< ইসাইয়া 28 >

1 ইফ্ৰয়িমৰ মতলীয়াসকলৰ অহঙ্কাৰৰ ৰাজমুকুট, আৰু দ্ৰাক্ষাৰসেৰে পৰাজিত হোৱাসকলৰ উৰ্ব্বৰা উপত্যকাৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলৰ সন্তাপ হ’ব।
禍哉,那為酒灌倒的厄弗辣因醉漢所驕矜的冠冕!禍哉,那生於肥谷之巔作她美飾的殘花!
2 চোৱা, প্ৰভুৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
看哪!吾主興起一位強有力者,有如帶冰雹的暴雨,又如摧毀性的狂風,和漲溢氾濫的大水,猛力將一切拋落地上。
3 ইফ্ৰয়িমৰ মতলীয়াবোৰৰ অহঙ্কাৰৰ ৰাজমুকুট ভৰিৰে গচকা হ’ব।
厄弗辣因醉漢所驕矜的冠冕,必被人踏在腳下;
4 ঘামকালৰ পূৰ্বতে হোৱা প্ৰথমে পকা যি ডিমৰু গুটিক লোকে দেখামাত্ৰে চকু দিয়ে, আৰু হাতত পৰিলে গিলি পেলায়, উৰ্ব্বৰা উপত্যকাত মুৰত থকা সুন্দৰ ভূষণস্বৰূপ তাৰ জয় পৰা ফুলটি, সেই গুটিৰ দৰে হ’ব।
生於肥谷之巔作她美飾的殘花,將如夏季前早熟的無花果,人一見到便伸手摘取吞下。
5 সেই দিনা বাহিনীসকলৰ যিহোৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোঁতা মুকুটস্বৰূপ হ’ব;
到那一天,萬軍的上主將親作他殘餘的百姓的榮冠和華冕;
6 বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
他將是坐堂判案者的公義之神,將是門前禦敵者的力量。
7 কিন্তু দ্ৰাক্ষাৰসেৰে ভ্ৰান্ত, আৰু সুৰাপানেৰে বিপথগামী হৈছে; পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে, আৰু তেওঁলোক দ্ৰাক্ষাৰসেৰে নষ্ট হৈছে, সুৰাপানেৰে বিপথগামী হৈছে, আৰু দৰ্শনত ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে।
連這些人也因清酒而搖晃,因濃酒而蹣跚;他們在異象中搖晃,在審斷時暈眩。
8 কিয়নো আটাই মেজ বঁমিৰে পূৰ হৈ আছে, কোনো পৰিষ্কাৰ স্থান নাই।
一切筵席上都滿了嘔吐,沒有一處不是垢物。
9 তেওঁ কাক জ্ঞান শিকাব? আৰু কাক নো বাৰ্ত্তা বুজাব? গাখীৰ এৰুউৱা আৰু পিয়াহ খাব নিদিয়া কেঁচুৱাসকলক নে?
他要將智識授給誰呢﹖向誰解釋啟示呢﹖是向方才斷乳和剛離母懷的嬰兒嗎﹖
10 ১০ কিয়নো আজ্ঞাৰ উপৰি আজ্ঞা, আজ্ঞাৰ উপৰি আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ।”
這只是些「命上加命,命上加命,令上加令,令上加令,這裏一點,那裏一點!」
11 ১১ বাস্তৱিকতে, তেওঁ নিন্দক ওঁঠেৰে, আৰু বিদেশী জিবাৰে তেওঁ এই লোকসকলক কথা ক’ব।
是的,上主要用口吃的唇,異人的舌,向這民族說話!
12 ১২ তেওঁ অতীতত তেওঁলোকক কৈছিল, “এয়ে জিৰণি, তোমালোকে ভাগৰোৱা জনক জিৰণি দিয়া, আৰু এয়ে বিশ্ৰাম;” কিন্তু তেওঁলোকে শুনা নাছিল।
雖然他曾對他們說過:「這就是安息的地方,讓困倦的人安息罷!這就是休養的處所。」可惜他們總不肯聽從。
13 ১৩ সেয়ে তেওঁলোকে গৈ যেন উজুটি খাই চিত হৈ পৰি ভগ্ন হ’ব, আৰু ফান্দত ধৰা পৰিব, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ বাক্য “আজ্ঞাৰ উপৰিও আজ্ঞা, “আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ’ব।”
因此上主的話對他們真成了「命上加命,命上加命,令上加令,令上加令,這裏一點,那裏一點!」致使他們雖然前行,卻向後仰倒而跌傷,陷於圈套而被擄獲。
14 ১৪ যিৰূচালেমৰ লোকসকলক শাসন কৰা জন হে নিন্দক লোকসকল, যিহোৱাৰ বাক্য শুনা।
為此,你們這些在耶路撒冷統治這民族的好嘲弄的人,聽上主的話罷!
