< ইসাইয়া 22 >
1 ১ উপত্যকাৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা?
Brzemię doliny widzenia. Cóż ci się stało, żeś wszystka na dachy wystąpiła?
2 ২ কোলাহলপূৰ্ণ নগৰ, হে উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মৃতবোৰ তৰোৱালেৰে হ’ত হোৱা নাই, আৰু তেওঁলোক যুদ্ধতো মৰা নাই।
Miasto pełne wrzasku, i zgiełku, miasto weselące się! Pobici twoi nie są pobici mieczem, ani zginęli w bitwie.
3 ৩ তোমালোকৰ শাসনকৰ্ত্তাসকল একেলগে পলাই গ’ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ’ল; তেওঁলোকক সকলোকে বন্দী কৰা হ’ল, তেওঁলোকে দূৰলৈ পলাইছিল।
Wszyscy książęta twoi naporząd się rozpierzchnęli, od strzelców powiązani są wespół, i ci, którzy z daleka uciekają.
4 ৪ সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।
Dlategom rzekł: Odstąpcie odemnie, abym gorzko płakał; nie kwapcie się, cieszyć mię w spustoszeniu córki ludu mojego.
5 ৫ কিয়নো বাহিনীসকলৰ প্ৰভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।
Albowiem to jest dzień ucisku i podeptania, i zamięszania od Pana, Pana zastępów, w dolinie widzenia, dzień burzenia murów, i wołania na góry.
6 ৬ এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।
Elam też wziął sajdak z wozami ludu wojennego, a Kir okazał tarczę swoję.
7 ৭ তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ’ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল’ব।”
I stało się, że wyborne doliny twoje napełnione były wozami, a jezdni się potężnie zaszańcowali u bramy.
8 ৮ তেওঁ যিহূদাৰ সুৰক্ষা আতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;
I odkryta była zasłona Judowa; a poglądałeś dnia onego na zbrojownię w domu lasu.
9 ৯ তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।
I poglądaliście na rozwaliny miasta Dawidowego, bo ich wiele było; i zgromadziły się wody sadzawki dolnej.
10 ১০ তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;
Także policzyliście domy w Jeruzalemie, a rozwaliliście domy na oprawę murów.
11 ১১ তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
Uczyniliście też przekop między dwoma murami, dla wód stawu starego, a nie oglądaliście się na tego, co go sprawił, a tego, który go zdawna zbudował, nie widzieliście.
12 ১২ সেইদিনা বাহিনীসকলৰ প্ৰভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
Nadto, gdy wołał Pan, Pan zastępów, dnia onego do płaczu i do narzekania, i do obłysienia się, i do przepasania się worem;
13 ১৩ কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”
A oto radość i wesele wasze, zabijać woły, i bić owce, a jedząc mięso, i pijąc wino, mówić: Jedzmy, pijmy, bo jutro pomrzemy.
14 ১৪ মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।
Aleć to doszło uszów moich, mówi Pan zastępów. Przetoż wam ta nieprawość nie będzie odpuszczona; aż pomrzecie, mówi Pan, Pan zastępów.
15 ১৫ বাহিনীসকলৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে, “চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা,
Tak mówi Pan, Pan zastępów: Idź, wnijdź do tego podskarbiego, do Sobny, który jest przełożonym w domu, i rzecz:
16 ১৬ ‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
Co ty tu masz? albo kogo tu masz, żeś tu sobie wykował grób? Wykowałeś sobie na wysokiem miejscu grób swój, a wystawiłeś na skale przybytek swój?
17 ১৭ চোৱা, যিহোৱাই তোমাক দলিয়াই পেলাব, পৰাক্রমী জন তললৈ দলিয়াই পেলাব, তেওঁ তোমাক দুৰ্লভভাবে হাতেৰে মুচৰিব।
Oto Pan, który cię przykrył jako zacnego męża, a który cię kosztownie przyodział,
18 ১৮ তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।
Prędko cię zatoczy jako kulę do ziemi szerokiej i przestronnej; tam umrzesz, tam i wozy sławy twojej zginą, o hańbo domu Pana swego!
19 ১৯ “মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম। তোমাক তলত পেলাই দিয়া হ’ব।
A tak wypędzę cię z stanowiska twego, a z urzędu twego złożę cię.
20 ২০ সেই দিনা অহাৰ সময়ত, মই মোৰ দাস হিল্কিয়াৰ পুত্ৰ ইলিয়াকীমক মাতিম;
A dnia onego przyzwię sługę swego Elijakima, syna Helkijaszowego;
21 ২১ মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালি তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰূচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।
I oblekę go w szatę twoję, i pasem twoim potwierdzę go, panowanie też twoje dam w rękę jego; i będzie za ojca obywatelom Jeruzalemskim, i domowi Judzkiemu.
22 ২২ মই দায়ূদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম; তাতে তেওঁ খুলিব, আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব, আৰু কোনেও নোখুলিব।
I położę klucz domu Dawidowego na ramieniu jego; gdy otworzy, nikt nie zawrze, a gdy zawrze, nikt nie otworzy.
23 ২৩ মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।
I wbiję go jako gwóźdź na miejscu pewnem, a będzie stolicą chwały domu ojca swego.
24 ২৪ তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।
A zawiśnie na nim wszystka sława domu ojca jego, synowie i córki, i wszystko naczynie by najmniejsze, od naczynia, z którego piją, aż do każdego naczynia winnego.
25 ২৫ সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।
Dnia onego, mówi Pan zastępów, będzie wyjęty gwóźdź, który był wbity na miejscu pewnem, a będzie przycięty i upadnie; odcięte będzie i brzemię, które jest na nim; bo Pan mówił.