< ইসাইয়া 28 >
1 ১ ইফ্ৰয়িমৰ মতলীয়াসকলৰ অহঙ্কাৰৰ ৰাজমুকুট, আৰু দ্ৰাক্ষাৰসেৰে পৰাজিত হোৱাসকলৰ উৰ্ব্বৰা উপত্যকাৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলৰ সন্তাপ হ’ব।
エフライムの酔いどれの誇る冠と、酒におぼれた者の肥えた谷のかしらにあるしぼみゆく花の美しい飾りは、わざわいだ。
2 ২ চোৱা, প্ৰভুৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
見よ、主はひとりの力ある強い者を持っておられる。これはひょうをまじえた暴風のように、破り、そこなう暴風雨のように、大水のあふれみなぎる暴風のように、それを激しく地に投げうつ。
3 ৩ ইফ্ৰয়িমৰ মতলীয়াবোৰৰ অহঙ্কাৰৰ ৰাজমুকুট ভৰিৰে গচকা হ’ব।
エフライムの酔いどれの誇る冠は足で踏みにじられる。
4 ৪ ঘামকালৰ পূৰ্বতে হোৱা প্ৰথমে পকা যি ডিমৰু গুটিক লোকে দেখামাত্ৰে চকু দিয়ে, আৰু হাতত পৰিলে গিলি পেলায়, উৰ্ব্বৰা উপত্যকাত মুৰত থকা সুন্দৰ ভূষণস্বৰূপ তাৰ জয় পৰা ফুলটি, সেই গুটিৰ দৰে হ’ব।
肥えた谷のかしらにあるしぼみゆく花の美しい飾りは、夏前に熟した初なりのいちじくのようだ。人がこれを見ると、取るやいなや、食べてしまう。
5 ৫ সেই দিনা বাহিনীসকলৰ যিহোৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোঁতা মুকুটস্বৰূপ হ’ব;
その日、万軍の主はその民の残った者のために、栄えの冠となり、麗しい冠となられる。
6 ৬ বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
また、さばきの席に座する者にはさばきの霊となり、戦いを門まで追い返す者には力となられる。
7 ৭ কিন্তু দ্ৰাক্ষাৰসেৰে ভ্ৰান্ত, আৰু সুৰাপানেৰে বিপথগামী হৈছে; পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে, আৰু তেওঁলোক দ্ৰাক্ষাৰসেৰে নষ্ট হৈছে, সুৰাপানেৰে বিপথগামী হৈছে, আৰু দৰ্শনত ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে।
しかし、これらもまた酒のゆえによろめき、濃き酒のゆえによろける。祭司と預言者とは濃き酒のゆえによろめき、酒のゆえに心みだれ、濃き酒のゆえによろける。彼らは幻を見るときに誤り、さばきを行うときにつまづく。
8 ৮ কিয়নো আটাই মেজ বঁমিৰে পূৰ হৈ আছে, কোনো পৰিষ্কাৰ স্থান নাই।
すべての食卓は吐いた物で満ち、清い所はない。
9 ৯ তেওঁ কাক জ্ঞান শিকাব? আৰু কাক নো বাৰ্ত্তা বুজাব? গাখীৰ এৰুউৱা আৰু পিয়াহ খাব নিদিয়া কেঁচুৱাসকলক নে?
「彼はだれに知識を教えようとするのか。だれにおとずれを説きあかそうとするのか。乳をやめ、乳ぶさを離れた者にするのだろうか。
10 ১০ কিয়নো আজ্ঞাৰ উপৰি আজ্ঞা, আজ্ঞাৰ উপৰি আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ।”
それは教訓に教訓、教訓に教訓、規則に規則、規則に規則。ここにも少し、そこにも少し教えるのだ」。
11 ১১ বাস্তৱিকতে, তেওঁ নিন্দক ওঁঠেৰে, আৰু বিদেশী জিবাৰে তেওঁ এই লোকসকলক কথা ক’ব।
否、むしろ主は異国のくちびると、異国の舌とをもってこの民に語られる。
12 ১২ তেওঁ অতীতত তেওঁলোকক কৈছিল, “এয়ে জিৰণি, তোমালোকে ভাগৰোৱা জনক জিৰণি দিয়া, আৰু এয়ে বিশ্ৰাম;” কিন্তু তেওঁলোকে শুনা নাছিল।
主はさきに彼らに言われた、「これが安息だ、疲れた者に安息を与えよ。これが休息だ」と。しかし彼らは聞こうとはしなかった。
13 ১৩ সেয়ে তেওঁলোকে গৈ যেন উজুটি খাই চিত হৈ পৰি ভগ্ন হ’ব, আৰু ফান্দত ধৰা পৰিব, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ বাক্য “আজ্ঞাৰ উপৰিও আজ্ঞা, “আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ’ব।”
それゆえ、主の言葉は彼らに、教訓に教訓、教訓に教訓、規則に規則、規則に規則、ここにも少し、そこにも少しとなる。これは彼らが行って、うしろに倒れ、破られ、わなにかけられ、捕えられるためである。
14 ১৪ যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।
それゆえ、エルサレムにあるこの民を治めるあざける人々よ、主の言葉を聞け。
15 ১৫ তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।” (Sheol )
あなたがたは言った、「われわれは死と契約をなし、陰府と協定を結んだ。みなぎりあふれる災の過ぎる時にも、それはわれわれに来ない。われわれはうそを避け所となし、偽りをもって身をかくしたからである」。 (Sheol )
