< ইসাইয়া 31 >
1 ১ যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
助けを得るためにエジプトに下り、馬にたよる者はわざわいだ。彼らは戦車が多いので、これに信頼し、騎兵がはなはだ強いので、これに信頼する。しかしイスラエルの聖者を仰がず、また主にはかることをしない。
2 ২ তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।
それにもかかわらず、主もまた賢くいらせられ、必ず災をくだし、その言葉を取り消すことなく、立って悪をなす者の家を攻め、また不義を行う者を助ける者を攻められる。
3 ৩ মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
かのエジプトびとは人であって、神ではない。その馬は肉であって、霊ではない。主がみ手を伸ばされるとき、助ける者はつまずき、助けられる者も倒れて、皆ともに滅びる。
4 ৪ কিয়নো যিহোৱাই মোক এই দৰে কৈছে, যেনেকৈ সিংহ, অথবা যুবা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়া সকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নকৰে, নাইবা তাৰ শব্দৰ পৰিৱর্তন নহয়, তেনেকৈ বাহিনীসকলৰ যিহোৱাই যুদ্ধ কৰিবলৈ চিয়োন পৰ্ব্বত আৰু তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব।
主はわたしにこう言われた、「ししまたは若いししが獲物をつかんで、ほえたけるとき、あまたの羊飼が呼び出されて、これにむかっても、その声によって驚かず、その叫びによって恐れないように、万軍の主は下ってきて、シオンの山およびその丘で戦われる。
5 ৫ জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
鳥がひなを守るように、万軍の主はエルサレムを守り、これを守って救い、これを惜しんで助けられる」。
6 ৬ হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
イスラエルの人々よ、主に帰れ。あなたがたは、はなはだしく主にそむいた。
7 ৭ কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
その日、あなたがたは自分の手で造って罪を犯したしろがねの偶像と、こがねの偶像をめいめい投げすてる。
8 ৮ সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
「アッスリヤびとはつるぎによって倒れる、人のつるぎではない。つるぎが彼らを滅ぼす、人のつるぎではない。彼らはつるぎの前から逃げ去り、その若い者は奴隷の働きをしいられる。
9 ৯ যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”
彼らの岩は恐れによって過ぎ去り、その君たちはあわて、旗をすてて逃げ去る」。これは主の言葉である。主の火はシオンにあり、その炉はエルサレムにある。