< ইসাইয়া 21 >
1 ১ সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
Neno kuhusu Jangwa kando ya Bahari: Kama upepo wa kisulisuli unaopita katika nchi hadi kusini, mshambuliaji anakuja kutoka jangwani, kutoka nchi inayotisha.
2 ২ এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
Nimeonyeshwa maono ya kutisha: Msaliti anasaliti, mteka nyara anateka nyara. Elamu, shambulia! Umedi, izunguke kwa jeshi! Nitakomesha huzuni zote alizosababisha.
3 ৩ এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
Katika hili mwili wangu umeteswa na maumivu, maumivu makali ya ghafula yamenishika, kama yale ya mwanamke mwenye utungu wa kuzaa. Nimeduwazwa na lile ninalolisikia, nimeshangazwa na lile ninaloliona.
4 ৪ মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
Moyo wangu unababaika, woga unanifanya nitetemeke, gizagiza la jioni nililolitamani sana, limekuwa hofu kuu kwangu.
5 ৫ তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
Wanaandaa meza, wanatandaza mazulia, wanakula, wanakunywa! Amkeni, enyi maafisa, zitieni ngao mafuta!
6 ৬ কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
Hili ndilo Bwana analoniambia: “Nenda, weka mlinzi, na atoe taarifa ya kile anachokiona.
7 ৭ যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
Anapoona magari ya vita pamoja na kundi la farasi, wapanda punda au wapanda ngamia, na awe macho, awe macho kikamilifu.”
8 ৮ সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
Naye mlinzi alipaza sauti, “Mchana baada ya mchana, bwana wangu, ninasimama katika mnara wa ulinzi, kila usiku ninakaa mahali pangu nilipoamriwa.
9 ৯ ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
Tazama, yuaja mtu anayepanda gari la vita pamoja na kundi la farasi. Naye anajibu: ‘Babeli umeanguka, umeanguka! Vinyago vyote vya miungu yake vimelala chini vikiwa vimevunjwa!’”
10 ১০ হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
Ee watu wangu, mliopondwa kwenye sakafu ya kupuria, ninawaambia kile nilichokisikia kutoka kwa Bwana Mwenye Nguvu Zote, kutoka kwa Mungu wa Israeli.
11 ১১ দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
Neno kuhusu Duma: Mtu fulani ananiita kutoka Seiri, “Mlinzi, usiku utaisha lini? Mlinzi, usiku utaisha lini?”
12 ১২ প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
Mlinzi anajibu, “Asubuhi inakuja, lakini pia usiku. Kama ungeliuliza, basi uliza; bado na urudi tena.”
13 ১৩ আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
Neno kuhusu Arabia: Enyi misafara ya Wadedani, mnaopiga kambi katika vichaka vya Arabia,
14 ১৪ তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
leteni maji kwa wenye kiu, ninyi mnaoishi Tema, leteni chakula kwa ajili ya wakimbizi.
15 ১৫ কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
Wanaukimbia upanga, kutoka upanga uliochomolewa alani, kutoka upinde uliopindwa, na kutoka kwenye joto la vita.
16 ১৬ সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
Hili ndilo Bwana analoniambia: “Katika muda wa mwaka mmoja, kama vile mtumishi aliyefungwa na mkataba angeihesabu, majivuno yote ya Kedari yatafikia mwisho.
17 ১৭ আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।
Wanaume wavutao pinde walionusurika, mashujaa wa Kedari, watakuwa wachache.” Bwana, Mungu wa Israeli, amesema.