< ইসাইয়া 4 >
1 ১ সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব, আৰু ক’ব, “আমি আমাৰ নিজৰ আহাৰ খাম, আৰু নিজৰ বস্ত্র পিন্ধিম; কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম লবলৈ দিয়ক।”
E sete mulheres naquele dia lançarão mão dum homem, dizendo: Nós comeremos do nosso pão, e nos vestiremos de nossos vestidos: tão somente que sejamos chamadas pelo teu nome; tira o nosso opróbrio.
2 ২ সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
Naquele dia o Renovo do Senhor será um ornamento e uma glória; e o fruto da terra excelente e formoso para os que escaparem de Israel.
3 ৩ তেতিয়া চিয়োন আৰু যিৰূচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্রতিজনকে পবিত্ৰ বুলি কোৱা হ’ব।
E será que aquele que ficar de resto em Sião, e o que ficar em Jerusalém, será chamado santo: todo aquele que em Jerusalém está escrito para vida;
4 ৪ ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।
Quando o Senhor lavar a imundícia das filhas de Sião, e limpar o sangue de Jerusalém do meio dela, com o espírito de juízo, e com o espírito de ardor.
5 ৫ তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোঁৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
E criará o Senhor sobre toda a habitação do monte de Sião, e sobre as suas congregações, uma nuvem de dia, e um fumo, e um resplandor de fogo chamejante de noite; porque sobre toda a glória haverá proteção.
6 ৬ এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰণ হ’ব।
E haverá um tabernáculo para sombra com o calor do dia: e para refúgio e esconderijo contra o alagamento e contra a chuva.