 ১৫ মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে, সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
Hát elfeledkezhetik-é az anya gyermekéről, hogy ne könyörüljön méhe fián? És ha elfeledkeznének is ezek: én te rólad el nem feledkezem.
16 ১৬ চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
Ímé, az én markaimba metszettelek fel téged, kőfalaid előttem vannak szüntelen.
17 ১৭ তোমাৰ সন্তান সকল যেতিয়া বেগাবেগি ঘুৰি আহিব; তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব।
Elősietnek fiaid, rombolóid és pusztítóid eltávoznak belőled.
18 ১৮ চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছোঁ” এয়া যিহোৱাৰ ঘোষনা- “তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
Emeld fel köröskörül szemeidet, és lássad, mindnyájan egybegyűlnek, hozzád jönnek. Élek én, így szól az Úr, hogy fölrakod mindnyájokat, mint ékszert, és felkötöd, mint menyasszony.
19 ১৯ ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্চন্ন হৈছিলা, এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
Mert romjaid és pusztaságaid és elpusztult földed, mindez szűk lesz most a lakosságnak, és messze távoznak elpusztítóid.
20 ২০ তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’
Gyermektelenségednek fiai még ezt mondják majd füled hallatára: Szoros e hely nékem, menj el, hogy itt lakhassam!
21 ২১ তেতিয়া তোমালোকে নিজকে কবা, “কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলোঁ। এই সন্তান সকলক কোনে প্রতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’”
És te így szólsz szívedben: Ki szűlte nékem ezeket? hisz én gyermektelen és terméketlen voltam, fogoly és számkivetett; és ezeket ki nevelte föl? Ímé, én egyedül maradtam meg; ezek hol voltak?
22 ২২ প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব।
Így szól az Úr Isten: Ímé, fölemelem kezemet a népekhez, és előttök zászlómat felállatom, és elhozzák fiaidat ölükben, és leányaid vállukon hordoztatnak.
23 ২৩ ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
És királyok lesznek dajkálóid, fejedelmi asszonyaik dajkáid, arczczal a földre borulnak előtted és lábaid porát nyalják; és megtudod, hogy én vagyok az Úr, kit a kik várnak, meg nem szégyenülnek.
24 ২৪ যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ?
Elvétethetik-é a préda az erőstől, és megszabadulhatnak-é az igazak foglyai?
25 ২৫ কিন্তু যিহোৱাই এই কথা কৈছে: হ’য় যোদ্ধাৰোসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ’ব, আৰু লুন্ঠন কৰি অনা বস্তু উদ্ধাৰকৰা হ’ব; কাৰণ মই তোমালোকৰ প্রতিদ্বন্দীক বাধা দিম আৰু তোমালোকৰ সন্তান সকলক ৰক্ষা কৰিম।
Igen, így szól az Úr, az erőstől elvétetnek a foglyok is, és megszabadul a kegyetlen zsákmánya, és háborgatóidat én háborítom meg, és én tartom meg fiaidat.
26 ২৬ আৰু তোমালোকক উপদ্ৰৱ কৰোঁতা সকলক মই তেওঁলোকৰ নিজৰেই মঙহ খুৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।
És etetem nyomorgatóiddal az önnön húsokat, és mint a musttól, véröktől megrészegednek, és megtudja minden test, hogy én vagyok az Úr; megtartód és megváltód, Jákóbnak erős Istene!

< ইসাইয়া 49 >