< ইসাইয়া 31 >

1 যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
禍哉,那些南下埃及求救,依靠戰馬,信賴他們戰車眾多,依恃他們鐵騎驍勇,而不仰望以色列的聖者,也不求問上主的人!
2 তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।
但是上主仍然能降下災禍,他決不收回自己的言語;他必要起來攻擊惡人的家,攻擊助人作惡的人。
3 মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
埃及人是人,並不是神;他們的戰馬是血肉,並不是靈;只要上主一伸手,施助的人必將仆倒,受助的人必要顛覆:二者同歸於盡。
4 কিয়নো যিহোৱাই মোক এই দৰে কৈছে, যেনেকৈ সিংহ, অথবা যুবা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়া সকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নকৰে, নাইবা তাৰ শব্দৰ পৰিৱর্তন নহয়, তেনেকৈ বাহিনীসকলৰ যিহোৱাই যুদ্ধ কৰিবলৈ চিয়োন পৰ্ব্বত আৰু তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব।
因為上主曾這樣對我說:「猶如壯獅或幼獅為了獵物而怒吼,即使召集許多牧人攻擊牠,牠並不因他們的叫囂而畏懼,也不因他們的喧嚷而驚慌;同樣,萬軍的上主必要降下,為熙雍和她的丘嶺作戰。
5 জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
有如飛鳥展翼護雛,萬軍的上主也要這樣扞衛耶路撒冷,加以保護、拯救、憐恤、保存。」
6 হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
以色列子民啊!再歸到你們所遠離的上主那裏罷!
7 কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
因為到那一天,人人必要拋棄自己的銀偶像和金偶像,即你們以污穢的手所製造的。
8 সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
亞述必將傾覆於超人的刀下,超人的刀必將吞噬她;她將由刀劍面前逃走,她的壯丁必要充作苦役。
9 যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”
她的磐石由於震驚必要逃避,她的王侯,由於恐慌必將放棄軍旗:這是在熙雍有火,在耶路撒冷有爐的上主的斷語。

< ইসাইয়া 31 >