< ইসাইয়া 45 >
1 ১ যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
Così ha detto il Signore a Ciro, suo unto, ed il quale io ho preso, [dice egli], per la man destra, per atterrar davanti a lui le genti, e sciogliere i lombi dei re; per aprir gli usci dinanzi a lui, e [far] che le porte non [gli] sieno serrate:
2 ২ মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
Io andrò dinanzi a te, e dirizzerò le [vie] distorte; io romperò le porte di rame, e spezzerò le sbarre di ferro.
3 ৩ মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
E ti darò i tesori [riposti] in luoghi tenebrosi, e le cose nascoste in luoghi segreti; acciocchè tu conosca che io [sono] il Signore, l'Iddio d'Israele, che ti ho chiamato per lo tuo nome;
4 ৪ মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীত ইস্ৰায়েলৰ বাবে, যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলোঁ আৰু সন্মানীয় উপাধি দিলোঁ।
per amor di Giacobbe, mio servitore, e d'Israele, mio eletto; anzi ti ho chiamato per lo tuo nome, [e] ti ho soprannominato, benchè tu non mi conoscessi.
5 ৫ ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
Io [sono] il Signore, e non [ve n'è] alcun altro; non [vi è] Dio alcuno fuor che me; io ti ho cinto, benchè tu non mi conoscessi;
6 ৬ সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই।
acciocchè si conosca dal sol levante, e dal Ponente, che [non vi è] alcun [Dio] fuor che me. Io [sono] il Signore, e non [ve n'è] alcun altro;
7 ৭ মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
che formo la luce, e creo le tenebre; che fo la pace, e creo il male. Io [sono] il Signore, che fo tutte queste cose.
8 ৮ হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।
Cieli, gocciolate da alto, e stillino le nuvole la giustizia; aprasi la terra, e fruttino la salute, e la giustizia; faccia[le quella] germogliare insieme. Io, il Signore, ho creato questo.
9 ৯ যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
Guai a chi contende col suo Formatore! [contenda] il testo co' testi di terra; l'argilla dirà ella al suo formatore: Che fai? non [vi è] alcuna [opera di] mani nel tuo lavoro.
10 ১০ ‘আপুনি জন্মদাতা ৰূপে কি কৰিছে?’ এই বুলি যি জনে পিতৃক, বা ‘আপুনি কি জন্ম দিছে?’ এই বুলি মহিলাক কয়, তেওঁৰ সন্তাপ হ’ব।
Guai a chi dice al padre: Che generi? ed alla donna: Che partorisci?
11 ১১ ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, নিৰ্মাণকৰ্ত্তা যিহোৱাই এই কথা কৈছে: আগলৈ হ’ব লগা ঘটনাৰ বিষয়ে, আৰু মোৰ সন্তান সকলৰ বিষয়ে মোক প্রশ্ন কৰিছানে? মোৰ হাতৰ কাৰ্যৰ বিষয়ে কি কৰিম তোমালোকে মোক কৈছানে?’
Così ha detto il Signore, il Santo d'Israele, e suo Formatore: Domandatemi delle cose avvenire; ordinatemi [ciò che io ho da fare] intorno a' miei figliuoli, ed all'opera delle mie mani.
12 ১২ মইয়ে পৃথিৱী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
Io ho fatta la terra, ed ho creati gli uomini che [sono] sopra essa; le mie mani hanno distesi i cieli, ed io ho dati gli ordini a tutto il loro esercito.
13 ১৩ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”
Io ho suscitato quell'uomo in giustizia, e addirizzerò tutte le sue imprese; egli riedificherà la mia città, e rimanderà il mio popolo, che sarà stato in cattività, senza prezzo, e senza presente, ha detto il Signor degli eserciti.
14 ১৪ যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কুচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব। তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰাৰ্থনা কৰিব, ‘নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
Così ha detto il Signore: La fatica dell'Egitto, e il traffico degli Etiopi, e de' Sabei, uomini di grande statura, passeranno a te, e saranno tuoi, [o Gerusalemme; que' popoli] cammineranno dietro a te, passeranno co' ceppi, e s'inchineranno dinanzi a te; ti supplicheranno, [dicendo: ] Certo in te [è] Iddio; e fuor d'Iddio, non [vi è] alcun altro [Dio].
15 ১৫ হে ইস্ৰায়েলৰ ঈশ্বৰ, ত্ৰাণকৰ্ত্তা, নিশ্চয়ে আপুনি নিজকে গোপন ৰাখোঁতা ঈশ্বৰ।
Veramente tu [sei] l'Iddio, che ti nascondi, l'Iddio d'Israele, il Salvatore.
16 ১৬ মুৰ্ত্তি সাজোঁতাসকলে অপমান পাব, তেওঁলোকে লাজ পাব আৰু অপদস্থ হ’ব।
Essi tutti sono stati confusi e svergognati; gli artefici degl'idoli se ne sono andati tutti quanti con vituperio.
17 ১৭ কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
[Ma] Israele è stato salvato dal Signore, di una salute eterna; voi [Israeliti] non sarete giammai in eterno confusi, nè svergognati.
18 ১৮ কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Perciocchè, così ha detto il Signore che ha creati i cieli; l'Iddio, che ha formata la terra, e l'ha fatta, [e] l'ha stabilita, [e] non l'ha creata per restar vacua, [anzi] l'ha formata per essere abitata: Io [sono] il Signore, e non [ve n'è] alcun altro.
19 ১৯ মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
Io non ho parlato di nascosto, [nè] in luogo tenebroso della terra; io non ho detto alla progenie di Giacobbe in vano: Cercatemi; io [sono] il Signore, che parlo [in] giustizia, [ed] annunzio cose diritte.
20 ২০ জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।
Adunatevi, e venite; accostatevi tutti quanti [voi] che siete scampati d'infra le genti. Quelli che portano il legno della loro scultura, e fanno orazione ad un dio [che] non può salvare, non hanno conoscimento alcuno.
21 ২১ ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
Annunziate [loro], e fateli appressare, [ed] anche prendano consiglio insieme; chi ha fatto intender questo ab antico, chi l'ha annunziato già da lungo tempo? non [son] desso io, il Signore, fuor del quale non [vi è] alcun altro Dio? l'Iddio giusto, e Salvatore; fuor di me non [ve n'è] alcun altro.
22 ২২ পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Riguardate a me, [voi] tutti i termini della terra, e siate salvati; perciocchè io [sono] Iddio, e non [ve n'è] alcun altro.
23 ২৩ মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলোঁ, আৰু সেয়ে পুনৰ ঘুৰি নাহিব।
Io ho giurato per me stesso, una parola è uscita della mia bocca, [in] giustizia, e non sarà revocata: Che ogni ginocchio si piegherà davanti a me, [ed] ogni lingua giurerà [per me].
24 ২৪ লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
Ei si dirà di me: Veramente nel Signore [è] ogni giustizia e forza; tutti quelli che sono accesi d'ira contro a lui verranno a lui, e saranno confusi.
25 ২৫ যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।
Tutta la progenie d'Israele sarà giustificata nel Signore, e si glorierà [in lui].