< ইসাইয়া 23 >
1 ১ তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
Jövendölés Tírus ellen. Jajgassatok Tarsis hajói, mert elpusztíttatott, úgy hogy nincs benne ház és abba bemenet! A Kitteusok földéről jelentetett meg nékik.
2 ২ হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।
Némuljatok meg lakosi e partvidéknek, a melyet Sidon kalmárai, a kik tengeren járnak, töltöttek be egykor.
3 ৩ চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
Melynek sok vizeken át a Sihór veteménye és a Nilus aratása vala jövedelme, úgy hogy népek vására volt!
4 ৪ হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”
Pirulj Sidon, mert szól a tenger és a tenger erőssége, mondván: Nem vajudtam, nem is szültem, és nem tápláltam ifjakat, és nem neveltem szűzeket.
5 ৫ যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।
Mihelyt e hír Égyiptomba eljut, Tírus e híre miatt szenvednek ott is.
6 ৬ তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।
Menjetek át Tarsisba, és jajgassatok ti partvidék lakói!
7 ৭ হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।
Ez-é a ti örvendező várostok? melynek eredete ősidőkből való; és most lábai viszik őt, bujdosni messzire!
8 ৮ যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
Ki végezé ezt a koronás Tírus felől? melynek kereskedői fejedelmek, és kalmárai a földnek tiszteletesei.
9 ৯ বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।
A seregeknek Ura végezé ezt, hogy meggyalázza minden dicsőségnek kevélységét, és hogy megalázza a föld minden tiszteleteseit.
10 ১০ হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।
Terülj el földeden, mint a folyóvíz, Tarsis leánya, nincs többé megszorító öv!
11 ১১ যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।
Kezét kinyujtá a tenger fölé, országokat rettentett meg, az Úr parancsolt Kanaán felől, hogy elpusztítsák erősségeit;
12 ১২ তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
És szólt: Nem fogsz többé örvendezni, te megszeplősített szűz, Sidon leánya; kelj és menj át Kittimbe, de ott sem lészen nyugodalmad!
13 ১৩ কলদীয়াসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।
Ímé, a Káldeusok földe; a nép, mely eddig nem vala; Assiria adá azt a puszta lakosainak; felállítá őrtornyait, lerombolá Tírus palotáit, rommá tevé azt.
14 ১৪ হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।
Jajgassatok Tarsis hajói, mert erősségtek elpusztíttatott!
15 ১৫ সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।
És lesz ama napon, hogy Tírus elfelejtetik hetven esztendeig egy király napjai szerint; hetven esztendő multán Tírus sorsa a parázna nő éneke szerint lészen:
16 ১৬ “হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”
Végy cziterát, járd be a várost, elfeledett parázna nő; pengesd szépen, dalolj sokat, hogy így emlékezetbe jőjj!
17 ১৭ সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।
És lesz hetven esztendő multán, meglátogatja az Úr Tírust, és az ismét megkapja a maga keresetét, és paráználkodik a föld minden országaival a földnek színén!
18 ১৮ তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।
S lészen az ő nyeresége és keresete szent az Úrnak, mely nem halmoztatik fel, sem el nem rejtetik, mert az Úr előtt lakozóké lészen az ő nyeresége, hogy egyenek eleget, és szép ruházatuk legyen.