< ইসাইয়া 46 >

1 বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
«زمانی مردم بابِل بتهای خود،”بِل“و”نبو“را می‌پرستیدند، اما اینک این دو بت روی گاری گذاشته شده و چارپایانِ خسته آنها را می‌کشند.
2 একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।
خدایان بابِل اسیر شده‌اند و به جای دیگری برده می‌شوند؛ آنها قادر نیستند خود را نجات دهند.
3 গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
«ای بازماندگان بنی‌اسرائیل، به من گوش دهید. من شما را آفریده‌ام و از بدو تولد تاکنون از شما نگه داری کرده‌ام.
4 আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
من خدای شما هستم و تا وقتی پیر شوید و موهایتان سفید شود از شما مراقبت خواهم کرد. من شما را آفریده‌ام و از شما نگه داری خواهم نمود. شما را با خود خواهم برد و نجا‌ت‌دهندۀ شما خواهم بود.»
5 তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ, সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?
خداوند می‌گوید: «مرا با چه کسی مقایسه می‌کنید؟ آیا کسی را می‌توانید پیدا کنید که با من برابری کند؟
6 লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
آیا مرا به بتها تشبیه می‌کنید که مردم با طلا و نقرهٔ خود آن را می‌سازند؟ آنها زرگر را اجیر می‌کنند تا ثروتشان را بگیرد و از آن خدایی بسازد؛ سپس زانو می‌زنند و آن را سجده می‌کنند!
7 তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
بت را بر دوش می‌گیرند و به این طرف و آن طرف می‌برند. هنگامی که آن را بر زمین می‌گذارند همان جا می‌ماند، چون نمی‌تواند حرکت کند! وقتی کسی نزدش دعا می‌کند، جوابی نمی‌دهد، چون بت نمی‌تواند ناراحتی او را برطرف سازد.
8 হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা
«ای گناهکاران این را فراموش نکنید،
9 সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ, আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।
و به یاد داشته باشید که من بارها شما را از رویدادهای آینده آگاه ساخته‌ام. زیرا تنها من خدا هستم و کسی دیگر مانند من نیست که
10 ১০ মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম, আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
بتواند به شما بگوید در آینده چه رخ خواهد داد. آنچه بگویم واقع خواهد شد و هر چه اراده کنم به انجام خواهد رسید.
11 ১১ মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে, মইয়ো কৰিম।
مردی را از مشرق، از آن سرزمین دور دست فرا می‌خوانم. او مانند یک پرندهٔ شکاری فرود خواهد آمد و آنچه را اراده نموده‌ام انجام خواهد داد. آنچه گفته‌ام واقع خواهد شد.
12 ১২ সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা।
ای مردم دیر باور که فکر می‌کنید آزادی شما دور است، به من گوش دهید.
13 ১৩ মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।
من روز آزادیتان را نزدیک آورده‌ام. من تأخیر نخواهم کرد و اورشلیم را نجات خواهم داد و اسرائیل را سرافراز خواهم ساخت.»

< ইসাইয়া 46 >