< ইসাইয়া 41 >

1 হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।
«اُنْصُتِي إِلَيَّ أَيَّتُهَا ٱلْجَزَائِرُ وَلْتُجَدِّدِ ٱلْقَبَائِلُ قُوَّةً. لِيَقْتَرِبُوا ثُمَّ يَتَكَلَّمُوا. لِنَتَقَدَّمْ مَعًا إِلَى ٱلْمُحَاكَمَةِ.١
2 কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।
مَنْ أَنْهَضَ مِنَ ٱلْمَشْرِقِ ٱلَّذِي يُلَاقِيهِ ٱلنَّصْرُ عِنْدَ رِجْلَيْهِ؟ دَفَعَ أَمَامَهُ أُمَمًا وَعَلَى مُلُوكٍ سَلَّطَهُ. جَعَلَهُمْ كَٱلتُّرَابِ بِسَيْفِهِ، وَكَالْقَشِّ ٱلْمُنْذَرِي بِقَوْسِهِ.٢
3 তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে।
طَرَدَهُمْ. مَرَّ سَالِمًا فِي طَرِيقٍ لَمْ يَسْلُكْهُ بِرِجْلَيْهِ.٣
4 কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
مَنْ فَعَلَ وَصَنَعَ دَاعِيًا ٱلْأَجْيَالَ مِنَ ٱلْبَدْءِ؟ أَنَا ٱلرَّبُّ ٱلْأَوَّلُ، وَمَعَ ٱلْآخِرِينَ أَنَا هُوَ».٤
5 দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; সিহঁত ওচৰ চাপি আহিল।
نَظَرَتِ ٱلْجَزَائِرُ فَخَافَتْ. أَطْرَافُ ٱلْأَرْضِ ٱرْتَعَدَتِ. ٱقْتَرَبَتْ وَجَاءَتْ.٥
6 প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’
كُلُّ وَاحِدٍ يُسَاعِدُ صَاحِبَهُ وَيَقُولُ لِأَخِيهِ: «تَشَدَّدْ».٦
7 সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে।
فَشَدَّدَ ٱلنَّجَّارُ ٱلصَّائِغَ. ٱلصَّاقِلُ بِٱلْمِطْرَقَةِ ٱلضَّارِبَ عَلَى ٱلسَّنْدَانِ، قَائِلًا عَنِ ٱلْإِلْحَامِ: «هُوَ جَيِّدٌ». فَمَكَّنَهُ بِمَسَامِيرَ حَتَّى لَا يَتَقَلْقَلَ.٧
8 কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
«وَأَمَّا أَنْتَ يَا إِسْرَائِيلُ عَبْدِي، يَا يَعْقُوبُ ٱلَّذِي ٱخْتَرْتُهُ، نَسْلَ إِبْرَاهِيمَ خَلِيلِي،٨
9 যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
ٱلَّذِي أَمْسَكْتُهُ مِنْ أَطْرَافِ ٱلْأَرْضِ، وَمِنْ أَقْطَارِهَا دَعَوْتُهُ، وَقُلْتُ لَكَ: أَنْتَ عَبْدِيَ. ٱخْتَرْتُكَ وَلَمْ أَرْفُضْكَ.٩
10 ১০ ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
لَا تَخَفْ لِأَنِّي مَعَكَ. لَا تَتَلَفَّتْ لِأَنِّي إِلَهُكَ. قَدْ أَيَّدْتُكَ وَأَعَنْتُكَ وَعَضَدْتُكَ بِيَمِينِ بِرِّي.١٠
11 ১১ চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;
إِنَّهُ سَيَخْزَى وَيَخْجَلُ جَمِيعُ ٱلْمُغْتَاظِينَ عَلَيْكَ. يَكُونُ كَلَا شَيْءٍ مُخَاصِمُوكَ وَيَبِيدُونَ.١١
12 ১২ যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
تُفَتِّشُ عَلَى مُنَازِعِيكَ وَلَا تَجِدُهُمْ. يَكُونُ مُحَارِبُوكَ كَلَا شَيْءٍ وَكَالْعَدَمِ.١٢
13 ১৩ কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
لِأَنِّي أَنَا ٱلرَّبُّ إِلَهُكَ ٱلْمُمْسِكُ بِيَمِينِكَ، ٱلْقَائِلُ لَكَ: لَا تَخَفْ. أَنَا أُعِينُكَ.١٣
14 ১৪ হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
«لَا تَخَفْ يَا دُودَةَ يَعْقُوبَ، يَا شِرْذِمَةَ إِسْرَائِيلَ. أَنَا أُعِينُكَ، يَقُولُ ٱلرَّبُّ، وَفَادِيكَ قُدُّوسُ إِسْرَائِيلَ.١٤
15 ১৫ চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।
هَأَنَذَا قَدْ جَعَلْتُكَ نَوْرَجًا مُحَدَّدًا جَدِيدًا ذَا أَسْنَانٍ. تَدْرُسُ ٱلْجِبَالَ وَتَسْحَقُهَا، وَتَجْعَلُ ٱلْآكَامَ كَٱلْعُصَافَةِ.١٥
