< ইসাইয়া 29 >
1 ১ হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।
Due wo Ariel, Ariel, kuropɔn a Dawid tenaa mu! Kɔ so ara di wo mfirinhyia mu afahyɛ ahodoɔ no.
2 ২ কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব।
Nanso, mɛbɔ wo ho nsraban; wobɛdi awerɛhoɔ na wato kwadwom, wobɛyɛ sɛ afɔrebukyia so ogya.
3 ৩ মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাউনি পাতিম, আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম।
Mede dɔm bɛtwa wo ho ahyia; mɛsisi abantenten atwa wo ho ahyia na afei mahyɛ otua dwumadie no ase atia wo.
4 ৪ তুমি নত হ’বা, ভুমিৰ পৰা কথা কবা; তোমাৰ বাক্য সৰু হৈ ধুলিৰ পৰা ওলাব। তোমাৰ মাত ভূতৰ দৰে ভুমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্যৰ অতি দুৰ্বল হৈ ধুলিৰ পৰা ওলাব।
Wɔsie wo wie a, wobɛkasa afiri asase mu; mfuturo mu na wo kasa bɛfiri aba. Wo nne bɛfiri asase no mu aba te sɛ ɔsaman deɛ; wo kasa bɛfiri mfuturo mu aba sɛ asomsɛmka.
5 ৫ কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
Nanso wʼatamfoɔ bebrebe no bɛyɛ sɛ mfuturo muhumuhu, na atirimuɔdenfoɔ bebrebe no ayɛ sɛ ntɛtɛ a mframa abɔ. Ɛbɛba prɛko pɛ, amonom hɔ ara.
6 ৬ মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
Asafo Awurade bɛba. Ɔde aprannaa ne asasewosoɔ ne hooyɛ kɛseɛ, mframaden ne ahum ne ogyaframa a ɛhye adeɛ bɛba.
7 ৭ অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব, আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব, এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব।
Afei amanaman bebrebe a wɔtu Ariel so sa nyinaa, wɔn a wɔto hyɛ ɔne nʼaban so na wotua no no, ɛbɛyɛ wɔn sɛ adaeɛso, anaa anadwo mu anisoadehunu.
8 ৮ যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে, হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব।
Sɛdeɛ obi a ɛkɔm de no so daeɛ sɛ ɔredidi, na sɛ ɔnyane a ɔte sɛ ɛkɔm de no; sɛdeɛ obi a osukɔm de no so daeɛ sɛ ɔrenom nsuo, nanso ɔnyane a na watɔ piti, na osukɔm de no ara no, saa ara na ɛbɛyɛ ama amanaman dodoɔ a wɔko tia Bepɔ Sion no.
9 ৯ নিজকে বিস্মিত কৰা, আৰু বিস্মিত হোৱা! নিজকে অন্ধ কৰা, আৰু অন্ধ হোৱা; মতলীয়া হোৱা, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়; ঢলং পলং হোৱা, কিন্তু যবসুৰাৰে নহয়;
Mo ho nnwiri mo na ɛnyɛ mo nwanwa, mo ani mfira a monhunu adeɛ; mommoboro a ɛmfiri nsã, montotɔ ntentan a ɛmfiri nsaden.
10 ১০ কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
Awurade de nnahɔɔ ato mo so: Wakata mo ani (adiyifoɔ no); wakata mo tiri so (adehufoɔ no).
11 ১১ সকলো দৰ্শন তোমালোকলৈ চাব মাৰি বন্ধ কৰা এখনি পুথিৰ বাক্যস্বৰূপ; “ইয়াক পাঠ কৰা।” এই বুলি কৈ জ্ঞানী এজনক সেই পুথি খন দিলে তেওঁ কয়, “মই নোৱাৰোঁ, কাৰণ এয়ে চাব মাৰি বন্ধ কৰা।”
Mo deɛ saa anisoadehunu yi nyinaa nka hwee mma mo, ɛte sɛ nsɛm a wɔasɔ ano wɔ nwoma mmobɔeɛ mu. Sɛ mode nwoma mmobɔeɛ no ma obi a ɔtumi kenkan, na moka kyerɛ no sɛ, “Mesrɛ wo kenkan yei” a, ɔbɛbua sɛ, “Merentumi, ɛfiri sɛ wɔasɔ ano.”
