< ইসাইয়া 41 >
1 ১ হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।
Умукните преда мном, острва; и народи нека се поткрепе, нека приступе, и тада нека кажу: Хајдемо да се судимо.
2 ২ কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।
Ко је подигао правду с истока? Ко је дозвао да иде за њим устопце? Ко јој је покорио народе и дао јој власт над царевима и учинио те су као прах мачу њеном и као развејана плева луку њеном?
3 ৩ তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে।
Погна их, прође мирно путем, којим не беше ходао ногама својим.
4 ৪ কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
Ко је урадио и учинио то? И зове нараштаје од искона? Ја, Господ, први и последњи, ја исти.
5 ৫ দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; সিহঁত ওচৰ চাপি আহিল।
Видеше острва и уплашише се, крајеви земаљски задрхташе, приближише се и дођоше.
6 ৬ প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’
Један другом помагаше, и брату свом говораше: Буди храбар.
7 ৭ সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে।
Дрводеља храбраше златара: који клепље храбраше оног који кује на наковњу, говорећи: Добро је за спајање. И притврђиваше клинцима да се не помиче.
8 ৮ কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
Али ти, Израиљу, слуго мој; Јакове, кога изабрах, семе Аврама пријатеља мог;
9 ৯ যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
Ти, кога узех с крајева земаљских, и између изабраних њених дозвах те, и рекох ти: Ти си мој слуга, ја те изабрах, и не одбацих тебе;
10 ১০ ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Не бој се, јер сам ја с тобом; не плаши се, јер сам ја Бог твој; укрепићу те и помоћи ћу ти, и подупрећу те десницом правде своје.
11 ১১ চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
Гле, постидеће се и посрамиће сви који се љуте на тебе; биће као ништа и изгинуће противници твоји.
12 ১২ যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
Потражићеш супарнике своје, али их нећеш наћи, биће као ништа, и који војују на те, нестаће их.
13 ১৩ কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
Јер ја Господ Бог твој држим те за десницу, и кажем ти: Не бој се, ја ћу ти помагати.
14 ১৪ হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
Не бој се, црвићу Јаковљев, народићу Израиљев, ја ћу ти помагати, говори Господ и Избавитељ твој, Светац Израиљев.
15 ১৫ চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
Гле, учинићу те да будеш као справа за вршење нова са зупцима: врећи ћеш горе и сатрћеш их, и брда ћеш обратити у плеву.
16 ১৬ তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।
Вијаћеш их, и ветар ће их однети и вихор ће их расути, а ти ћеш се веселити у Господу и хвалићеш се Свецем Израиљевим.
17 ১৭ দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
Сиромахе и убоге, који траже воде а ње нема, којима се језик осушио од жеђи, њих ћу услишити ја Господ, ја Бог Израиљев нећу их оставити.
18 ১৮ মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
Отворићу реке на висовима, и изворе усред долина, пустињу ћу обратити у језеро водено, и суву земљу у изворе водене.
19 ১৯ মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।
Посадићу у пустињи кедар, ситим, мирту и маслину; посадићу у пустој земљи јелу, брест и шимшир,
20 ২০ যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম।
Да виде и познају и да промисле и разумеју да је то урадила рука Господња, и Светац Израиљев да је то створио.
21 ২১ যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।”
Изнесите парбу своју, вели Господ, покажите разлоге своје, вели цар Јаковљев.
22 ২২ তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
Нека дођу и нека нам објаве шта ће бити; објавите нам шта је прво било, да промислимо и познамо шта ће бити иза тога; или кажите нам шта ће бити унапредак.
23 ২৩ তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা।
Кажите шта ће бити после, и познаћемо да сте богови; или учините шта добро или зло, и дивићемо се и гледати сви.
24 ২৪ চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
Гле, ви нисте ништа, и дело ваше није ништа; који вас избира, гад је.
25 ২৫ মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।
Подигох једног са севера, и доћи ће; од истока сунчаног призваће име моје, ступаће по главарима као по калу и као што лончар гази блато.
26 ২৬ কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
Ко је објавио од искона, да бисмо знали, или од старина, да бисмо рекли: Истина је? Али нема никога да би објавио, нити има кога да је напред казао, нити има кога да би чуо речи ваше.
27 ২৭ মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।
Ја први Сиону кажем: Ето, ето тога. У Јерусалиму ћу дати ко ће јављати добре гласове.
28 ২৮ যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে।
Јер погледам, али нема никога, нема међу њима ниједнога ко би саветовао; питам их, али не одговарају ни речи.
29 ২৯ চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।
Гле, сви су таштина, ништа су дела њихова; ливени су ликови њихови ветар и ништавило.