< ইসাইয়া 47 >
1 ১ হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
Descend, sit in the dust, O virgin daughter of Babylon! Sit on the ground. There is no throne for the daughter of the Chaldeans. For you shall no longer be called delicate and tender.
2 ২ জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
Take a millstone and grind meal. Uncover your shame, bare your shoulder, reveal your legs, cross the streams.
3 ৩ তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
Your disgrace will be revealed, and your shame will be seen. I will seize vengeance, and no man will withstand me.
4 ৪ আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
Our Redeemer, the Lord of hosts is his name, the Holy One of Israel.
5 ৫ হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰাণী বুলি মতা নহ’বা।
Sit in silence, and enter into darkness, O daughter of the Chaldeans! For you shall no longer be called the noblewoman of kingdoms.
6 ৬ মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলোঁ, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
I was angry with my people. I have polluted my inheritance, and I have given them into your hand. You have not shown mercy to them. You have greatly increased the burden of your yoke upon the elders.
7 ৭ তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
And you have said: “I will be a noblewoman forever.” You have not set these things upon your heart, and you have not remembered your end.
8 ৮ নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”
And now, hear these things, you who are delicate and have confidence, who say in your heart: “I am, and there is no one greater than me. I will not sit as a widow, and I will not know barrenness.”
9 ৯ কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
These two things will suddenly overwhelm you in one day: barrenness and widowhood. All things shall overwhelm you, because of the multitude of your sorceries and because of the great cruelty of your enchantments.
10 ১০ তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
And you have trusted in your malice, and you have said: “There is no one who sees me.” Your wisdom and your knowledge, these have deceived you. And you have said in your heart: “I am, and beside me there is no other.”
11 ১১ বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
Evil will overwhelm you, and you will not notice its rising. And calamity will fall violently over you, and you will not be able to avert it. You will suddenly be overwhelmed by a misery such as you have never known.
12 ১২ যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
Stand with your incantations, and with the multitude of your sorceries, in which you have labored from your youth, as if somehow it might benefit you, or as if it were able to make you stronger.
13 ১৩ তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
You have failed in the multitude of your plans! Let the seers stand and save you, those who were contemplating the stars, and figuring the months, so that from these they might announce to you the things to come.
14 ১৪ চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
Behold, they have become like stubble. Fire has consumed them. They will not free themselves from the power of the flames. These are not coals by which they may be warmed, nor is this a fire which they may sit beside.
15 ১৫ সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।
So have all these things, in which you have labored, become to you. Your merchants from your youth, each one has erred in his own way. There is no one who can save you.