< ইসাইয়া 3 >
1 ১ কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
For behold, the Lord GOD of Hosts is about to remove from Jerusalem and Judah both supply and support: the whole supply of food and water,
2 ২ পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,
the mighty man and the warrior, the judge and the prophet, the soothsayer and the elder,
3 ৩ পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।
the commander of fifty and the dignitary, the counselor, the cunning magician, and the clever enchanter.
4 ৪ “মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।
“I will make mere lads their leaders, and children will rule over them.”
5 ৫ প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব; সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব, আৰু নীহ লোকে সন্মানীয় লোকক প্রত্যাহ্বান দিব।
The people will oppress one another, man against man, neighbor against neighbor; the young will rise up against the old, and the base against the honorable.
6 ৬ এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”
A man will seize his brother within his father’s house: “You have a cloak—you be our leader! Take charge of this heap of rubble.”
7 ৭ সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”
On that day he will cry aloud: “I am not a healer. I have no food or clothing in my house. Do not make me leader of the people!”
8 ৮ কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
For Jerusalem has stumbled and Judah has fallen because they spoke and acted against the LORD, defying His glorious presence.
9 ৯ তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
The expression on their faces testifies against them, and like Sodom they flaunt their sin; they do not conceal it. Woe to them, for they have brought disaster upon themselves.
10 ১০ তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Tell the righteous it will be well with them, for they will enjoy the fruit of their labor.
11 ১১ দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
Woe to the wicked; disaster is upon them! For they will be repaid with what their hands have done.
12 ১২ মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।
Youths oppress My people, and women rule over them. O My people, your guides mislead you; they turn you from your paths.
13 ১৩ যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।
The LORD arises to contend; He stands to judge the people.
14 ১৪ যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
The LORD brings this charge against the elders and leaders of His people: “You have devoured the vineyard; the plunder of the poor is in your houses.
15 ১৫ বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
Why do you crush My people and grind the faces of the poor?”
16 ১৬ যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
The LORD also says: “Because the daughters of Zion are haughty— walking with heads held high and wanton eyes, prancing and skipping as they go, jingling the bracelets on their ankles—
17 ১৭ সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।
the Lord will bring sores on the heads of the daughters of Zion, and the LORD will make their foreheads bare.”
18 ১৮ সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,
In that day the Lord will take away their finery: their anklets and headbands and crescents;
19 ১৯ কাণফুলি, খাৰু, ওৰণি,
their pendants, bracelets, and veils;
20 ২০ কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।
their headdresses, ankle chains, and sashes; their perfume bottles and charms;
21 ২১ তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;
their signet rings and nose rings;
22 ২২ উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,
their festive robes, capes, cloaks, and purses;
23 ২৩ হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।
and their mirrors, linen garments, tiaras, and shawls.
24 ২৪ সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
Instead of fragrance there will be a stench; instead of a belt, a rope; instead of styled hair, baldness; instead of fine clothing, sackcloth; instead of beauty, shame.
25 ২৫ তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।
Your men will fall by the sword, and your warriors in battle.
26 ২৬ যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।
And the gates of Zion will lament and mourn; destitute, she will sit on the ground.