< ইসাইয়া 38 >
1 ১ সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।”
Ved den Tid blev Ezekias dødssyg. Da kom Profeten Esajas, Amoz's Søn, til ham og sagde: »Saa siger HERREN: Beskik dit Hus, thi du skal dø og ikke leve!«
2 ২ তাৰ পাছত হিষ্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
Da vendte han Ansigtet om mod Væggen og bad saaledes til HERREN:
3 ৩ তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।
»Ak, HERRE, kom dog i Hu, hvorledes jeg har vandret for dit Aasyn i Oprigtighed og med helt Hjerte og gjort, hvad der er godt i dine Øjne!« Og Ezekias græd højt.
4 ৪ যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
Da kom HERRENS Ord til Esajas saaledes:
5 ৫ “তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।
»Gaa hen og sig til Ezekias: Saa siger HERREN, din Fader Davids Gud: Jeg har hørt din Bøn, jeg har set dine Taarer! Se, jeg vil lægge femten Aar til dit Liv
6 ৬ আৰু মই ৰজা অচূৰীয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম; আৰু মই এই নগৰৰ ঢালস্বৰূপ হ’ম।
og udfri dig og denne By af Assyrerkongens Haand og værne om denne By!
7 ৭ আৰু যিহোৱাৰ পৰা তোমালৈ এই চিন হ’ব, যে, মই যি কৈছো সেয়াই সিদ্ধ কৰিম।
Og Tegnet fra HERREN paa, at HERREN vil udføre, hvad han har sagt, skal være dig dette:
8 ৮ চোৱা, আহজৰ খটখটিত ছাঁটো দহ খাপ ওভটাবলৈ মই খটখটিত ছাঁ পেলাম’।” সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা দহ খোজ উভটি গৈছিল।
Se, jeg vil lade Skyggen gaa de Streger tilbage, som den har flyttet sig med Solen paa Akaz's Solur, ti Streger!« Da gik Solen de ti Streger, som den havde flyttet sig, tilbage paa Soluret.
9 ৯ যিহূদাৰ ৰজা হিষ্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্রাৰ্থনা এইয়া আছিল:
En Bøn af Kong Ezekias af Juda, da han var syg og kom sig af sin Sygdom:
10 ১০ মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।” (Sheol )
Jeg tænkte: Bort maa jeg gaa i min bedste Alder, hensættes i Dødsrigets Porte mine sidste Aar. (Sheol )
11 ১১ মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
Jeg tænkte: Ej skuer jeg HERREN i de levendes Land, ser ingen Mennesker mer blandt Skyggerigets Folk;
12 ১২ মেৰ-ছাগ ৰখীয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ’ল; মই সিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁত শালৰ পৰা কাটিলে; দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব।
min Bolig er nedbrudt, ført fra mig som Hyrdernes Telt, som en Væver sammenrulled du mit Liv og skar det fra Traaden. Du ofrer mig fra Dag til Nat,
13 ১৩ মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে।
jeg skriger til Daggry; som en Løve knuser han alle Benene i mig; du giver mig hen fra Dag til Nat.
14 ১৪ মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।
Jeg klynker som klagende Svale, sukker som Duen, jeg skuer med Taarer mod Himlen: HERRE, jeg trænges, vær mig Borgen!
15 ১৫ মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম।
Hvad skal jeg sige? Han talede til mig, og selv greb han ind. For Bitterhedens Skyld i min Sjæl vil jeg vandre sagtelig alle mine Aar.
16 ১৬ হে প্ৰভু, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক; মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে; আপুনি মোৰ জীৱন আৰু স্ৱাস্থ্য পুনৰ স্থাপন কৰিলে।
Herre, man skal bære Bud derom til alle kommende Slægter. Opliv min Aand, helbred mig og gør mig karsk!
17 ১৭ মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
Se, Bitterhed, Bitterhed blev mig til Fred. Og du skaaned min Sjæl for Undergangens Grav; thi alle mine Synder kasted du bag din Ryg.
18 ১৮ কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে। (Sheol )
Thi Dødsriget takker dig ikke, dig lover ej Døden, paa din Miskundhed haaber ej de, der synker i Graven. (Sheol )
19 ১৯ আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
Men den levende, den levende takker dig som jeg i Dag. Om din Trofasthed taler Fædre til deres Børn.
20 ২০ যিহোৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্রতিটো দিনত যিহোৱাৰ গৃহত আমি সঙ্গীতেৰে সৈতে উদযাপন কৰিম।
HERRE, frels os! Saa vil vi røre Strengene alle vore Levedage ved HERRENS Hus.
21 ২১ তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”।
Da bød Esajas, at man skulde tage en Figenkage og lægge den som Plaster paa det syge Sted, for at han kunde blive rask.
22 ২২ হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?
Og Ezekias sagde: »Hvad er Tegnet paa, at jeg skal gaa op til HERRENS Hus?«