< ইসাইয়া 32 >

1 চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
הן לצדק ימלך מלך ולשרים למשפט ישרו
2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
והיה איש כמחבא רוח וסתר זרם כפלגי מים בציון כצל סלע כבד בארץ עיפה
3 তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব;
ולא תשעינה עיני ראים ואזני שמעים תקשבנה
4 অবিবেচক সকলে সাৱধানেৰে বিবেচনাৰে কৰিব, আৰু খুনাসকলে সহজে স্পষ্টকৈ কথা ক’ব।
ולבב נמהרים יבין לדעת ולשון עלגים תמהר לדבר צחות
5 মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব।
לא יקרא עוד לנבל נדיב ולכילי לא יאמר שוע
6 কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
כי נבל נבלה ידבר ולבו יעשה און--לעשות חנף ולדבר אל יהוה תועה להריק נפש רעב ומשקה צמא יחסיר
7 প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।
וכלי כליו רעים הוא זמות יעץ לחבל ענוים (עניים) באמרי שקר ובדבר אביון משפט
8 কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
ונדיב נדיבות יעץ והוא על נדיבות יקום
9 হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
נשים שאננות--קמנה שמענה קולי בנות בטחות--האזנה אמרתי
10 ১০ হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব।
ימים על שנה תרגזנה בטחות כי כלה בציר אסף בלי יבוא
11 ১১ হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।
חרדו שאננות רגזה בטחות פשטה וערה וחגורה על חלצים
12 ১২ তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা।
על שדים ספדים על שדי חמד על גפן פריה
13 ১৩ মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত, কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব।
על אדמת עמי קוץ שמיר תעלה כי על כל בתי משוש קריה עליזה
14 ১৪ কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব।
כי ארמון נטש המון עיר עזב עפל ובחן היה בעד מערות עד עולם--משוש פראים מרעה עדרים
15 ১৫ ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
עד יערה עלינו רוח ממרום והיה מדבר לכרמל וכרמל (והכרמל) ליער יחשב
16 ১৬ তাৰ পাছত সেই মৰুপ্রান্তত ন্যায়বিচাৰ বাস কৰিব, আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি ল’ব।
ושכן במדבר משפט וצדקה בכרמל תשב
17 ১৭ ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।
והיה מעשה הצדקה שלום ועבדת הצדקה--השקט ובטח עד עולם
18 ১৮ মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
וישב עמי בנוה שלום ובמשכנות מבטחים ובמנוחת שאננות
19 ১৯ কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
וברד ברדת היער ובשפלה תשפל העיר
20 ২০ জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।
אשריכם זרעי על כל מים משלחי רגל השור והחמור

< ইসাইয়া 32 >