< ইসাইয়া 44 >
1 ১ মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।
Men hør nu, Jakob, min Tjener, Israel, hvem jeg har udvalgt:
2 ২ যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণ, ভয় নকৰিবা।”
Saa siger HERREN, som skabte dig og fra Moders Liv danned dig, din Hjælper: Frygt ikke, min Tjener Jakob, Jesjurun, hvem jeg har udvalgt!
3 ৩ কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
Thi jeg udgyder Vand paa det tørstende, Strømme paa det tørre Land, udgyder min Aand paa din Æt, min Velsignelse over dit Afkom;
4 ৪ তাতে বোৱতী পানীৰ দাঁতিত উইল গছ বঢ়াৰ দৰে ঘাঁহবোৰৰ মাজত সেইবোৰ গজি বাঢ়িব।
de skal spire som Græs mellem Vande, som Pile ved Bækkenes Løb.
5 ৫ এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
En skal sige: »Jeg er HERRENS«, en kalde sig med Jakobs Navn, en skrive i sin Haand: »For HERREN!« og tage sig Israels Navn.
6 ৬ ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা, বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Saa siger HERREN, Israels Konge, dets Genløser, Hærskarers HERRE: Jeg er den første og den sidste, uden mig er der ingen Gud.
7 ৭ মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।
Hvo der er min Lige, træde frem, forkynde og godtgøre for mig: Hvo kundgjorde fra Urtid det kommende? De forkynde os, hvad der skal ske!
8 ৮ তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো।”
Ræddes og ængstes ikke! Har ej længst jeg kundgjort og sagt det? I er mine Vidner: Er der Gud uden mig, er der vel anden Klippe? Jeg ved ikke nogen.
9 ৯ কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
De, der laver Gudebilleder, er alle intet, og deres kære Guder gavner intet; deres Vidner ser intet og kender intet, at de maa blive til Skamme.
10 ১০ মূল্যহীন দেৱতা বা কটা মূৰ্ত্তি কোনে নিৰ্ম্মাণ কৰিলে?
Naar nogen laver en Gud og støber et Billede, er det ingen Gavn til;
11 ১১ চোৱা, তেওঁৰ সকলো সহযোগী সকল লাজত পৰিব; শিল্পকাৰসকল কেৱল মানুহ মাথোন। তেওঁলোকক একেলগহৈ থিৰে থাকিব দিয়া; তেওঁলোক কাপুৰুষ আৰু তেওঁলোকে লাজ পাব।
se, alle dets Tilbedere bliver til Skamme; Mestrene er jo kun Mennesker — lad dem samles til Hobe og træde frem, de skal alle som een forfærdes og blive til Skamme.
12 ১২ কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়।
En smeder Jern til en Økse og arbejder ved Kulild, tildanner den med Hamre og gør den færdig med sin stærke Arm; faar han ikke Mad, afkræftes han, og faar han ikke Vand at drikke, bliver han træt.
13 ১৩ বাঢ়ৈয়ে কাঠ ৰেখা টানি ৰঙা জোখে, আৰু লিখনিৰে সৈতে তাত চিন দিয়ে। তেওঁ কম্পাচেৰে সৈতে চিন দি সজুলিৰে সৈতে তাক গঢ় দিয়ে, তেওঁ আকৰ্ষণীয় মানুহৰ আকৃতিৰে তাক গঢ় দিয়ে, যাতে তাক মন্দিৰত থ’ব পাৰে।
Saa fælder han Træer, udspænder Maalesnoren, tegner Billedet med Gravstikken, skærer det ud med Kniven og sætter det af med Cirkelen; han laver det efter en Mands Skikkelse, efter menneskelig Skønhed, til at staa i et Hus.
14 ১৪ তেওঁ এৰচ গছ কাটে; বা তেওঁ দেবদাৰু (চাইপ্ৰাচ) আৰু ওক গছ বাছি লয়; সি অৰণ্যৰ পৰা গছবোৰ নিজৰ বাবে লয়। ফাৰ গছ ৰোৱে, আৰু বৰষুণে তাক বৃদ্ধি কৰে।
Han fældede sig Cedre, tog Elm og Eg og arbejdede af al sin Kraft paa Skovens Træer, som Gud havde plantet og Regnen givet Vækst.
15 ১৫ তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত পিঠা শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
Det tjener et Menneske til Brændsel, han tager det og varmer sig derved; han sætter Ild i det og bager Brød — og desuden laver han en Gud deraf og tilbeder den, han gør et Gudebillede deraf og knæler for det.
