< ইসাইয়া 43 >

1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
ועתה כה אמר יהוה בראך יעקב ויצרך ישראל אל תירא כי גאלתיך קראתי בשמך לי אתה
2 তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
כי תעבר במים אתך אני ובנהרות לא ישטפוך כי תלך במו אש לא תכוה ולהבה לא תבער בך
3 কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
כי אני יהוה אלהיך קדוש ישראל מושיעך נתתי כפרך מצרים כוש וסבא תחתיך
4 এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
מאשר יקרת בעיני נכבדת ואני אהבתיך ואתן אדם תחתיך ולאמים תחת נפשך
5 ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
אל תירא כי אתך אני ממזרח אביא זרעך וממערב אקבצך
6 মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
אמר לצפון תני ולתימן אל תכלאי הביאי בני מרחוק ובנותי מקצה הארץ
7 মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
כל הנקרא בשמי ולכבודי בראתיו יצרתיו אף עשיתיו
8 তোমালোকে চকু থকা অন্ধ লোকক, আৰু কাণ থকা কলা লোকক উলিয়াই আনা।
הוציא עם עור ועינים יש וחרשים ואזנים למו
9 সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।
כל הגוים נקבצו יחדו ויאספו לאמים--מי בהם יגיד זאת וראשנות ישמיענו יתנו עדיהם ויצדקו וישמעו ויאמרו אמת
10 ১০ যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
אתם עדי נאם יהוה ועבדי אשר בחרתי למען תדעו ותאמינו לי ותבינו כי אני הוא--לפני לא נוצר אל ואחרי לא יהיה
11 ১১ মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
אנכי אנכי יהוה ואין מבלעדי מושיע
12 ১২ ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ;
אנכי הגדתי והושעתי והשמעתי--ואין בכם זר ואתם עדי נאם יהוה ואני אל
13 ১৩ আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
גם מיום אני הוא ואין מידי מציל אפעל ומי ישיבנה
14 ১৪ তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
כה אמר יהוה גאלכם קדוש ישראל למענכם שלחתי בבלה והורדתי בריחים כלם וכשדים באניות רנתם
15 ১৫ ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
אני יהוה קדושכם בורא ישראל מלככם
16 ১৬ সমুদ্ৰৰ মাজেদি বাট, (মহাজলৰাশিৰ মাজেদি পথ যুগুত কৰা যিহোৱাই এই কথা কৈছে,
כה אמר יהוה הנותן בים דרך ובמים עזים נתיבה
17 ১৭ ৰথ আৰু ঘোঁৰা, সৈন্য-সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনা জন, তেওঁলোকে একেলগে শুলে, তেওঁলোক আৰু নুঠে; আৰু তেওঁলোক লুপ্ত হ’ব, জ্বলি থকা শলিতাৰ দৰে নুমাই যায়)
המוציא רכב וסוס חיל ועזוז יחדו ישכבו בל יקומו דעכו כפשתה כבו
18 ১৮ তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা।
אל תזכרו ראשנות וקדמניות אל תתבננו
19 ১৯ চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
הנני עשה חדשה עתה תצמח הלוא תדעוה אף אשים במדבר דרך בישמון נהרות
20 ২০ বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
תכבדני חית השדה תנים ובנות יענה כי נתתי במדבר מים נהרות בישימן להשקות עמי בחירי
21 ২১ এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
עם זו יצרתי לי תהלתי יספרו
22 ২২ কিন্তু হে যাকোব, তুমি মোক হ’লে, আহ্বান কৰা নাই; আৰু হে ইস্ৰায়েল, তুমি মোৰ পৰা আমনি পাইছা।
ולא אתי קראת יעקב כי יגעת בי ישראל
23 ২৩ তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই।
לא הביאת לי שה עלתיך וזבחיך לא כבדתני לא העבדתיך במנחה ולא הוגעתיך בלבונה
24 ২৪ তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
לא קנית לי בכסף קנה וחלב זבחיך לא הרויתני אך העבדתני בחטאותיך הוגעתני בעונתיך
25 ২৫ মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
אנכי אנכי הוא מחה פשעיך למעני וחטאתיך לא אזכר
26 ২৬ কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা; আহাঁ, আমি একেলগে বাদানুবাদ কৰোঁহক; তুমি যাতে নিৰ্দ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দৰ্শোৱা।
הזכירני נשפטה יחד ספר אתה למען תצדק
27 ২৭ তোমাৰ আদিপিতৃয়ে পাপ কৰিলে, আৰু তোমাৰ মূখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে।
אביך הראשון חטא ומליציך פשעו בי
28 ২৮ এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম।
ואחלל שרי קדש ואתנה לחרם יעקב וישראל לגדופים

< ইসাইয়া 43 >