16 ১৬ এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
それゆえ、主なる神はこう言われる、「見よ、わたしはシオンに一つの石をすえて基とした。これは試みを経た石、堅くすえた尊い隅の石である。『信ずる者はあわてることはない』。
17 ১৭ মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
わたしは公平を、測りなわとし、正義を、下げ振りとする。ひょうは偽りの避け所を滅ぼし、水は隠れ場を押し倒す」。
18 ১৮ মৃত্যুৰ সৈতে কৰা তোমালোকৰ নিয়মটি মচি পেলুৱা হ’ব, আৰু চিয়োলৰ সৈতে কৰা চুক্তি স্থিৰ নাথাকিব; প্লাৱন কৰা ধল পানী দেশৰ মাজেদি গ’লে, তোমালোকক তাৰ দ্বাৰাই গচকি পেলোৱা হ’ব। (Sheol )
その時あなたがたが死とたてた契約は取り消され、陰府と結んだ協定は行われない。みなぎりあふれる災の過ぎるとき、あなたがたはこれによって打ち倒される。 (Sheol )
19 ১৯ সি যিমান বাৰ দেশৰ মাজেদি যাব, সিমানবাৰ তোমালোকক প্লাবিত কৰিব; কিয়নো সি প্ৰতি ৰাতিপুৱা, আৰু দিনত ও ৰাতিও দেশৰ মাজেদি যাব, যেতিয়া বাৰ্ত্তাটি বুজিব তেতিয়া কেৱল আতঙ্ক হ’ব।
それが過ぎるごとに、あなたがたを捕える。それは朝な朝な過ぎ、昼も夜も過ぎるからだ。このおとずれを聞きわきまえることは、全くの恐れである。
20 ২০ কিয়নো মানুহে ভৰি মেলিবলৈ খাট অতি চুটি আৰু গাত লবলৈ কাপোৰ অতি ঠেক হৈছে।”
床が短くて身を伸べることができず、かける夜具が狭くて身をおおうことができないからだ。
21 ২১ যিহোৱাই নিজৰ কাৰ্য নিজৰ নজনা নুশুনা ব্যাপাৰ, নিজৰ নজনা নুশুনা ব্যপাৰ সাম্ফল কৰিবলৈ, পৰাচীন পৰ্ব্বতত যেনেকৈ উঠিছিল, তেনেকৈ উঠিব, আৰু গিবিয়োন উপত্যকাত যেনেকৈ ক্ৰোধ কৰিছিল, তেনেকৈ ক্ৰোধ কৰিব।
主はペラジム山で立たれたように立ちあがり、ギベオンの谷で憤られたように憤られて、その行いをなされる。その行いは類のないものである。またそのわざをなされる。そのわざは異なったものである。
22 ২২ এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
それゆえ、あなたがたはあざけってはならない。さもないと、あなたがたのなわめは、きびしくなる。わたしは主なる万軍の神から全地の上に臨む滅びの宣言を聞いたからである。
23 ২৩ তোমালোকে মনোযোগ দি মোৰ কথা শুনা, মনোযোগী হৈ মোৰ বাক্য শুনা।
あなたがたは耳を傾けて、わが声を聞くがよい。心してわが言葉を聞くがよい。
24 ২৪ গুটি সিঁচিবলৈ জানো খেতিয়কে দিনটো হাল বায়? তেওঁ জানো সদায় খলি কাটে আৰু নিজৰ মাটিৰ চপৰা জানো সদায় ভাঙে?
種をまくために耕す者は絶えず耕すだろうか。彼は絶えずその地をひらき、まぐわをもって土をならすだろうか。
25 ২৫ মাটি সমান কৰা পাছত তেওঁ জানো কালজীৰা নবয়, আৰু ভূগ জীৰা নিসিঁচে? শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত যৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?
地のおもてを平らにしたならば、いのんどをまき、クミンをまき、小麦をうねに植え、大麦を定めた所に植え、スペルト麦をその境に植えないだろうか。
26 ২৬ তেওঁৰ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে, আৰু তেওঁ তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে।
これは彼の神が正しく、彼を導き教えられるからである。
27 ২৭ তাৰ উপৰিও, কালজীৰা মৰণা মৰা যন্ত্ৰেৰে মৰা নাযায়, আৰু ৰথৰ চক্ৰ ভোগজীৰাৰ ওপৰত চলোৱা নাযায়, কিন্তু কালজীৰা বাৰিৰে, আৰু ভোগজীৰা লাখুটিৰে মৰা যায়।
いのんどは麦こき板でこかない、クミンはその上に車輪をころがさない。いのんどを打つには棒を用い、クミンを打つにはさおを用いる。
28 ২৮ পিঠাৰ শস্য গুড়ি কৰিব লগা হয়; কিন্তু সদায় মৰণা মৰাত লাগি নাথাকে; আৰু তেওঁ তাৰ ওপৰেদি যন্ত্ৰৰ চক্ৰ চলায় হয়, কিন্তু নিজৰ ঘোঁৰাবোৰেৰে তাক গুড়ি নকৰে।
人はパン用の麦を打つとき砕くだろうか、否、それが砕けるまでいつまでも打つことをしない。馬をもってその上に車輪を引かせるとき、それを砕くことをしない。
29 ২৯ যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান, বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।
これもまた万軍の主から出ることである。その計りごとは驚くべく、その知恵はすぐれている。