12 ১২ যদি “ইয়াক পাঠ কৰা,” এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।”
Sɛ nso, mode nwoma mmobɔeɛ no ma deɛ ɔnnim akenkan, na moka kyerɛ no sɛ, “Mesrɛ wo kenkan yei” a, ɔbɛbua sɛ, “Mennim akenkan.”
13 ১৩ যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Awurade ka sɛ, “Saa nnipa yi de ano hunu twi bɛn me na wɔde wɔn anofafa hyɛ me animuonyam, nanso wɔn akoma mmɛn me. Som a wɔsom me no yɛ mmara a nnipa akyerɛ wɔn no nko ara.
14 ১৪ এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
Enti mɛma nnipa yi ho adwiri wɔn bio. Mede anwanwadeɛ ntoatoasoɔ bɛyɛ; mɛsɛe anyansafoɔ nyansa, na mɛma nimdefoɔ adenim ayɛ ɔkwa.”
15 ১৫ যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব।
Wɔnnue, wɔn a wɔyɛ biribiara sɛ wɔde wɔn atirimpɔ bɛhinta Awurade, wɔn a wɔyɛ wɔn nnwuma wɔ sum ase na wɔsusu sɛ, “Hwan na ɔhunu yɛn? Hwan na ɔbɛte aseɛ?”
16 ১৬ তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে?
Mosisi nneɛma tiri ase. Modwene sɛ ɔnwomfoɔ no mmom ne dɔteɛ no! Deɛ wayɛ bɛtumi aka akyerɛ deɛ ɔyɛeɛ sɛ, “Wo na woyɛɛ me anaa”? Kukuo bɛtumi aka afa ɔnwomfoɔ ho sɛ “Ɔnnim hwee anaa”?
17 ১৭ অতি অলপ সময়, লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব।
Ɛrenkyɛre koraa, Lebanon bɛdane ayɛ asase bereɛ na asase bereɛ no nso adane ayɛ sɛ kwaeɛ.
18 ১৮ সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব।
Saa ɛda no, ɔsotifoɔ bɛte nsɛm a ɛwɔ nwoma mmobɔeɛ no mu na kusuuyɛ ne esum mu mpo onifirani ani bɛhunu adeɛ.
19 ১৯ নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত উল্লাস কৰিব।
Ahobrɛasefoɔ bɛdi ahurisie wɔ Awurade mu bio; ahiafoɔ ho bɛsɛpɛ wɔn wɔ Israel Ɔkronkronni no mu.
20 ২০ কিয়নো নিষ্ঠুৰ লোক লোপ হ’ব, আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাশন হ’ব,
Atutupɛfoɔ bɛyera, wɔrenhunu fɛdifoɔ bio, na wɔn a wɔdwene bɔne nyinaa wɔbɛtwa wɔn agu.
21 ২১ যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে, আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে।
Wɔn a wɔka asɛm ma obi di fɔ, wɔn a wɔsum deɛ ɔreyi ne ho ano afidie wɔ asɛnniiɛ na wɔdi adansekurumu ma wɔbu deɛ ɔdi bem no fɔ no nso, wɔbɛtwa wɔn agu.
22 ২২ এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব।
Enti sei na Awurade a ɔgyee Abraham nkwa no ka kyerɛ Yakob fiefoɔ: Yakob anim renguase bio; wɔn anim rento hoa bio.
23 ২৩ কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তান সকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব।
Sɛ wɔhunu wɔn mma wɔ wɔn mu, wɔn a wɔyɛ me nsa ano adwuma no a, wɔbɛyɛ me din no kronkron; wɔbɛgye Yakob ɔkronkronni no kronkronyɛ ato mu, na wɔde fɛreɛ agyina Israel Onyankopɔn no anim.
24 ২৪ ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”
Wɔn a wɔfom kwan wɔ honhom mu bɛnya nteaseɛ; wɔn a wɔnwiinwii nso, wɔbɛgye nkyerɛkyerɛ atom.