< ইসাইয়া 32 >
1 ১ চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
Behold! a king shall reign in righteousness, And princes shall rule with equity.
2 ২ খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Every one of them shall be a hiding-place from the wind, And a shelter from the tempest; As streams of water in a dry place, As the shadow of a great rock in a weary land.
3 ৩ তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব;
The eyes of them that see shall no more be blind, And the ears of them that hear shall hearken.
4 ৪ অবিবেচক সকলে সাৱধানেৰে বিবেচনাৰে কৰিব, আৰু খুনাসকলে সহজে স্পষ্টকৈ কথা ক’ব।
The heart of the rash shall gain wisdom, And the tongue of the stammerer learn to speak plainly.
5 ৫ মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব।
The vile shall no more be called liberal, Nor the niggard said to be bountiful;
6 ৬ কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
For the vile will still utter villany, And his heart will devise iniquity; He will practise deception, and speak impiety against God; He will take away the food of the hungry, And deprive the thirsty of drink.
7 ৭ প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব।
The instruments also of the niggard are evil; He plotteth mischievous devices, To destroy the poor with lying words, Even when the cause of the needy is just.
8 ৮ কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
But the liberal deviseth liberal things, And in liberal things will he persevere.
9 ৯ হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা।
Arise, hear my voice, ye women that are at ease! Give ear to my speech, ye careless daughters!
10 ১০ হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব।
One year more, and ye shall tremble, ye careless women! For the vintage shall fail; the harvest shall not come.
11 ১১ হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।
Tremble, O ye that are at ease! Be in dismay, ye careless ones! Strip you, make you bare, gird ye sackcloth upon your loins!
12 ১২ তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা।
They shall smite themselves on their breasts, On account of the pleasant fields, On account of the fruitful vine.
13 ১৩ মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত, কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব।
Upon the land of my people shall come up thorns and briers; Yea, upon all the houses of joy in the joyous city.
14 ১৪ কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব।
For the palace shall be forsaken; The tumult of the city shall be solitary; The fortified hill and the tower shall be dens forever; The joy of wild-asses, the pasture of flocks;
15 ১৫ ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
Until the spirit from on high be poured upon us, And the wilderness become a fruitful field, And the fruitful field be esteemed a forest.
16 ১৬ তাৰ পাছত সেই মৰুপ্রান্তত ন্যায়বিচাৰ বাস কৰিব, আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি ল’ব।
Then shall justice dwell in the wilderness, And righteousness in the fruitful field.
17 ১৭ ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।
And the effect of righteousness shall be peace, And the fruit of righteousness quiet and security forever.
18 ১৮ মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
Then shall my people dwell in peaceful habitations, In secure dwellings, in quiet resting-places.
19 ১৯ কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।
But the hail shall descend, and the forest shall fall; And the city shall be brought very low.
20 ২০ জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।
Happy ye who sow beside all waters; Who send forth thither the feet of the ox and the ass!