< ইসাইয়া 21 >

1 সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
Якоже буря сквозе пустыню проходит, от пустыни исходящая из земли,
2 এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
страшно видение и жестоко поведася мне: преступаяй преступает, и беззаконнуяй беззаконствует: на мя Еламите, и послы Персстии на мя идут: ныне воздохну и утешу себе.
3 এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
Сего ради наполнишася чресла моя разслабления, и болезни прияша мя аки раждающую: неправдовах еже не слышати, потщахся еже не видети.
4 মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
Сердце мое заблуждает, и беззаконие погружает мя, душа моя стоит во страсе.
5 তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
Уготовите трапезу, ядите, пийте: воставше, князи, уготовите щиты,
6 কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
яко тако рече Господь ко мне: шед постави себе стража, и еже аще узриши, возвести.
7 যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
И узрех всадники конныя два, всадника на осляти и всадника на велблюде. Послушай слушанием многим
8 সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
и призови Урию на стражбу Господню. И рече: стоях выну день, и у полчища аз стоях всю нощь,
9 ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
и се, сам грядет (муж) всадник двоконный, и отвещав рече: паде, паде Вавилон, и вси кумиры его и вся рукотворенная его сокрушишася на земли.
10 ১০ হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
Послушайте, оставшиися, и болезнующии, услышите: еже слышах от Господа Саваофа, Бог Израилев возвести нам.
11 ১১ দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
Ко мне зови от Сиира: стрегите забрала.
12 ১২ প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
Стрегу заутра и нощию. Аще ищеши, ищи и у мене обитай.
13 ১৩ আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
В дубраве в вечер преспиши, или на пути Деданове.
14 ১৪ তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
Во сретение жаждущему воду принесите, живущии во стране Феманове, со хлебы сретайте бежащыя множества ради убиенных
15 ১৫ কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
и множества ради заблуждающих, и множества ради мечей и множества ради луков напряженных, и множества ради падших на сечи.
16 ১৬ সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
Яко сице рече Господь ко мне: еще лето (едино), якоже лето наемника, оскудеет слава сынов Кидарских,
17 ১৭ আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।
и останок луков сильных сынов Кидарских будет мал, яко Господь Бог Израилев глагола.

< ইসাইয়া 21 >