< ইসাইয়া 34 >

1 হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া! পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
Ku zo kusa, ku al’ummai, ku kuwa saurara ku kasa kunne, ku mutane! Bari duniya ta ji, da kuma dukan abin da yake cikinta, duniya, da dukan abin da yake fitowa daga gare ta!
2 কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব।
Ubangiji yana fushi da dukan al’ummai; hasalarsa tana a kan mayaƙansu. Zai hallaka su tas, zai ba da su a karkashe.
3 তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব।
Za a jefar da waɗanda aka kashe gawawwakinsu za su yi wari; duwatsu za su jiƙu da jininsu.
4 আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে,
Za a tumɓuke dukan taurarin sammai za a kuma nannaɗe sararin sama kamar littafi; dukan rundunar sama za su fāffāɗi kamar ganyayen da suka yanƙwane daga kuringa, kamar’ya’yan ɓauren da suka bushe daga itacen ɓaure.
5 কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
Takobina ya sha zararsa a cikin sammai; duba, ya sauko cikin hukunci a kan Edom, mutanen da zan hallaka tas.
6 যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
Takobin Ubangiji ya jiƙu da jini, ya rufu da kitse, jinin raguna da na awaki, kitse daga ƙodar raguna. Gama Ubangiji ya yi hadayar Bozra da kuma babban kisa a Edom.
7 তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।
Babban bijimin jeji zai fāɗi tare da su, maruƙan bijimi da manyan bijimai. Ƙasarsu za tă cika da jini, ƙura kuma zai cika da kitse.
8 কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।
Gama Ubangiji yana da ranar ɗaukar fansa, shekarar ramuwa, don biya wa Sihiyona bukata.
9 ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব।
Za a mai da rafuffukan Edom rami, ƙurarta za tă zama kibiritun farar wuta; ƙasarta za tă zama rami mai ƙuna!
10 ১০ সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
Ba za a kashe ta ba dare da rana; hayaƙinta za tă yi ta tashi har abada. Daga tsara zuwa tsara za tă zama kango; babu wani da zai ƙara wucewa ta wurin.
11 ১১ কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।
Mujiyar hamada da mujiya mai kuka za su mallake ta; babban mujiya da hankaka za su yi sheƙa a can. Allah zai miƙe a kan Edom magwajin bala’i da ma’aunin kango.
12 ১২ তাইৰ প্ৰধান লোকসকলৰ ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব।
Sarakunanta ba za su kasance da wani abin da ake kira masarauta ba, dukan sarakunanta za su ɓace.
13 ১৩ তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব।
Ƙayayuwa za su mamaye fadodinta ƙayayyuwa da sarƙaƙƙiya za su cika kagaranta. Za tă zama mazaunin diloli da gida don mujiyoyi.
14 ১৪ বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।
Halittun hamada za su sadu da kuraye, awakin jeji za su yi ta kiran juna; a can halittun dare su ma za su huta su kuma nemi wurin hutu wa kansu.
15 ১৫ ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব।
Mujiya za tă yi sheƙa a can ta zuba ƙwai; za tă ƙyanƙyashe su, ta kuma kula da’ya’yanta a inuwar fikafikanta; a can kuma shirwa za su taru, kowa da abokinsa.
16 ১৬ যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে।
Duba a cikin littafin Ubangiji ka kuma karanta. Babu wani a cikin waɗannan da ya ɓace, babu ko ɗaya da ba ta da abokiya. Gama bakinsa ne ya ba da umarni, Ruhunsa kuma zai tara su wuri ɗaya.
17 ১৭ তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।
Ya ba su rabonsu; hannunsa ya rarraba musu ta wurin awo. Za su mallake ta har abada su kuma zauna a can daga tsara zuwa tsara.

< ইসাইয়া 34 >