< ইসাইয়া 48 >
1 ১ হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
audite hoc domus Iacob qui vocamini nomine Israhel et de aquis Iuda existis qui iuratis in nomine Domini et Dei Israhel recordamini non in veritate neque in iustitia
2 ২ কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়, আৰু বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত ইস্ৰায়েলৰ ঈশ্বৰত বিশ্বাস কৰে।
de civitate enim sancta vocati sunt et super Deum Israhel constabiliti sunt Dominus exercituum nomen eius
3 ৩ মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ; অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল।
priora ex tunc adnuntiavi et ex ore meo exierunt et audita feci ea repente operatus sum et venerunt
4 ৪ কাৰণ মই জানো, যে, তুমি অবাধ্য, তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান, আৰু তোমাৰ কপাল পিতলস্বৰূপ,
scivi enim quia durus es tu et nervus ferreus cervix tua et frons tua aerea
5 ৫ এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ, যাতে তুমি নোকোৱা “সেইবোৰ মোৰ মূৰ্ত্তিয়ে কৰিলে,” বা “মোৰ কটা প্ৰতিমাই মোৰ সাঁচত ঢলা মূৰ্ত্তিয়ে সেইবোৰ আজ্ঞা কৰিলে।”
praedixi tibi ex tunc antequam venirent indicavi tibi ne forte diceres idola mea fecerunt haec et sculptilia mea et conflatilia mandaverunt ista
6 ৬ তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
quae audisti vide omnia vos autem non adnuntiastis audita feci tibi nova ex nunc et conservata quae nescis
7 ৭ সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল, এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।”
nunc creata sunt et non ex tunc et ante diem et non audisti ea ne forte dicas ecce cognovi ea
8 ৮ তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী।
neque audisti neque cognovisti neque ex tunc aperta est auris tua scio enim quia praevaricans praevaricabis et transgressorem ex ventre vocavi te
9 ৯ মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম।
propter nomen meum longe faciam furorem meum et laude mea infrenabo te ne intereas
10 ১০ চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
ecce excoxi te sed non quasi argentum elegi te in camino paupertatis
11 ১১ মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম; কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ’বলৈ দিব পাৰোঁ? মই মোৰ গৌৰৱ অন্য কাকো নিদিম।
propter me propter me faciam ut non blasphemer et gloriam meam alteri non dabo
12 ১২ হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা; মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও।
audi me Iacob et Israhel quem ego voco ego ipse ego primus et ego novissimus
13 ১৩ হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো, তেওঁলোক একেলগে থিয় হয়।
manus quoque mea fundavit terram et dextera mea mensa est caelos ego vocabo eos et stabunt simul
14 ১৪ তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে? বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ণ কৰিব।
congregamini omnes vos et audite quis de eis adnuntiavit haec Dominus dilexit eum faciet voluntatem suam in Babylone et brachium suum in Chaldeis
15 ১৫ মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।
ego ego locutus sum et vocavi eum adduxi eum et directa est via eius
16 ১৬ তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা; মই আদিৰে পৰা গুপুতে কথা কোৱা নাই; এই ঘটনা যেতিয়া ঘটে, মই তাতে আছোঁ, এতিয়া প্ৰভু যিহোৱাই নিজ আত্মা দি মোক পঠালে।
accedite ad me et audite hoc non a principio in abscondito locutus sum ex tempore antequam fieret ibi eram et nunc Dominus Deus misit me et spiritus eius
17 ১৭ তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
haec dicit Dominus redemptor tuus Sanctus Israhel ego Dominus Deus tuus docens te utilia gubernans te in via qua ambulas
18 ১৮ যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়।
utinam adtendisses mandata mea facta fuisset sicut flumen pax tua et iustitia tua sicut gurgites maris
19 ১৯ তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন; তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত বা নষ্ট নহ’ব।
et fuisset quasi harena semen tuum et stirps uteri tui ut lapilli eius non interisset et non fuisset adtritum nomen eius a facie mea
20 ২০ বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা! উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা! ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা! তোমালোকে কোৱা, ‘যিহোৱাই নিজ দাস যাকোবক মুক্ত কৰিলে।’”
egredimini de Babylone fugite a Chaldeis in voce exultationis adnuntiate auditum facite hoc efferte illud usque ad extrema terrae dicite redemit Dominus servum suum Iacob
21 ২১ যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল; তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জল সমূহ বেগেৰে ওলাল।
non sitierunt in deserto cum educeret eos aquam de petra produxit eis et scidit petram et fluxerunt aquae
22 ২২ যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”
non est pax dicit Dominus impiis