< ইসাইয়া 27 >
1 ১ সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
En aquel día, Yahvé, con su espada dura, grande y fuerte, castigará al leviatán, la serpiente que huye, y al leviatán, la serpiente retorcida; y matará al dragón que está en el mar.
2 ২ সেইদিনা- “এখন মনোৰম দ্ৰাক্ষাবাৰীত, সেই বিষয়ে গান কৰিবা।
En ese día, cántale: “¡Una viña agradable!
3 ৩ “মই যিহোৱাই তাৰ প্রতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ; মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে।
Yo, Yahvé, soy su guardián. La regaré a cada momento. Para que nadie la dañe, la guardaré de noche y de día.
4 ৪ মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।
No hay ira en mí, pero si encontrara cardos y espinas, ¡haría la batalla! Marcharía sobre ellos y los quemaría juntos.
5 ৫ নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক, আৰু মোৰে সৈতে সন্ধি কৰক, মোৰে সৈতে সন্ধি কৰিবলৈ দিয়া হওক।
O bien, que se apodere de mi fuerza, para que haga las paces conmigo. Que haga las paces conmigo”.
6 ৬ ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
En los días venideros, Jacob echará raíces. Israel florecerá y brotará. Llenarán de frutos la superficie del mundo.
7 ৭ তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?
¿Los ha golpeado como golpeó a los que los golpearon? ¿O los ha matado como mató a los que los mataron?
8 ৮ তেওঁ যাকোব আৰু ইস্ৰায়েলক যুদ্ধলৈ পঠাই দিয়াৰ দ্বাৰাই দণ্ড দিছা; তেওঁৰ পূব দিশৰ বতাহৰ দিনা নিজৰ প্ৰবল বায়ুৰ দ্বাৰাই তেওঁক স্থানান্তৰিত কৰিলে।
En la medida en que los expulsa, contiende con ellos. Los ha eliminado con su áspera ráfaga en el día del viento del este.
9 ৯ এই হেতুকে ইয়াৰ দ্বাৰাই, যাকোবৰ অপৰাধ মোচন কৰা হ’ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰাৰ এইয়ে সকলো ফল, আচেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ, আৰু যজ্ঞবেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব।
Por tanto, con esto será perdonada la iniquidad de Jacob, y éste es todo el fruto de la remoción de su pecado: que él haga que todas las piedras del altar sean como piedras de tiza desmenuzadas, de modo que los postes de Asera y los altares de incienso no se levanten más.
10 ১০ কিয়নো গড়েৰে আবৃত নগৰ পৰিত্যক্ত হ’ব, আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্যৰ দৰে নিৰ্জন হ’ব; তাত দামুৰি চৰিব, তাত শুব আৰু ডালবোৰ খাব।
Porque la ciudad fortificada es solitaria, una morada desierta y abandonada, como el desierto. El becerro se alimentará allí, y allí se acostará, y consumirá sus ramas.
11 ১১ তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
Cuando sus ramas se marchiten, serán cortadas. Las mujeres vendrán y les prenderán fuego, porque son un pueblo sin entendimiento. Por eso el que los hizo no tendrá compasión de ellos, y el que los formó no les mostrará ningún favor.
12 ১২ সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।
Sucederá en ese día que Yahvé trillará desde la corriente del Éufrates hasta el arroyo de Egipto; y ustedes serán reunidos uno por uno, hijos de Israel.
13 ১৩ সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।
Sucederá en ese día que se tocará una gran trompeta; y vendrán los que estaban listos para perecer en la tierra de Asiria, y los que estaban desterrados en la tierra de Egipto, y adorarán a Yahvé en el monte santo de Jerusalén.