< ইসাইয়া 39 >
1 ১ সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
Ved den Tid sendte Bal'adans Søn, Kong Merodak-Bal'adan af Babel, Brev og Gave til Ezekias, da han hørte, at han havde været syg, men var blevet rask.
2 ২ হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল।
Og Ezekias glædede sig over deres Komme og viste dem Huset, hvor han havde sine Skatte, Sølvet og Guldet, Røgelsestofferne, den fine Olie, hele sit Vaabenoplag og alt, hvad der var i hans Skatkamre; der var ikke den Ting i hans Hus og hele hans Rige, som Ezekias ikke viste dem.
3 ৩ তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।”
Da kom Profeten Esajas til Kong Ezekias og sagde til ham: »Hvad sagde disse Mænd, og hvorfra kom de til dig?« Ezekias svarede: »De kom fra et fjernt Land, fra Babel.«
4 ৪ যিচয়াই সুধিলে, “আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে; মোৰ বহুমূল্য বস্তুৰ মাজৰ, মই তেওঁলোকক নেদেখুউৱা কোনো বস্তুৱেই নাই।”
Da spurgte han: »Hvad fik de at se i dit Hus?« Ezekias svarede: »Alt, hvad der er i mit Hus, saa de; der er ikke den Ting i mine Skatkamre, jeg ikke viste dem.«
5 ৫ তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, বাহিনীসকলৰ যিহোৱাৰ বাক্য শুনা:
Da sagde Esajas til Ezekias: »Hør Hærskarers HERRES Ord!
6 ৬ চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে।
Se, Dage skal komme, da alt, hvad der er i dit Hus, og hvad dine Fædre har samlet indtil denne Dag, skal bringes til Babel og intet lades tilbage, siger HERREN.
7 ৭ আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”
Og af dine Sønner, der nedstammer fra dig, og som du avler, skal nogle tages og gøres til Hofmænd i Babels Konges Palads!«
8 ৮ তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।
Men Ezekias sagde til Esajas: »det Ord fra HERREN, du har talt, er godt!« Thi han tænkte: »Saa bliver der da Fred og Tryghed, saa længe jeg lever!«