< ইসাইয়া 34 >
1 ১ হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া! পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
Przystąpcie, narody! ku słuchaniu, a wy ludzie pilnie uważajcie! Niech słucha ziemia, i pełność jej, okrąg ziemi, i wszystko, co się rodzi na niej.
2 ২ কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব।
Bo rozgniewanie Pańskie jest na wszystkie narody, a popędliwość jego na wszystko wojsko ich; wytraci je jako przeklęte, a poda je na zabicie.
3 ৩ তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব।
I będą wyrzuceni pobici ich, a z trupów ich smród wynijdzie, a krew ich z gór popłynie.
4 ৪ আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে,
I niszczeć będzie wszystko wojsko niebieskie, a niebiosa jako księgi zwinione będą, i wszystko wojsko ich opadnie, jako opada liść z winnej macicy, i jako opada niedojrzały owoc z figowego drzewa.
5 ৫ কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
Albowiem opojony jest na niebie miecz mój; oto zstąpi na Edomczyków, i na sąd ludu przeklętego odemnie.
6 ৬ যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
Miecz Pański pełny będzie krwi, utłuści się w łoju i we krwi baranków i kozłów, w łoju nerek baranich; bo ofiara Pańska będzie w Bocra, a porażka wielka w ziemi Edomskiej.
7 ৭ তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।
Zstąpią z nimi i jednorożce, i byki z wołami, i opojona będzie krwią ziemia ich, a proch ich będzie opojony tukiem.
8 ৮ কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।
Albowiem to dzień pomsty Pańskiej będzie, i rok odpłaty, aby się pomszczono Syonu.
9 ৯ ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব।
I obrócą się potoki jej w smołę, a proch jej w siarkę, a ziemia jej obróci się w smołę gorejącą;
10 ১০ সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
Ani w nocy ani we dnie nie zagaśnie, na wieki będzie występował dym jej; od narodu do narodu pustą zostanie; na wieki wieczne nie będzie, ktoby szedł przez nią.
11 ১১ কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।
Ale ją pelikan i bąk posiędą, a sowa i kruk mieszkać w niej będą; i rozciągnie po niej sznur spustoszenia, i wagi próżności.
12 ১২ তাইৰ প্ৰধান লোকসকলৰ ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব।
Szlachty jej na królestwo wzywać będą, ale nie będzie tam żadnego; bo wszyscy książęta jej wniwecz się obrócą.
13 ১৩ তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব।
I urosną na pałacach ich ciernie, pokrzywy i oset na zamkach ich; i będzie przybytkiem smoków, a mieszkaniem strusiów.
14 ১৪ বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।
Tam się będą potykały dzikie zwierzęta z koczkodanami, i pokusa jedna drugiej ozywać się będzie; tam leżeć będzie jędza, a znajdzie sobie odpocznienie.
15 ১৫ ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব।
Tam sobie sęp gniazdo uczyni, zniesie jajka, i wylęże, a schowa pod cień swój; tamże się zlecą kanie jedna do drugiej.
16 ১৬ যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে।
Szukajcież w księgach Pańskich, a czytajcie; ani jedno z tych nie uchybi, a jedno bez drugiego nie będzie; albowiem usta Pańskie to rozkazały, a duch jego sam zgromadzi je.
17 ১৭ তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।
Bo im on los rzucił, a ręka jego onę im sznurem rozmierzyła; aż na wieki dziedzicznie ją posiądą, od narodu do narodu mieszkać w niej będą.