< ইসাইয়া 21 >
1 ১ সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
Beszéd a tenger pusztájáról. Mint viharok a délvidéken, akképp vonul, pusztából jő, félelmetes földről.
2 ২ এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
Kemény látomást jelentettek nekem: a hűtlenkedő hűtlenkedik, a pusztító pusztít; gyere föl Élám, ostromolj Média, minden sóhajtását megszűntettem!
3 ৩ এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
Azért telvék ágyékaim reszketése kínok fogtak el, mint a szülőnő kínjai, elszédültem, úgyhogy nem hallok, megrémültem, úgy hogy nem látok.
4 ৪ মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
Támolygott a szívem, borzadály ijesztett engem; kéjem estéjét remegéssé tette számomra.
5 ৫ তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
Rendezik az asztalt, terítik a terítőt, esznek-isznak – fel vezérek, kenjetek pajzsot!
6 ৬ কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
Mert így szólt hozzám az Úr: Menj, állíts föl őrt, amit látni fog, jelentse.
7 ৭ যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
ha lát nyargaló csapatot, egy pár lovast, szamáron nyargalókat, tevén nyargalókat, akkor figyeljen figyelemmel, nagy figyelemmel.
8 ৮ সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
És kiáltott mint oroszlán: Őrhelyen, Uram, állok én mindig nappal, és őrizetemen ott állok mind az éjszakákban.
9 ৯ ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
És íme itt jön egy nyargaló embercsapat, egy pár lovas. Ekkor megszólalt és mondta: Elesett, elesett Bábel és isteneinek mind a képeit földre zúzta!
10 ১০ হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
Oh, te megcsépeltem, szérűmnek fia, amit hallottam az Örökkévalótól a seregek urától, Izrael Istenétől, jelentettem nektek.
11 ১১ দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
Beszéd Dúmáról. Hozzám szólnak Széirből: őr, mennyire van az éjszaka, őr, mennyire van az éjszaka?
12 ১২ প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
Mondta az őr: Eljött a reggel meg az éjjel is; ha kérdeni akartok, kérdjetek, újból jöjjetek el.
13 ১৩ আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
Beszéd Arábiáról. Az erdőben, Arábiában háltok, dedániak karavánjai.
14 ১৪ তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
A szomjúhozó elé hoznak vizet; Téma országának lakói kenyerével mentek elé a bujdosónak.
15 ১৫ কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
Mert a kardok elől bujdostak el, a kirántott kard elől és a feszített íj elől, a háborúnak súlya elől.
16 ১৬ সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
Mert így szólt hozzám az Úr: Egy év múlva, a napszámos évei szerint, elenyészik Kédár egész dicsősége:
17 ১৭ আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।
Kédár vitéz fiai ifjainak megmaradt száma pedig csekély lesz, mert az Örökkévaló, Izrael Istene szólt.