15 ১৫ তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।” (Sheol h7585)
你們曾說過:「我們與死亡訂了盟,與陰府結了約,當狂怒的刑鞭經過時,不會落在我們身上,因為我們有欺詐作我們的遮掩,有虛偽作我們的庇護。」 (Sheol h7585)
16 ১৬ এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
因此吾主上主這樣說:「看,我要在熙雍安放一塊石頭,一塊精選的石頭,一塊寶貴的角石作基礎,信賴的人必不動搖。
17 ১৭ মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
我要以公平為準繩,以正義為權衡;冰雹將蕩盡欺詐的遮掩地,洪流將沖散虛偽的庇護所。
18 ১৮ মৃত্যুৰ সৈতে কৰা তোমালোকৰ নিয়মটি মচি পেলুৱা হ’ব, আৰু চিয়োলৰ সৈতে কৰা চুক্তি স্থিৰ নাথাকিব; প্লাৱন কৰা ধল পানী দেশৰ মাজেদি গ’লে, তোমালোকক তাৰ দ্বাৰাই গচকি পেলোৱা হ’ব। (Sheol h7585)
你們與死亡所訂的盟約必要廢除,與陰府所結的約必不持久;當狂怒的刑鞭經過時,你們必被蹂躪; (Sheol h7585)
19 ১৯ সি যিমান বাৰ দেশৰ মাজেদি যাব, সিমানবাৰ তোমালোকক প্লাবিত কৰিব; কিয়নো সি প্ৰতি ৰাতিপুৱা, আৰু দিনত ও ৰাতিও দেশৰ মাজেদি যাব, যেতিয়া বাৰ্ত্তাটি বুজিব তেতিয়া কেৱল আতঙ্ক হ’ব।
每次經過,每次必要打擊你們;他每朝經過,白日黑夜也經過;惟有恐怖方能使你們明白這啟示。」
20 ২০ কিয়নো মানুহে ভৰি মেলিবলৈ খাট অতি চুটি আৰু গাত লবলৈ কাপোৰ অতি ঠেক হৈছে।”
真是伸直身子床也短,縮作一團被又窄。
21 ২১ যিহোৱাই নিজৰ কাৰ্য নিজৰ নজনা নুশুনা ব্যাপাৰ, নিজৰ নজনা নুশুনা ব্যপাৰ সাম্ফল কৰিবলৈ, পৰাচীন পৰ্ব্বতত যেনেকৈ উঠিছিল, তেনেকৈ উঠিব, আৰু গিবিয়োন উপত্যকাত যেনেকৈ ক্ৰোধ কৰিছিল, তেনেকৈ ক্ৰোধ কৰিব।
因為上主要興起,如在培辣親山上一樣;要發怒,如在基貝紅山谷一樣,為履行他的工作--他神妙的工作,為完成他的事業--他奇異的事業。
22 ২২ এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
所以現在不要再嘲笑了,免得你們的繩索繫得更緊,因為我聽到的有關毀滅大地的決議,是來自吾主萬軍的上主。
23 ২৩ তোমালোকে মনোযোগ দি মোৰ কথা শুনা, মনোযোগী হৈ মোৰ বাক্য শুনা।
請你們側耳靜聽我的聲音,請留意傾聽我的言語:
24 ২৪ গুটি সিঁচিবলৈ জানো খেতিয়কে দিনটো হাল বায়? তেওঁ জানো সদায় খলি কাটে আৰু নিজৰ মাটিৰ চপৰা জানো সদায় ভাঙে?
耕田的人那有整日耕田,掘土耙地的呢﹖
25 ২৫ মাটি সমান কৰা পাছত তেওঁ জানো কালজীৰা নবয়, আৰু ভূগ জীৰা নিসিঁচে? শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত যৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?
當他把地弄平了以後,不是要撒上小茴香,播種大茴香,種植大麥和小麥,地邊種玉蜀黍嗎﹖
26 ২৬ তেওঁৰ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে, আৰু তেওঁ তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে।
這是上主教給他的方式,他的天主指示他的。
27 ২৭ তাৰ উপৰিও, কালজীৰা মৰণা মৰা যন্ত্ৰেৰে মৰা নাযায়, আৰু ৰথৰ চক্ৰ ভোগজীৰাৰ ওপৰত চলোৱা নাযায়, কিন্তু কালজীৰা বাৰিৰে, আৰু ভোগজীৰা লাখুটিৰে মৰা যায়।
打小茴香不須用釘耙,打大茴香不須用碾機,而是用木棒打小茴香,用棍子打大茴香。
28 ২৮ পিঠাৰ শস্য গুড়ি কৰিব লগা হয়; কিন্তু সদায় মৰণা মৰাত লাগি নাথাকে; আৰু তেওঁ তাৰ ওপৰেদি যন্ত্ৰৰ চক্ৰ চলায় হয়, কিন্তু নিজৰ ঘোঁৰাবোৰেৰে তাক গুড়ি নকৰে।
五穀豈是要輾碎的嗎﹖不是!人並不將它無限期地壓了又壓,而是叫碾機滾過,碾出穀粒來,並不是為碾碎它。
29 ২৯ যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান, বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।
這也是出自萬軍的上主:他的計劃真是神奇,他的智慧真是超絕。

< ইসাইয়া 28 >