< ইসাইয়া 30 >

1 “হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
Oh a pártütő fiak, úgymond az Örökkévaló, hogy tanácsot tartanak, de nem tőlem valót, és szövetséget szőnek, de szellemem nélkül, azért hogy tetőzzék a vétket vétekkel;
2 তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিচৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰৌণৰ পৰা সুৰক্ষা বিছাৰিছে আৰু মিচৰৰ ছাঁত আশ্রয় লৈছে।
akik indulnak, hogy lemenjenek Egyiptomba, de szájamat nem kérdezték meg, hogy oltalmuk legyen Fáraó oltalmában és hogy menedékük legyen Egyiptom árnyékában.
3 সেই বাবে ফৰৌণৰ সুৰক্ষা তোমালোকক লাজ দিওঁতা হ’ব, আৰু মিচৰৰ ছাঁত আশ্ৰয় লোৱাই তোমালোকৰ বাবে অপমান জনক হ’ব।
Lesz tehát nektek Fáraó oltalma szégyenné és a menedék Egyiptom árnyékában gyalázattá.
4 যদিও তেওঁলোকৰ প্ৰধান লোকসকল চোৱনত আছে, আৰু তেওঁলোকৰ বার্তাবাহসকল হানেচলৈ আহিল।
Mert Czóanban voltak nagyjai és követei Chánészbe értek.
5 তথাপি তেওঁলোকক সহায় কৰিব নোৱাৰা লোকসকলৰ কাৰণে তেওঁলোক লজ্জিত হব, যি সহায় কৰা বা উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্ণামজনকহে হয়।”
Mind szégyent vallottak egy nép miatt, mely nem használ nekik; sem segítségre, sem hasznukra nincs, hanem szégyenre és gyalázatra is.
6 দক্ষিণ অঞ্চলৰ পশুবোৰ বিষয়ে কৰা ঘোষণা: মাইকী সিংহ আৰু সিংহ, কালসৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সঙ্কট আৰু ক্লেশ হৈছে, তেওঁলোকক সহায় নকৰা জনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন-সম্পত্তি, আৰু উটবোৰৰ কুঁজত বহুমুল্য বস্তু তুলি লৈ গৈছে।
Beszéd a Délvidék állatairól. A szükség és szorongás országában, ahonnan valók nőstény és hím oroszlán, vipera és repülő kígyó, viszik a szamarak hátán vagyonukat és a tevék púpján kincseiket egy néphez, mely nem használ.
7 মিচৰীয়াসকলৰ সহায় অৰ্থহীন, সেই বাবে মই তেওঁলোকক ৰাহব বুলি মাতিলোঁ, যি সকলে এতিয়াও বহি আছে।
Egyiptom pedig hiábavalóan és semmis módon segít; azért úgy neveztem őt: dölyfösködők, veszteg-ülők.
8 এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভবিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
Most gyere, írd föl táblára és könyvbe rójad, hogy meg legyen a végső napig mindétig örökre.
9 কিয়নো এওঁলোক বিদ্ৰোহী, আৰু মিছলীয়া সন্তান, এওঁলোক যিহোৱাৰ শিক্ষা নুশুনা সন্তান।
Mert engedetlen nép ez, hazug fiak, fiak, kik nem akarták hallani az Örökkévaló tanát:
10 ১০ তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
akik mondták a látóknak, ne lássatok és a jósoknak, ne jósoljatok nekünk igazakat, beszéljetek nekünk hízelgéseket, jósoljatok ámításokat,
11 ১১ গতিপথৰ পাৰ ঘূৰি আহাঁ, পথৰ পৰা ঘূৰি আহাঁ; ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”
térjetek el az útról, hajoljatok el az ösvényből, hagyjatok békét nekünk Izrael szentjével!
12 ১২ এই হেতুকে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই কৈছে, “তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা, আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা;
Ezért így szól Izrael szentje: Mivelhogy megvetitek ezt az igét és híztatok zsarolásban és álnokságban és támaszkodtatok rá:
13 ১৩ সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”
ezért olyan lesz nektek a bűn mint omladozó rés, mely kidűl egy magas falon, amelynek hirtelen, hamarjában jön a törése:
14 ১৪ কুমাৰৰ পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব; অলপো নৰখাকৈ তাক ডোখৰ ডোখৰ কৈ ভাঙিব; তাতে জুইশালৰ পৰা জুই লবলৈ, বা চৌবাচ্চা পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব।
és összetöri, amint összetörnek egy fazekas korsót darabokra zúzva, kímélet nélkül; és nem találtatik darabjai közt cserép, hogy tüzet kaparjanak a tűzhelyről és vizet merjenek a veremből.
15 ১৫ কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
Mert így szól az Úr az Örökkévaló, Izrael szentje: Békesség és nyugalom által fogtok megsegíttetni, nyugodtságban és bizalomban lesz a ti erőtök; de ti nem akartátok,
16 ১৬ তোমালোকে ক’লা, “নহয়; কাৰণ আমি ঘোঁৰাত পলাই যাম;’ সেয়ে তোমালোকো পলাবা; আৰু আমি বগী ঘোঁৰাত উঠি যাম, সেয়ে তোমালোকক খেদি যোৱাসকলো বেগী হ’ব।
hanem mondtátok nem, hanem lovon futunk – azért futni fogtok, és gyors állaton nyargalunk, ezért gyorsak lesznek üldözőitek.
