< ইসাইয়া 24 >
1 ১ চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।
Glej, Gospod prazni zemljo in jo pustoši in jo prevrača in razpršuje njene prebivalce.
2 ২ প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব।
Zgodilo se bo, kakor z ljudstvom, tako z duhovnikom; kakor s služabnikom, tako z njegovim gospodarjem; kakor s služabnico, tako z njeno gospodarico; kakor s kupcem, tako s prodajalcem; kakor s tistim, ki posoja, tako z izposojevalcem; kakor z jemalcem obresti, tako s tistim, ki mu daje obresti.
3 ৩ পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে,
Dežela bo popolnoma izpraznjena in popolnoma oplenjena, kajti Gospod je spregovoril to besedo.
4 ৪ পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।
Zemlja žaluje in bledi, zemeljski [krog] peša in bledi, ošabno ljudstvo zemlje peša.
5 ৫ পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
Tudi zemlja je omadeževana pod njenimi prebivalci, ker so prekršili postave, spremenili odredbo, prelomili večno zavezo.
6 ৬ সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।
Zato je prekletstvo požrlo zemljo in tisti, ki prebivajo na njej, so zapuščeni. Zato so prebivalci zemlje požgani in ostalo je le malo mož.
7 ৭ নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।
Novo vino žaluje, trta peša, vsi veselo–srčni vzdihujejo.
8 ৮ খঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ’ল, উল্লাস কৰা সকল ওৰ পৰিল, বীণাৰ আনন্দ ধ্বনি শেষ হ’ল।
Veselje bobničev pojenjuje, hrup tistih, ki se veselijo, se končuje, radost harfe pojenjuje.
9 ৯ তেওঁলোক আৰু দ্ৰাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই; সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব;
Vina ne bodo pili s pesmijo; močna pijača bo grenka tistim, ki jo pijejo.
10 ১০ উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল।
Mesto zmešnjave je zlomljeno. Vsaka hiša je zaprta, da noben človek ne more vstopiti.
11 ১১ দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।
Tam je na ulicah jokanje zaradi vina; vsa radost je otemnela, veselje dežele je odšlo.
12 ১২ নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল।
V mestu je ostalo opustošenje in velika vrata so udarjena z uničenjem.
13 ১৩ কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়।
Ko bo tako v sredi dežele med ljudstvom, bo tam kakor otresanje oljke in kakor paberkovanje grozdov, ko je trgatev končana.
14 ১৪ তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব।
Povzdignili bodo svoj glas, peli bodo zaradi Gospodovega veličanstva, glasno bodo klicali od morja.
15 ১৫ এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।
Zatorej proslavljajte Gospoda v ognjih, celó ime Gospoda, Izraelovega Boga, na morskih otokih.
16 ১৬ আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।
Od skrajnih delov zemlje smo slišali pesmi, celó slavo k pravičnemu. Toda rekel sem: »Moja pustost, moja pustost, gorje meni! Zahrbtneži so postopali zahrbtno; da, zahrbtneži so postopali zelo zahrbtno.«
17 ১৭ পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাত, আৰু ফান্দ নিৰূপিত কৰা আছে।
Strah, jama in zanka so nad teboj, oh prebivalec zemlje.
18 ১৮ সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব।
Zgodilo se bo, da kdor pobegne pred hrupom strahu, bo padel v jamo; in kdor prihaja gor iz srede jame, bo ujet v zanko, kajti okna od zgoraj so odprta in temelji zemlje se tresejo.
19 ১৯ পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিৱী অত্যন্ত লৰিব।
Zemlja je popolnoma razrušena, zemlja je čisto raztopljena, zemlja je silno premaknjena.
20 ২০ পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।
Zemlja se bo opotekala sem ter tja kakor pijanec in odstranjena bo kakor koča in njen prestopek bo težak nad njo in ta bo padla in ne bo ponovno vstala.
21 ২১ যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।
Na tisti dan se bo zgodilo, da bo Gospod kaznoval vojsko vzvišenih, ki so na višavi in zemeljske kralje na zemlji.
22 ২২ কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব।
Zbrani bodo skupaj, kakor so jetniki zbrani v jami in zaprti bodo v ječi in po mnogih dneh bodo obiskani.
23 ২৩ তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।
Potem bo luna zbegana in sonce osramočeno, ko bo Gospod nad bojevniki veličastno kraljeval na gori Sion in v Jeruzalemu in pred njegovimi starci.