16 ১৬ তেওঁ জুইৰ বাবে সেই কাঠৰ এভাগ পোৰে, তাৰ ওপৰত মঙহ পোৰে। তেওঁ তাক ভোজন কৰি তৃপ্ত হয়। তেওঁ নিজকে প্রাণবন্ত কৰি ক’য়, ও মই প্রাণবন্ত হৈছোঁ, মই জুই দেখিছোঁ।”
Halvdelen brænder han i Ilden, og over Gløderne steger han Kød; han spiser Stegen og mættes; og han varmer sig derved og siger: »Ah, jeg bliver varm, jeg mærker Ilden« —
17 ১৭ তাৰ অৱশিষ্ট কাঠেৰে তেওঁ এক দেৱতা নিৰ্মাণ কৰিলে, তেওঁ তাৰ আগত প্ৰণিপাত কৰে, আৰু তাক সন্মান কৰে, আৰু তাৰ আগত প্ৰশংসা কৰি কয়, “মোক উদ্ধাৰ কৰা; কাৰণ তুমি মোৰ দেৱতা।”
og af Resten laver han en Gud, et Billede; han knæler for det, kaster sig ned og beder til det og siger: »Frels mig, thi du er min Gud!«
18 ১৮ তেওঁলোকে নাজানে, আৰু তেওঁলোকে নুবুজে; কাৰণ তেওঁলোক চকু অন্ধ আৰু দেখা নাপায়, আৰু তেওঁলোকৰ হৃদয় অনুভব নকৰে।
De skønner ikke, de fatter ikke, thi deres Øjne er lukket, saa de ikke ser, og deres Hjerter, saa de ikke skønner.
19 ১৯ কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”
De tænker ikke over det, de har ikke Indsigt og Forstand til at sige sig selv: »Halvdelen brændte jeg i Baalet, over Gløderne bagte jeg Brød, stegte Kød og spiste; skulde jeg da af Resten gøre en Vederstyggelighed? Skulde jeg knæle for en Træklods?«
20 ২০ এইটো তেওঁ ছাঁই ভোজন কৰাৰ দৰে; তেওঁক প্রবঞ্চক হৃদয়ে বিপথে নিয়ে। তেওঁ নিজৰ প্ৰাণক উদ্ধাৰ কৰিব নোৱাৰে, নাইবা তেওঁ ক’য়, “মোৰ সোঁ হাতে থকা এই বস্তু অনর্থক দেৱতা।”
Den, som tillægger Aske Værd, ham har et vildfarende Hjerte daaret; han redder ikke sin Sjæl, saa han siger: »Er det ikke en Løgn, jeg har i min højre Haand?«
21 ২১ হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।
Jakob, kom dette i Hu, Israel, thi du er min Tjener! Jeg skabte dig, du er min Tjener, ej skal du glemmes, Israel;
22 ২২ তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
jeg sletted som Taage din Misgerning og som en Sky dine Synder. Vend om til mig, thi jeg genløser dig!
23 ২৩ হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
Jubler, I Himle, thi HERREN greb ind, fryd jer, I Jordens Dybder, bryd ud i Jubel, I Bjerge, Skoven og alle dens Træer, thi HERREN genløser Jakob og herliggør sig ved Israel.
24 ২৪ তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “মইয়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিৱী সজালে,
Saa siger HERREN, din Genløser, som danned dig fra Moders Liv: Jeg er HERREN, som skabte alt, som ene udspændte Himlen, udbredte Jorden, hvo hjalp mig?
25 ২৫ যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।
som tilintetgør Løgnernes Tegn og gør Spaamænd til Daarer, som tvinger de vise tilbage, beskæmmer deres Lærdom,
26 ২৬ মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
stadfæster sine Tjeneres Ord, fuldbyrder sine Sendebuds Raad. Jeg siger om Jerusalem: »Det skal bebos!« om Judas Byer: »De skal bygges!« Ruinerne rejser jeg atter!
27 ২৭ যি জনাই অগাধ সমূদ্রক কয়, ‘শুকাই যা, আৰু মই তোৰ সোঁতবোৰ শুকুৱাম,
Jeg siger til Dybet: »Bliv tørt, dine Floder gør jeg tørre!«
28 ২৮ যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”
Jeg siger om Kyros: »Min Hyrde, som fuldbyrder al min Vilje!« Jeg siger om Jerusalem: »Det skal bygges!« om Templet: »Det skal grundes!«