17 ১৭ এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”
Egyezren egynek a fenyegetése elől, ötnek a fenyegetése elől fogtok futni, amíg úgy maradtok mint a pózna a hegy csúcsán, mint a jelzászló a dombon.
18 ১৮ তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
És ezért vár az Örökkévaló, hogy kegyelmezzen nektek és ezért késik, hogy irgalmazzon nektek; mert a jognak Istene az Örökkévaló, boldogok, kik rá várakoznak.
19 ১৯ কিয়নো লোকসকল যিৰূচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব।
Oh te nép, mely Cziónban, Jeruzsálemben lakik, nem fogsz sírva sírni, könyörülve fog könyörülni rajtad kiáltásod hangjára, mihelyt hallja, meghallgat téged.
20 ২০ যদিও প্ৰভুৱে তোমালোকক সঙ্কটযুক্ত আহাৰ, আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব, কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাব।
És ad nektek az Úr szűken kenyeret és nyomorral vizet: nem vonul félre többé tanítód és szemeid látni fogják tanítódat:
21 ২১ যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”
és füleid hallani fogják a szót mögötted, mely mondja: ez az út, járjatok rajta, akár jobbra akár balra mentek.
22 ২২ তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”
És megfertőztetitek faragott képeid ezüst burkolatát és öntött képeid arany köpönyegét; elhányod mint undorító dolgot, ki veled! mondod neki.
23 ২৩ তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা, তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।
És adni fog esőt vetőmagodra, amellyel beveted a földet és kenyeret, a földnek termését, és kövér és zsíros lesz; legelni fog jószágod azon napon széles réten.
24 ২৪ মাটি চাহ কৰা ষাঁড়গৰু আৰু গাধবোৰেও, বেলচা আৰু কুলাৰে সৈতে জাৰা পুৰঠ দানা খাব
Az ökrök és a szamarak pedig, a földnek művelői, sós abrakot fognak enni, melyet rostával és szórólapáttal szórtak.
25 ২৫ মহাহত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ’ব।
És minden magas hegyen és minden emelkedett dombon patakok, víznek folyói lesznek, a nagy öldöklés napján, amikor ledőlnek a tornyok.
26 ২৬ যি দিনা যিহোৱাই তেওঁৰ লোকসকলৰ ভগা অঙ্গ জোৰা দিব, আৰু প্ৰহাৰত লগা ঘা সুস্থ কৰিব, সেই দিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ’ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হব, আৰু সাত দিনৰ পোহৰৰ দৰে হ’ব।
És olyan lesz a hold világa, mint a nap világa és a nap világa hétszer olyan mint a hét nappalnak világa, amely napon bekötözi az Örökkévaló népének törését és a rajta ütött sebet meggyógyítja.
27 ২৭ চোৱা, যিহোৱাৰ নাম দূৰৈৰ পৰা আহিছে; তেওঁৰ ক্ৰোধাগ্নি জ্বলিছে; ওপৰলৈ উঠা তেওঁৰ ধুৱাঁৰাশি অতি ডাঠ; তেওঁৰ ওঁঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁৰ জিভা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ।
Íme az Örökkévaló neve messziről jön, ég a haragja súlyos füstfelleggel, ajkai telvék haragvással és nyelve olyan mint az emésztő tűz;
28 ২৮ তেওঁৰ প্ৰশ্বাস-বায়ু প্লাৱিত হোৱা বন্যাৰ দৰে সেয়া ডিঙিৰ মাজ ভাগলৈকে উঠে, লোকসকলক ধ্বংসৰ চালনিৰে চালি নির্বাচন কৰিব। তেওঁৰ প্রশ্বাস-বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ’ব।
és lehelete olyan mint az áradó patak, amely nyakig ér, hogy megszitálja a népeket a semmisülés szitáján és a tévesztő zabola a nemzetek állkapcsán legyen.
29 ২৯ পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ’ব, যিহোৱাৰ পৰ্ব্বতলৈ, ইস্ৰায়েলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ’ব।
Éneketek lesz, mint az ünnep megszentelésének éjszakájában, és szívnek öröme mint azé, ki fuvola mellett megy, hogy az Örökkévaló hegyére jusson. Izrael sziklájához.
30 ৩০ যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।
És hallatja az Örökkévaló fenségének hangját és karjának alászállását láttatja a harag hevében és emésztő tűznek lángjával – szélvész és zápor és jégesős kő.
31 ৩১ কিয়নো যি অচুৰে দণ্ডৰে আঘাত কৰিছিল, এনে অচূৰ যিহোৱাৰ মাতত অচূৰ ভাগি ডোখৰ ডোখৰ হ’ব, তেওঁ তেওঁলোকক দণ্ডেৰে প্রহাৰ কৰিব।
Mert az Örökkévaló hangjától megretten Assúr, mely vesszővel ver.
32 ৩২ যিহোৱাই প্রত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব, তেওঁ তেওঁলোকৰ সৈতে খঞ্জৰী আৰু বীণাৰে যুদ্ধ আৰু বিবাদ কৰিব,
És lesz az elrendelt vessző minden sújtása, melyet rábocsát az Örökkévaló, dobszó és hárfaszó mellett; emelt kéz harcával harcol ellene.
33 ৩৩ কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
Mert elkészítve van tegnaptól fogva a tűzhely, az is a királynak van szánva, méllyé és szélessé tették a máglyáját, tűz és sok fa, az Örökkévaló fuvallatja kénpatakként gyújtja meg.

< ইসাইয়া 30 >