< ইসাইয়া 39 >

1 সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
בעת ההיא שלח מרדך בלאדן בן בלאדן מלך בבל ספרים ומנחה--אל חזקיהו וישמע כי חלה ויחזק
2 হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল।
וישמח עליהם חזקיהו ויראם את בית נכתה את הכסף ואת הזהב ואת הבשמים ואת השמן הטוב ואת כל בית כליו ואת כל אשר נמצא באצרתיו לא היה דבר אשר לא הראם חזקיהו בביתו--ובכל ממשלתו
3 তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।”
ויבא ישעיהו הנביא אל המלך חזקיהו ויאמר אליו מה אמרו האנשים האלה ומאין יבאו אליך ויאמר חזקיהו מארץ רחוקה באו אלי מבבל
4 যিচয়াই সুধিলে, “আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে; মোৰ বহুমূল্য বস্তুৰ মাজৰ, মই তেওঁলোকক নেদেখুউৱা কোনো বস্তুৱেই নাই।”
ויאמר מה ראו בביתך ויאמר חזקיהו את כל אשר בביתי ראו--לא היה דבר אשר לא הראיתים באוצרתי
5 তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, বাহিনীসকলৰ যিহোৱাৰ বাক্য শুনা:
ויאמר ישעיהו אל חזקיהו שמע דבר יהוה צבאות
6 চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে।
הנה ימים באים ונשא כל אשר בביתך ואשר אצרו אבתיך עד היום הזה בבל לא יותר דבר אמר יהוה
7 আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”
ומבניך אשר יצאו ממך אשר תוליד--יקחו והיו סריסים בהיכל מלך בבל
8 তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।
ויאמר חזקיהו אל ישעיהו טוב דבר יהוה אשר דברת ויאמר כי יהיה שלום ואמת בימי

< ইসাইয়া 39 >