< ইসাইয়া 26 >
1 ১ সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
[In die illa cantabitur canticum istud in terra Juda: Urbs fortitudinis nostræ Sion; salvator ponetur in ea murus et antemurale.
2 ২ সত্যক পালন কৰা ধাৰ্মিক দেশবাসী সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া।
Aperite portas, et ingrediatur gens justa, custodiens veritatem.
3 ৩ যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
Vetus error abiit: servabis pacem; pacem, quia in te speravimus.
4 ৪ তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
Sperastis in Domino in sæculis æternis; in Domino Deo forti in perpetuum.
5 ৫ কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব; তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব।
Quia incurvabit habitantes in excelso; civitatem sublimem humiliabit: humiliabit eam usque ad terram, detrahet eam usque ad pulverem.
6 ৬ দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।
Conculcabit eam pes, pedes pauperis, gressus egenorum.
7 ৭ ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে।
Semita justi recta est, rectus callis justi ad ambulandum.
8 ৮ হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
Et in semita judiciorum tuorum, Domine, sustinuimus te: nomen tuum et memoriale tuum in desiderio animæ.
9 ৯ ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
Anima mea desideravit te in nocte, sed et spiritu meo in præcordiis meis de mane vigilabo ad te. Cum feceris judicia tua in terra, justitiam discent habitatores orbis.
10 ১০ দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।
Misereamur impio, et non discet justitiam; in terra sanctorum iniqua gessit, et non videbit gloriam Domini.
11 ১১ হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
Domine, exaltetur manus tua, et non videant; videant, et confundantur zelantes populi; et ignis hostes tuos devoret.
12 ১২ হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
Domine, dabis pacem nobis: omnia enim opera nostra operatus es nobis.
13 ১৩ হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।
Domine Deus noster, possederunt nos domini absque te; tantum in te recordemur nominis tui.
14 ১৪ সিহঁত মৰা, পুনৰায় নিজীৱ; সিহঁত মৃত, পুনৰায় নুঠিব; আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে।
Morientes non vivant, gigantes non resurgant: propterea visitasti et contrivisti eos, et perdidisti omnem memoriam eorum.
15 ১৫ আপুনি জাতিটো বৃদ্ধি কৰিলে; আপোনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে।
Indulsisti genti, Domine, indulsisti genti, numquid glorificatus es? elongasti omnes terminos terræ.
16 ১৬ হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।
Domine, in angustia requisierunt te, in tribulatione murmuris doctrina tua eis.
17 ১৭ গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ।
Sicut quæ concipit, cum appropinquaverit ad partum, dolens clamat in doloribus suis, sic facti sumus a facie tua, Domine.
18 ১৮ আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহহে প্ৰসৱ কৰিছিলোঁ; আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই, নাইবা পৃথিৱীৰ নিৰ্বাসীসকল পতিত হোৱা নাই।
Concepimus, et quasi parturivimus, et peperimus spiritum. Salutes non fecimus in terra; ideo non ceciderunt habitatores terræ.
19 ১৯ আপোনাৰ মৃত লোকসকল পুনৰায় জীব, আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব।
Vivent mortui tui, interfecti mei resurgent. Expergiscimini, et laudate, qui habitatis in pulvere, quia ros lucis ros tuus, et terram gigantum detrahes in ruinam.
20 ২০ হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
Vade, populus meus, intra in cubicula tua; claude ostia tua super te, abscondere modicum ad momentum, donec pertranseat indignatio.
21 ২১ কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে, পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”
Ecce enim Dominus egredietur de loco suo, ut visitet iniquitatem habitatoris terræ contra eum; et revelabit terra sanguinem suum, et non operiet ultra interfectos suos.]