< ইসাইয়া 40 >
1 ১ তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
Vígasztaljátok, vígasztaljátok népemet, így szól Istenetek!
2 ২ যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
Szóljatok Jeruzsálem szívéhez, és hirdessétek néki, hogy vége van nyomorúságának, hogy bűne megbocsáttatott; hiszen kétszeresen sujtotta őt az Úr keze minden bűneiért.
3 ৩ এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
Egy szó kiált: A pusztában készítsétek az Úrnak útát, ösvényt egyengessetek a kietlenben a mi Istenünknek!
4 ৪ প্ৰত্যেক উপত্যকা ওখ কৰা হ’ব; আৰু প্ৰত্যেক পৰ্ব্বত আৰু পাহাৰ সমান কৰা হ’ব; অসমতল ঠাই সমান কৰা হ’ব, খলাবমা মাটি সমান কৰা হ’ব;
Minden völgy fölemelkedjék, minden hegy és halom alászálljon, és legyen az egyenetlen egyenessé és a bérczek rónává.
5 ৫ আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
És megjelenik az Úr dicsősége, és minden test látni fogja azt; mert az Úr szája szólt.
6 ৬ এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
Szózat szól: Kiálts! és monda: Mit kiáltsak? Minden test fű, és minden szépsége, mint a mező virága!
7 ৭ যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
Megszáradt a fű, elhullt a virág, ha az Úrnak szele fuvallt reá; bizony fű a nép.
8 ৮ ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
Megszáradt a fű, elhullt a virág; de Istenünk beszéde mindörökre megmarad!
9 ৯ হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
Magas hegyre menj fel, örömmondó Sion! emeld föl szódat magasan, örömmondó Jeruzsálem! emeld föl, ne félj! mondjad Júda városinak: Ímhol Istenetek!
10 ১০ চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
Ímé, az Úr Isten jő hatalommal, és karja uralkodik! Ímé, jutalma vele jő, és megfizetése Ő előtte.
11 ১১ তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Mint pásztor, nyáját úgy legelteti, karjára gyűjti a bárányokat és ölében hordozza, a szoptatósokat szelíden vezeti.
12 ১২ কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল?
Ki mérte meg markával a vizeket, és ki mértéklé az egeket arasszal, a föld porát ki foglalá mérczébe, és a hegyeket ki tette körtefontra, és a halmokat a mérlegserpenyőbe?
13 ১৩ কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁৰ পৰামৰ্শদাতা হৈ তেওঁক শিক্ষা দিছিল?
Kicsoda igazgatta az Úr lelkét, és ki oktatta Őt, mint tanácsosa?
14 ১৪ তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
Kivel tanácskozott, hogy felvilágosítsa Őt, és tanítsa Őt igazság ösvényére, és tanítsa ismeretre, és oktassa Őt az értelem útára?
15 ১৫ চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
Ím a népek, mint egy csöpp a vederben, és mint egy porszem a mérlegserpenyőben, olyanoknak tekintetnek; ímé a szigeteket mint kis port emeli föl!
16 ১৬ ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।
És a Libánon nem elég a tűzre, és vada sem elég az áldozatra.
17 ১৭ তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
Minden népek semmik Ő előtte, a semmiségnél és ürességnél alábbvalóknak tartja.
18 ১৮ তেন্তে তোমালোকে কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা? বা তেওঁৰ লগত কোন মুৰ্ত্তিৰ উপমা দিবা?
És kihez hasonlítjátok az Istent, és minő képet készítetek Ő róla?
19 ১৯ এটা কটা মুৰ্ত্তি! এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে; সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে, আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে।
A bálványt a mester megönti, és az ötvös megaranyozza azt, és olvaszt ezüst lánczot reá;
20 ২০ মানুহে উপহাৰ দিবলৈ নপচা কাঠ বাচি লৈ; পৰিব নোৱাৰা প্ৰতিমা নিজৰ বাবে যুগুত কৰিবলৈ নিপুণ শিল্পকাৰ বিচাৰে।
A ki szegény ily áldozatra, oly fát választ, a mely meg nem rothad; okos mestert keres, hogy oly bálványt állítson, a mely nem ingadoz.
21 ২১ তোমালোকে নাজানা নে? তোমালোকে শুনা নাই নে? আদিৰে পৰা তোমালোকক সম্বাদ দিয়া নাই নে? পৃথিবীৰ মূল স্থাপন কৰাৰে পৰা তোমালোকে বুজা নাই নে?
Hát nem tudjátok és nem hallottátok-é, hát nem hirdettetett néktek eleitől fogva, hát nem értettétek-é meg a föld fundamentomait?
22 ২২ যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
Ki ül a föld kereksége fölött, a melynek lakói mint sáskák előtte, ki az egeket kiterjeszti mint egy kárpitot, és kifeszíti, mint a sátort, lakásra;
23 ২৩ তেওঁ শাসনকৰ্ত্তাসকলক নথকাৰ দৰে লুপ্ত কৰে; আৰু পৃথিবীৰ শাসনকৰ্ত্তাসকলক অৰ্থহীনৰ দৰে কৰে;
Ki a fejedelmeket semmivé teszi, és a föld biráit hiábavalókká változtatja;
24 ২৪ চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
Még alig plántáltattak, még alig vettetének el, alig vert gyökeret a földben törzsük, és Ő csak rájok fuvall, és kiszáradnak és őket, mint polyvát, forgószél ragadja el:
25 ২৫ পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম?
Kihez hasonlíttok hát engem, hogy hasonló volnék? szól a Szent.
26 ২৬ আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Emeljétek föl a magasba szemeiteket, és lássátok meg, ki teremté azokat? Ő, a ki kihozza seregöket szám szerint, mindnyáját nevén szólítja; nagy hatalma és erőssége miatt egyetlen híjok sincsen.
27 ২৭ মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?
Miért mondod Jákób és szólsz ekként Izráel: Elrejtetett az én útam az Úrtól, és ügyemmel nem gondol Istenem?!
28 ২৮ তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
Hát nem tudod-é és nem hallottad-é, hogy örökkévaló Isten az Úr, a ki teremté a föld határait? nem fárad és nem lankad el; végére mehetetlen bölcsesége!
29 ২৯ তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
Erőt ad a megfáradottnak, és az erőtlen erejét megsokasítja.
30 ৩০ এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
Elfáradnak az ifjak és meglankadnak, megtántorodnak a legkülönbek is;
31 ৩১ কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
De a kik az Úrban bíznak, erejök megújul, szárnyra kelnek, mint a saskeselyűk, futnak és nem lankadnak meg, járnak és nem fáradnak el!