< ইসাইয়া 48 >

1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
“Tande sa, O lakay Jacob, ki rele pa non Israël, ki te sòti nan dlo Juda la. Nou sèmante pa non SENYÈ a, e envoke Bondye Israël la, men san verite e san ladwati.
2 কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়, আৰু বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত ইস্ৰায়েলৰ ঈশ্বৰত বিশ্বাস কৰে।
Paske yo rele tèt yo menm jan ak vil sen an e yo depann sou Bondye Israël la; SENYÈ dèzame se non Li.
3 মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ; অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল।
Mwen te deklare ansyen bagay lontan yo, yo te sòti nan bouch Mwen e Mwen te pwoklame yo. Sibitman Mwen te fè yo, e yo te vin rive.
4 কাৰণ মই জানো, যে, তুমি অবাধ্য, তোমাৰ ডিঙিৰ মাংসপেশী লোহাৰ দৰে টান, আৰু তোমাৰ কপাল পিতলস্বৰূপ,
Akoz Mwen konnen ke tèt ou di, kou ou tankou ba fè, e fwontèn ou tankou bwonz;
5 এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ, যাতে তুমি নোকোৱা “সেইবোৰ মোৰ মূৰ্ত্তিয়ে কৰিলে,” বা “মোৰ কটা প্ৰতিমাই মোৰ সাঁচত ঢলা মূৰ্ত্তিয়ে সেইবোৰ আজ্ঞা কৰিলে।”
pou sa, Mwen te deklare sa a ou menm lontan sa; avan yo te rive, Mwen te pwoklame yo a Ou menm, pou ou pa ta di: ‘Se zidòl mwen an ki te fè l; imaj taye mwen ak imaj fonn mwen an ki te kòmande yo.’
6 তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
Ou te tande sa! Gade tout sa! Konsa, ou menm, èske ou p ap deklare li? Mwen pwoklame bagay tounèf yo a ou menm soti kounye a, tout bagay kache a ke ou pa t konnen yo.
7 সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল, এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।”
Se koulye a yo fèt, e pa lontan sa. Avan jou sa a, ou pa t tande yo. Konsa, ou p ap di: “Gade byen, mwen te konnen yo”.
8 তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী।
Anverite, Ou pa t konn tande yo, ni ou pa t konnen yo. Menm depi lontan, zòrèy ou pa t ouvri, paske Mwen te konnen ke ou aji nan koken. Depi nan nesans ou, se rebèl ou te ye.
9 মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম।
Pou koz a non Mwen, M ap fè kòlè Mwen pran ti reta; pou koz lwanj Mwen, Mwen ralanti l pou ou, pou m pa koupe retire ou nèt.
10 ১০ চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
Gade byen, Mwen te rafine ou, men pa tankou ajan; Mwen te fè ou pase a leprèv nan founo doulè a.
11 ১১ মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম; কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ’বলৈ দিব পাৰোঁ? মই মোৰ গৌৰৱ অন্য কাকো নিদিম।
Pou koz pa M, pou pwòp koz pa Mwen, Mwen va aji; paske kòman non Mwen ka vin pwofane konsa? Glwa Mwen, Mwen p ap ka sede l bay yon lòt.
12 ১২ হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা; মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও।
Koute Mwen, O Jacob, menm Israël ke M te rele a; Mwen se Li menm nan. Mwen se premye a. E Mwen se osi dènye a.
13 ১৩ হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো, তেওঁলোক একেলগে থিয় হয়।
Anverite, men M te etabli latè, e men dwat Mwen te louvri syèl yo. Lè M rele yo, yo kanpe ansanm.
14 ১৪ তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে? বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ণ কৰিব।
Rasanble, nou tout pou koute! Se kilès pami yo ki te deklare bagay sa yo? Sila SENYÈ a renmen; li va akonpli sa li pito sou Babylone. Men L va kontra Kaldeyen yo.
15 ১৫ মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।
Mwen menm, Mwen te pale. Anverite, Mwen te rele li. Mwen te mennen li, e Li va fè chemen li yo vin reyisi.
16 ১৬ তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা; মই আদিৰে পৰা গুপুতে কথা কোৱা নাই; এই ঘটনা যেতিয়া ঘটে, মই তাতে আছোঁ, এতিয়া প্ৰভু যিহোৱাই নিজ আত্মা দি মোক পঠালে।
Vin toupre Mwen, koute sa: “Depi nan kòmansman, Mwen pa t pale an sekrè; depi tan sa te rive a, Mwen te la.” Epi koulye a Senyè BONDYE a te voye Mwen ak Lespri Li.
17 ১৭ তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
Konsa pale SENYÈ a, Redanmtè ou a, Sila Ki Sen an Israël la: “Mwen se SENYÈ a, Bondye ou a, ki enstwi ou pou ou ta byen reyisi, ki mennen ou nan chemen ke ou ta dwe ale a.
18 ১৮ যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়।
Si sèlman ou te okipe kòmandman Mwen yo! Konsa afè ou t ap mache byen tankou yon rivyè, e ladwati ou tankou lam lanmè yo.
19 ১৯ তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন; তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত বা নষ্ট নহ’ব।
Desandan nou yo t ap tankou sab e pitit ou yo tankou grenn sab. Non pa li pa ta janm vin disparèt ni detwi devan prezans Mwen.”
20 ২০ বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা! উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা! ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা! তোমালোকে কোৱা, ‘যিহোৱাই নিজ দাস যাকোবক মুক্ত কৰিলে।’”
Ale kite Babylone! Sove ale devan Kaldeyen yo! Deklare ak son a kri lajwa, pwoklame sa. Voye li rive jis nan dènye pwent latè. Anonse li, “SENYÈ a te rachte sèvitè Li a, Jacob.”
21 ২১ যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল; তেওঁ তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী বোৱালে, আৰু তেওঁ শিলটো ফালিলত জল সমূহ বেগেৰে ওলাল।
Yo pa t swaf lè Li te mennen yo travèse dezè yo. Li te fè dlo sòti nan wòch pou yo; Li te fann wòch la e dlo te vin pete.
22 ২২ যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”
“Pa gen lapè pou mechan yo”, SENYÈ a di.

< ইসাইয়া 48 >