16 ১৬ তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।
تُذَرِّيهَا فَٱلرِّيحُ تَحْمِلُهَا وَٱلْعَاصِفُ تُبَدِّدُهَا، وَأَنْتَ تَبْتَهِجُ بِٱلرَّبِّ. بِقُدُّوسِ إِسْرَائِيلَ تَفْتَخِرُ.١٦
17 ১৭ দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
«اَلْبَائِسُونَ وَٱلْمَسَاكِينُ طَالِبُونَ مَاءً وَلَا يُوجَدُ. لِسَانُهُمْ مِنَ ٱلْعَطَشِ قَدْ يَبِسَ. أَنَا ٱلرَّبَّ أَسْتَجِيبُ لَهُمْ. أَنَا إِلَهَ إِسْرَائِيلَ لَا أَتْرُكُهُمْ.١٧
18 ১৮ মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।
أَفْتَحُ عَلَى ٱلْهِضَابِ أَنْهَارًا، وَفِي وَسَطِ ٱلْبِقَاعِ يَنَابِيعَ. أَجْعَلُ ٱلْقَفْرَ أَجَمَةَ مَاءٍ، وَٱلْأَرْضَ ٱلْيَابِسَةَ مَفَاجِرَ مِيَاهٍ.١٨
19 ১৯ মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।
أَجْعَلُ فِي ٱلْبَرِّيَّةِ ٱلْأَرْزَ وَٱلسَّنْطَ وَٱلْآسَ وَشَجَرَةَ ٱلزَّيْتِ. أَضَعُ فِي ٱلْبَادِيَةِ ٱلسَّرْوَ وَٱلسِّنْدِيَانَ وَٱلشَّرْبِينَ مَعًا.١٩
20 ২০ যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম।
لِكَيْ يَنْظُرُوا وَيَعْرِفُوا وَيَتَنَبَّهُوا وَيَتَأَمَّلُوا مَعًا أَنَّ يَدَ ٱلرَّبِّ فَعَلَتْ هَذَا وَقُدُّوسَ إِسْرَائِيلَ أَبْدَعَهُ.٢٠
21 ২১ যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।”
«قَدِّمُوا دَعْوَاكُمْ، يَقُولُ ٱلرَّبُّ. أَحْضِرُوا حُجَجَكُمْ، يَقُولُ مَلِكُ يَعْقُوبَ.٢١
22 ২২ তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
لِيُقَدِّمُوهَا وَيُخْبِرُونَا بِمَا سَيَعْرِضُ. مَا هِيَ ٱلْأَوَّلِيَّاتُ؟ أَخْبِرُوا فَنَجْعَلَ عَلَيْهَا قُلُوبَنَا وَنَعْرِفَ آخِرَتَهَا، أَوْ أَعْلِمُونَا ٱلْمُسْتَقْبِلَاتِ.٢٢
23 ২৩ তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা।
أَخْبِرُوا بِٱلْآتِيَاتِ فِيمَا بَعْدُ فَنَعْرِفَ أَنَّكُمْ آلِهَةٌ، وَٱفْعَلُوا خَيْرًا أَوْ شَرًّا فَنَلْتَفِتَ وَنَنْظُرَ مَعًا.٢٣
24 ২৪ চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।
هَا أَنْتُمْ مِنْ لَا شَيْءٍ، وَعَمَلُكُمْ مِنَ ٱلْعَدَمِ. رِجْسٌ هُوَ ٱلَّذِي يَخْتَارُكُمْ.٢٤
25 ২৫ মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।
«قَدْ أَنْهَضْتُهُ مِنَ ٱلشَّمَالِ فَأَتَى. مِنْ مَشْرِقِ ٱلشَّمْسِ يَدْعُو بِٱسْمِي. يَأْتِي عَلَى ٱلْوُلَاةِ كَمَا عَلَى ٱلْمِلَاطِ، وَكَخَزَّافٍ يَدُوسُ ٱلطِّينَ.٢٥
26 ২৬ কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
مَنْ أَخْبَرَ مِنَ ٱلْبَدْءِ حَتَّى نَعْرِفَ، وَمِنْ قَبْلُ حَتَّى نَقُولَ: هُوَ صَادِقٌ؟ لَا مُخْبِرٌ وَلَا مُسْمِعٌ وَلَا سَامِعٌ أَقْوَالَكُمْ.٢٦
27 ২৭ মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।
أَنَا أَوَّلًا قُلْتُ لِصِهْيَوْنَ: هَا! هَا هُمْ. وَلِأُورُشَلِيمَ جَعَلْتُ مُبَشِّرًا.٢٧
28 ২৮ যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে।
وَنَظَرْتُ فَلَيْسَ إِنْسَانٌ، وَمِنْ هَؤُلَاءِ فَلَيْسَ مُشِيرٌ حَتَّى أَسْأَلَهُمْ فَيَرُدُّونَ كَلِمَةً.٢٨
29 ২৯ চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।
هَا كُلُّهُمْ بَاطِلٌ، وَأَعْمَالُهُمْ عَدَمٌ، وَمَسْبُوكَاتُهُمْ رِيحٌ وَخَلَاءٌ.٢٩

< ইসাইয়া 41 >