< ইসাইয়া 44 >

1 মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।
ועתה שמע יעקב עבדי וישראל בחרתי בו
2 যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণ, ভয় নকৰিবা।”
כה אמר יהוה עשך ויצרך מבטן יעזרך אל תירא עבדי יעקב וישרון בחרתי בו
3 কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
כי אצק מים על צמא ונזלים על יבשה אצק רוחי על זרעך וברכתי על צאצאיך
4 তাতে বোৱতী পানীৰ দাঁতিত উইল গছ বঢ়াৰ দৰে ঘাঁহবোৰৰ মাজত সেইবোৰ গজি বাঢ়িব।
וצמחו בבין חציר כערבים על יבלי מים
5 এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
זה יאמר ליהוה אני וזה יקרא בשם יעקב וזה יכתב ידו ליהוה ובשם ישראל יכנה
6 ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা, বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
כה אמר יהוה מלך ישראל וגאלו יהוה צבאות אני ראשון ואני אחרון ומבלעדי אין אלהים
7 মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।
ומי כמוני יקרא ויגידה ויערכה לי משומי עם עולם ואתיות ואשר תבאנה יגידו למו
8 তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
אל תפחדו ואל תרהו--הלא מאז השמעתיך והגדתי ואתם עדי היש אלוה מבלעדי ואין צור בל ידעתי
9 কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
יצרי פסל כלם תהו וחמודיהם בל יועילו ועדיהם המה בל יראו ובל ידעו--למען יבשו
10 ১০ মূল্যহীন দেৱতা বা কটা মূৰ্ত্তি কোনে নিৰ্ম্মাণ কৰিলে?
מי יצר אל ופסל נסך--לבלתי הועיל
11 ১১ চোৱা, তেওঁৰ সকলো সহযোগী সকল লাজত পৰিব; শিল্পকাৰসকল কেৱল মানুহ মাথোন। তেওঁলোকক একেলগহৈ থিৰে থাকিব দিয়া; তেওঁলোক কাপুৰুষ আৰু তেওঁলোকে লাজ পাব।
הן כל חבריו יבשו וחרשים המה מאדם יתקבצו כלם יעמדו יפחדו יבשו יחד
12 ১২ কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়।
חרש ברזל מעצד ופעל בפחם ובמקבות יצרהו ויפעלהו בזרוע כחו--גם רעב ואין כח לא שתה מים וייעף
13 ১৩ বাঢ়ৈয়ে কাঠ ৰেখা টানি ৰঙা জোখে, আৰু লিখনিৰে সৈতে তাত চিন দিয়ে। তেওঁ কম্পাচেৰে সৈতে চিন দি সজুলিৰে সৈতে তাক গঢ় দিয়ে, তেওঁ আকৰ্ষণীয় মানুহৰ আকৃতিৰে তাক গঢ় দিয়ে, যাতে তাক মন্দিৰত থ’ব পাৰে।
חרש עצים נטה קו יתארהו בשרד יעשהו במקצעות ובמחוגה יתארהו ויעשהו כתבנית איש כתפארת אדם לשבת בית
14 ১৪ তেওঁ এৰচ গছ কাটে; বা তেওঁ দেবদাৰু (চাইপ্ৰাচ) আৰু ওক গছ বাছি লয়; সি অৰণ্যৰ পৰা গছবোৰ নিজৰ বাবে লয়। ফাৰ গছ ৰোৱে, আৰু বৰষুণে তাক বৃদ্ধি কৰে।
לכרת לו ארזים--ויקח תרזה ואלון ויאמץ לו בעצי יער נטע ארן וגשם יגדל
15 ১৫ তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত পিঠা শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
והיה לאדם לבער ויקח מהם ויחם אף ישיק ואפה לחם אף יפעל אל וישתחו עשהו פסל ויסגד למו
16 ১৬ তেওঁ জুইৰ বাবে সেই কাঠৰ এভাগ পোৰে, তাৰ ওপৰত মঙহ পোৰে। তেওঁ তাক ভোজন কৰি তৃপ্ত হয়। তেওঁ নিজকে প্রাণবন্ত কৰি ক’য়, ও মই প্রাণবন্ত হৈছোঁ, মই জুই দেখিছোঁ।”
חציו שרף במו אש על חציו בשר יאכל יצלה צלי וישבע אף יחם ויאמר האח חמותי ראיתי אור
17 ১৭ তাৰ অৱশিষ্ট কাঠেৰে তেওঁ এক দেৱতা নিৰ্মাণ কৰিলে, তেওঁ তাৰ আগত প্ৰণিপাত কৰে, আৰু তাক সন্মান কৰে, আৰু তাৰ আগত প্ৰশংসা কৰি কয়, “মোক উদ্ধাৰ কৰা; কাৰণ তুমি মোৰ দেৱতা।”
ושאריתו לאל עשה לפסלו יסגוד (יסגד) לו וישתחו ויתפלל אליו ויאמר הצילני כי אלי אתה
18 ১৮ তেওঁলোকে নাজানে, আৰু তেওঁলোকে নুবুজে; কাৰণ তেওঁলোক চকু অন্ধ আৰু দেখা নাপায়, আৰু তেওঁলোকৰ হৃদয় অনুভব নকৰে।
לא ידעו ולא יבינו כי טח מראות עיניהם מהשכיל לבתם
19 ১৯ কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”
ולא ישיב אל לבו ולא דעת ולא תבונה לאמר חציו שרפתי במו אש ואף אפיתי על גחליו לחם אצלה בשר ואכל ויתרו לתועבה אעשה לבול עץ אסגוד
20 ২০ এইটো তেওঁ ছাঁই ভোজন কৰাৰ দৰে; তেওঁক প্রবঞ্চক হৃদয়ে বিপথে নিয়ে। তেওঁ নিজৰ প্ৰাণক উদ্ধাৰ কৰিব নোৱাৰে, নাইবা তেওঁ ক’য়, “মোৰ সোঁ হাতে থকা এই বস্তু অনর্থক দেৱতা।”
רעה אפר לב הותל הטהו ולא יציל את נפשו ולא יאמר הלוא שקר בימיני
21 ২১ হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।
זכר אלה יעקב וישראל כי עבדי אתה יצרתיך עבד לי אתה ישראל לא תנשני
22 ২২ তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
מחיתי כעב פשעיך וכענן חטאותיך שובה אלי כי גאלתיך
23 ২৩ হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
רנו שמים כי עשה יהוה הריעו תחתיות ארץ פצחו הרים רנה יער וכל עץ בו כי גאל יהוה יעקב ובישראל יתפאר
24 ২৪ তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “মইয়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিৱী সজালে,
כה אמר יהוה גאלך ויצרך מבטן אנכי יהוה עשה כל--נטה שמים לבדי רקע הארץ מי אתי (מאתי)
25 ২৫ যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।
מפר אתות בדים וקסמים יהולל משיב חכמים אחור ודעתם יסכל
26 ২৬ মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
מקים דבר עבדו ועצת מלאכיו ישלים האמר לירושלם תושב ולערי יהודה תבנינה וחרבותיה אקומם
27 ২৭ যি জনাই অগাধ সমূদ্রক কয়, ‘শুকাই যা, আৰু মই তোৰ সোঁতবোৰ শুকুৱাম,
האמר לצולה חרבי ונהרתיך אוביש
28 ২৮ যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”
האמר לכורש רעי וכל חפצי ישלם ולאמר לירושלם תבנה והיכל תוסד

< ইসাইয়া 44 >